ৰাজস্থান ৰয়েলছ, পঞ্জাৱ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ সন্মুখত এতিয়াও প্লে-অফৰ পথ খোলা আছে
আই পি এল (IPL 2026) এতিয়া একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছে । লীগ পৰ্যায়ত মাত্ৰ ৫খন খেল বাকী থকা অৱস্থাত চতুৰ্থ স্থানটো হস্তগত কৰিবলৈ এতিয়া ৪টা দলৰ মাজত যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি হৈছে । ৰাজস্থান ৰয়েলছ, পঞ্জাৱ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ সন্মুখত এতিয়াও প্লে-অফৰ পথ খোলা আছে । আনহাতে, দিল্লী কেপিটেলছৰ বাবে অংকটো গাণিতিকভাৱে জীয়াই থাকিলেও অতি দুৰ্বল নেট ৰান-ৰেটৰ (NRR) বাবে তেওঁলোকৰ আশা প্ৰায় নগণ্য ।
আহক চকু ফুৰাওঁ দলসমূহৰ সমীকৰণৰ ওপৰত :
ৰাজস্থান ৰয়েলছ (পইণ্ট : ১৪, খেল বাকী : ১ বনাম মুম্বাই)
ৰাজস্থানৰ ভাগ্য সম্পূৰ্ণৰূপে তেওঁলোকৰ নিজৰ হাতত আছে । দেওবাৰে মুম্বাই ইণ্ডিয়ানছক হৰুৱাব পাৰিলেই তেওঁলোকে ১৬ পইণ্টেৰে পোনপটীয়াকৈ প্লে-অফৰ টিকট পাব। আনকি গুজৰাট আৰু হায়দৰাবাদ হাৰিলে তেওঁলোকৰ শীৰ্ষ দুই স্থানলৈ যোৱাৰো সম্ভাৱনা আছে। কিন্তু যদি আৰ আৰ হাৰে, তেন্তে তেওঁলোকে আশা কৰিব লাগিব যাতে পঞ্জাৱ আৰু কলকাতা দুয়োটা দলেই নিজৰ খেলত পৰাজয়বৰণ কৰে।
পঞ্জাৱ কিংছ (পইণ্ট : ১৩, খেল বাকী : ১ বনাম লক্ষ্ণৌ)
একেৰাহে ৬খন খেলত হাৰিও পঞ্জাৱৰ আশা এতিয়াও জীয়াই আছে । শনিবাৰে লক্ষ্ণৌৰ বিৰুদ্ধে তেওঁলোকে জয়লাভ কৰিব লাগিব আৰু দেওবাৰে ৰাজস্থান হাৰিব লাগিব । পঞ্জাৱৰ নেট ৰান-ৰেট (+০.২২৭) বহুত ভাল হোৱা বাবে তেওঁলোক এক সুবিধাজনক স্থিতিত আছে ।
কলকাতা নাইট ৰাইডাৰ্ছ (পইণ্ট : ১৩, খেল বাকী : ১ বনাম দিল্লী)
মুম্বাইৰ বিৰুদ্ধে জয়েৰে কে কে আৰ দৌৰত টিকি আছে । দেওবাৰে দিল্লীক হৰুৱাৰ পিছত যদি ৰাজস্থান আৰু পঞ্জাৱ হাৰে, তেন্তে কলকাতা সহজেই কোৱালিফাই কৰিব । কিন্তু পঞ্জাৱে নিজৰ খেলখন জিকিলে, কলকাতা দিল্লীৰ বিৰুদ্ধে এক বৃহৎ ব্যৱধানত (অন্ততঃ ৫২ ৰ পৰা ৬১ ৰানত) জিকিব লাগিব ।
চেন্নাই ছুপাৰ কিংছ (পইণ্ট : ১২, খেল বাকী : ১ বনাম গুজৰাট)
চি এছ কেৰ পথ আটাইতকৈ কঠিন । তেওঁলোকক নিজৰ জয়ৰ উপৰিও ৰাজস্থান, পঞ্জাৱ আৰু কলকাতা- তিনিওটা দলৰে পৰাজয়ৰ প্ৰয়োজন । এই সকলোবোৰ মিলি গ’লে, চি এছ কেই মাত্ৰ ২৫ ৰানৰ এক সন্মিলিত ব্যৱধানত ৰাজস্থান ৰয়েলছক ৰান-ৰেটত পিছ পেলাই প্লে-অফত প্ৰৱেশ কৰিব পাৰিব ।
শীৰ্ষ দুই স্থানৰ বাবে গুজৰাট আৰু হায়দৰাবাদৰ যুঁজ-
আনহাতে, ১৬ পইণ্ট লাভ কৰা গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত দ্বিতীয় স্থান লাভৰ বাবে তীব্ৰ প্ৰতিযোগিতা চলিছে । গুজৰাটে চি এছ কেক ২০ ৰানত হৰুৱালে, হায়দৰাবাদে দ্বিতীয় স্থান পাবলৈ হ’লে আৰ চি বিক অন্ততঃ ৩৩ ৰানৰ ব্যৱধানত হৰুৱাব লাগিব ।
লীগ পৰ্যায়ৰ অন্তিম দিন ২৪ মে’ৰ পূৰ্বে প্লে-অফৰ এই অন্তিমখন ছবি স্পষ্ট নহ’ব, যাৰ বাবে ক্ৰীড়াপ্ৰেমীৰ মাজত উৎকণ্ঠা এতিয়া তুংগত ।
লগতে পঢ়ক : আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক টেষ্ট আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা









