শেষকৃত্য সম্পন্ন আয়াতুল্লাহ আলী খামেইনী; অন্তিম যাত্ৰাত লাখ লাখ লোক সমবেত

শেষকৃত্য সম্পন্ন আয়াতুল্লাহ আলী খামেইনীৰ; অন্তিম যাত্ৰাত লাখ লাখ লোক সমবেত

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া মাশাহাদৰ ইমাম ৰেজা মছজিদত অনুষ্ঠিত হয়। ইৰাণে বৃহস্পতিবাৰে তেওঁলোকৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীক মাশাহাদত অৱস্থিত ইমাম ৰেজাৰ দৰগাহ (শ্ৰাইন)ত সমাধিস্থ কৰে। এসপ্তাহ ধৰি চলা জানাজা সমদল আৰু শোকসভাৰ অন্তত তেওঁৰ এই অন্তিম বিদায় সম্পন্ন হয়। ২৮

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া মাশাহাদৰ ইমাম ৰেজা মছজিদত অনুষ্ঠিত হয়।

ইৰাণে বৃহস্পতিবাৰে তেওঁলোকৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীক মাশাহাদত অৱস্থিত ইমাম ৰেজাৰ দৰগাহ (শ্ৰাইন)ত সমাধিস্থ কৰে। এসপ্তাহ ধৰি চলা জানাজা সমদল আৰু শোকসভাৰ অন্তত তেওঁৰ এই অন্তিম বিদায় সম্পন্ন হয়। ২৮ ফেব্ৰুৱাৰীত যুদ্ধৰ প্ৰথম দিনাই আমেৰিকাৰ বিমান আক্ৰমণত খামেইনীৰ মৃত্যু হৈছিল।

খামেইনীৰ নশ্বৰ দেহ এখন ট্ৰাকত তুলি মাশাহাদৰ জনাকীৰ্ণ পথসমূহৰ মাজেৰে ইমাম ৰেজাৰ দৰগাহলৈ লৈ যোৱা হয়। এই সময়ছোৱাত ক’লা পোছাক পৰিহিত হাজাৰ হাজাৰ শোকাকুল লোকে ইৰাণী পতাকা, প্ৰয়াত নেতাগৰাকীৰ ছবি আৰু বৈপ্লৱিক শ্ল’গান সম্বলিত ৰঙা পোষ্টাৰ জোকাৰি অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰে।

২৮ ফেব্ৰুৱাৰীত তেহৰাণত থকা তেওঁৰ বাসগৃহত আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত খামেইনীৰ মৃত্যু হৈছিল। ইৰাণ আৰু আমেৰিকা-ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ প্ৰথম দিনাই এই আক্ৰমণ সংঘটিত হৈছিল। তেওঁৰ সৈতে পৰিয়ালৰ কেইবাজনো সদস্যও নিহত হৈছিল। পিছত তেওঁৰ পুত্ৰ মোজতবা খামেনেইক নতুন সৰ্বোচ্চ নেতা হিচাপে ঘোষণা কৰা হয়, কিন্তু উক্ত আক্ৰমণত তেওঁ আহত হোৱাৰ খবৰ ওলোৱাৰ পিছৰে পৰা তেওঁক ৰাজহুৱাভাৱে দেখা পোৱা হোৱা নাই আৰু তেওঁ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানসমূহতো উপস্থিত থকা নাই।

খামেইনীক ইমাম ৰেজাৰ দৰগাহ চৌহদত নিৰ্মিত সমাধিস্থলত জানাজা কৰা হয়। নৱম শতিকাত নিৰ্মিত এই ধৰ্মীয় স্থলীক ছিয়া মুছলমানসকলৰ আটাইতকৈ পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়, তালৈ প্ৰতি বছৰে লাখ লাখ তীৰ্থযাত্ৰী দৰ্শনৰ বাবে যায়। খামেইনীৰ জন্মও মাশাহাদতে হৈছিল আৰু তেওঁ প্ৰাৰম্ভিক ধৰ্মীয় শিক্ষাও ইয়াতেই গ্ৰহণ কৰিছিল।

লগতে পঢ়ক: আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ মিছাইল-ড্ৰোণ আক্ৰমণ

শেহতীয়া প্ৰৱন্ধসমূহ