হাৰগিলা সংৰক্ষণৰ সংকল্প: ড° পূৰ্ণিমা দেৱী বৰ্মনক সাক্ষাৎ বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

ড° পূৰ্ণিমা দেৱী বৰ্মনক সাক্ষাৎ কৰি বনমন্ত্ৰীগৰাকীয়ে হাৰগিলা সংৰক্ষণৰ বাবে চলি থকা প্ৰচেষ্টাসমূহৰ বিষয়ে আলোচনা কৰে

সোমবাৰে আন্তৰ্জাতিকভাৱে প্ৰশংসিত বন্যপ্ৰাণী সংৰক্ষণকৰ্মী ড° পূৰ্ণিমা দেৱী বৰ্মনক সাক্ষাৎ ৰাজ্যৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । এই সাক্ষাতত দুয়োগৰাকীয়ে ‘হাৰগিলা’ সংৰক্ষণৰ বাবে চলি থকা প্ৰচেষ্টাসমূহৰ বিষয়ে আলোচনা কৰে আৰু ৰাজ্যখনত বন্যপ্ৰাণী সংৰক্ষণৰ উদ্যোগসমূহ অধিক শক্তিশালী কৰাৰ উপায়সমূহ অন্বেষণ কৰে ।

উল্লেখ্য যে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কী বাত’ কাৰ্যসূচীত ড° বৰ্মনৰ এই কামৰ শলাগ লয় । প্ৰধানমন্ত্ৰীয়ে এই চৰাইটোৰ সৈতে জড়িত দীৰ্ঘদিনীয়া অন্ধবিশ্বাস আৰু নেতিবাচক ধাৰণাসমূহক প্ৰত্যাহ্বান জনাই জনসাধাৰণৰ মনোভাৱ সলনি কৰাত ড০ বৰ্মনৰ উল্লেখযোগ্য অৱদানৰ কথা স্বীকাৰ কৰে ।

বন মন্ত্ৰীগৰাকীৰ সৈতে হোৱা বৈঠকৰ সময়ত, ড° বৰ্মনে হাৰগিলা সংৰক্ষণৰ বৰ্তমানৰ স্থিতি, সম্প্ৰদায়ৰ নেতৃত্বত চলি থকা উদ্যোগসমূহ আৰু এই প্ৰজাতিটোক প্ৰভাৱিত কৰা প্ৰত্যাহ্বানসমূহৰ বিষয়ে অৱগত কৰে । তেওঁ সমগ্ৰ অসমত সংৰক্ষণৰ প্ৰচেষ্টাসমূহ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কেইবাটাও পৰামৰ্শও আগবঢ়ায় ।

ড০ বৰ্মনে কয় যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’-ত আমাৰ কামৰ কথা উল্লেখ কৰাত মই অতিশয় গৌৰৱান্বিত । মই অসমৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকো ধন্যবাদ জনাইছোঁ, যিয়ে আমাৰ সংৰক্ষণ যাত্ৰাক নিৰন্তৰ অনুসৰণ আৰু সমৰ্থন কৰি আহিছে । মই হৰগিলা সংৰক্ষণ সন্দৰ্ভত কেইবাটাও পৰামৰ্শ দিছিলোঁ আৰু মন্ত্ৰীগৰাকীয়ে বিভাগে এই পৰামৰ্শসমূহ ইতিবাচকভাৱে পৰীক্ষা কৰিব বুলি আশ্বাস দিয়ে ।”

উল্লেখ্যযোগ্য যে, ড° বৰ্মনে সন্মানীয় ‘নেচনেল জিঅ’গ্ৰাফিক ৱেফাইণ্ডাৰ বঁটা’ লাভ কৰাৰ পিছত মন্ত্ৰী বৰুৱাই তেওঁক অভিনন্দন জনাইছিল আৰু এই স্বীকৃতি কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেই গৌৰৱৰ বিষয় বুলি অভিহিত কৰিছিল ।

বৈঠকৰ পিছত মন্ত্ৰী বৰুৱাই কয় যে প্ৰধানমন্ত্ৰীয়ে ড০ বৰ্মনৰ কামৰ প্ৰশংসা কৰাটো অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু ই বিশ্বব্যাপী সংৰক্ষণ প্ৰচেষ্টাত ৰাজ্যখনৰ বৰ্ধিত অৱদানক প্ৰতিফলিত কৰে ।

তেওঁ লগতে কয় যে বন বিভাগে হাৰগিলা আৰু অন্যান্য বিপদাপন্ন প্ৰজাতিৰ দীৰ্ঘকালীন সুৰক্ষা নিশ্চিত কৰিবলৈ সংৰক্ষণকৰ্মী, গৱেষক আৰু স্থানীয় সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাব । এই বৈঠকত সম্প্ৰদায়-চালিত সংৰক্ষণৰ গুৰুত্ব আৰু ৰাজ্যখনৰ অনন্য বন্যপ্ৰাণী ঐতিহ্য সংৰক্ষণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা সামূহিক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হওতে সাৱধান;BNSS ৰ ১৬৩ ধাৰা জাৰি