শ্বাহৰুখ-আম্বানীৰ তালিকাত অন্তৰ্ভূক্ত উবৰ্শী ৰৌতেলাৰ নাম; ১২ কোটি টকাৰে এইখন বাহন ক্ৰয় কৰা প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী

বলীউডৰ হট অভিনেত্ৰী উবৰ্শী ৰৌতেলাই সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত তেওঁক গুলপীয়া পোছাক পিন্ধি ৰোলছ ৰয়েছ কুলিনান বাহন খনৰ পৰা ওলাই অহা দেখা গৈছে।

উৰ্বশী ৰৌতেলাই তেওঁৰ কাৰৰ কালেকশ্বনত এই বাহনখনো  যোগ দিছে। এই বাহনখন ক্ৰয়ৰ লগতে, উৰ্বশী ৰৌতেলাই শ্বাহৰুখ খান আৰু ব্যৱসায়ী মুকেশ আম্বানীৰ তালিকাত যোগদান কৰিছে।

এই দুয়োজন মহান ব্যক্তিত্বৰ ওচৰত এখন এখন ৰোলছ ৰয়েছ কুলিনান আছে। উৰ্বশী ৰৌতেলা এই বিলাসী বাহনখন ক্ৰয় কৰা প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী।

ইয়াৰ পূৰ্বে, বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান, ব্যৱসায়ী মুকেশ আম্বানী, অভিনেতা বিবেক অবেৰয়, অজয় দেৱগন, আল্লু অৰ্জুন আৰু টি-চিৰিজৰ গৰাকী ভূষণ কুমাৰকে ধৰি মাত্ৰ ৬ জন লোকৰ এই বিলাসী বাহনখন আছে।

উৰ্বশীৰ পূৰ্বে কোনো ভাৰতীয় অভিনেত্ৰীয়ে এই বিলাসী বাহনখন ক্ৰয় কৰিব পৰা নাই। উল্লেখনীয় যে ৰোলছ ৰয়েছ কুলিনানৰ মূল্য হৈছে ১২ কোটি টকা।

এই গাড়ীখনত আশ্চৰ্যকৰ বৈশিষ্ট্য আছে যিয়ে ইয়াক বিলাসী গাড়ীৰ তালিকাত অন্তৰ্ভুক্ত কৰে। ইয়াত ৬৭৫০ চিচি ইঞ্জিন আছে যি ৫০০০আৰপিএমত ৫৬৩ বিএইচপি শক্তি আৰু ১৬০০ আৰপিএমত ৮৫০ এনএম টৰ্ক প্ৰদান কৰে।

২৫ বছৰৰ পিছত শ্বাহৰুখ খানে এৰিলে মান্নাট; পৰিয়ালৰ সৈতে ভাড়াঘৰত থাকিব কিং খান

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে ২৫ টা বছৰে তেওঁৰ সপোনৰ ঘৰ মান্নাটত বাস কৰি আহিছে। ছুপাৰহিট ছবি য়েছ বছৰ শ্বুটিঙৰ সময়তেই অভিনেতা গৰাকীয়ে এই বাংলোটো পছন্দ কৰিছিল আৰু পিছত বাংলোটো শ্বাহৰুখ খানে ক্ৰয় কৰে।

শেহতীয়া ২৫ টা বছৰত তেওঁৰ প্ৰতিটো সৰু-বৰ আনন্দ এই ঘৰটোৰ উদযাপন কৰি আহিছে। দুখৰ মূহুৰ্তটো পৰিয়ালৰ সৈতে এই ঘৰটোতে তেওঁ সমাধানৰ পথ বিচাৰি পাইছে।

কিন্তু এতিয়া শ্বাহৰুখ খানে এই মান্নাট এৰিব বিচাৰিছে। শ্বাহৰুখ খানে শীঘ্ৰেই তেওঁৰ বিশাল বাংলো মান্নাটৰ পৰা স্থানান্তৰিত হ’ব আৰু তেওঁৰ পৰিয়ালৰ সৈতে মুম্বাইৰ বান্দ্ৰাৰ এটা ভাড়াঘৰত বাস কৰিব।

জানিব পৰা মতে তেওঁৰ বাংলোটো নৱীকৰণৰ কৰিব,যিটো সম্পূৰ্ণ হ’বলৈ দুবছৰত কৈ বেছি সময় লাগিব।নৱীকৰণৰ কাম এই বছৰৰ মে মাহৰ পৰা আৰম্ভ হ’ব আৰু বাংলোটোৰ কিছু ডাঙৰ পৰিৱৰ্তন কৰিব ।

যাৰ বাবে অভিনেতাজনে আদালতৰ পৰা অনুমতি ল’ব লগা হৈছিল।এতিয়া আদালতৰ অনুমতি পোৱাৰ পিছত ঘৰটোৰ কাম কৰিবলৈ ওলাইছে।

যাৰ বাবে শ্বাহৰুখ আৰু তেওঁৰ পৰিয়ালে বান্দ্ৰাৰ পালি পাহাৰ অঞ্চলৰ এটা বিলাসী এপাৰ্টমেণ্টৰ চাৰিমহলালৈ স্থানান্তৰিত হ’ব।

খবৰ অনুসৰি তেওঁ চলচ্চিত্ৰ প্ৰযোজক বাশু ভাগনানীৰ পৰা এই  বিলাসী এপাৰ্টমেণ্টো লীজত লৈছে।এপাৰ্টমেণ্টটো তিনি বছৰৰ বাবে লীজৰ বাবে লোৱা হৈছে, অৱশ্যে, তেওঁলোকে সেই ঠাইত ইমান দিন থাকিব নে নাই সেয়া জনা নাযায়।

পৰিয়ালৰ লগতে এই চাৰি মহলীয়া বিলাসী এপাৰ্টমেণ্টোত শ্বাহৰুখ খানৰ ষ্টাফ আৰু নিৰাপত্তাৰ টীমটোও থাকিব। এই চাৰি মহলীয়া বিলাসী এপাৰ্টমেণ্টোৰ বাবে কিং খানে মাহে ২৪ লাখ টকা ভাড়া দিব লাগিব।  

ক্ৰিকেট অনুৰাগীৰ বাবে ভালখবৰ ; অসমলৈ আহি আছে মহেন্দ্ৰ সিং ধোনী

ৰাজ্যৰ লাখ লাখ ক্ৰিকেট অনুৰাগীৰ বাবে আছে এটা ভালখবৰ। অসমলৈ আহি আছে মহেন্দ্ৰ সিং ধোনীৰ লগতে বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খান।

অতি কাষৰ পৰা অনুৰাগীসকলে চাব পাৰিব শ্বাহৰুখ খান আৰু মহেন্দ্ৰ সিং ধোনীক। কাৰণ গুৱাহাটীত অনুষ্ঠিত হ’ব IPLৰ দুখন কৈ হাইভল্টেজ মেচ। ২৬ আৰু ৩০ মাৰ্চত অনুষ্ঠিত হ’ব খেল দুখন।

২৬ মাৰ্চত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৩০ মাৰ্চত চেন্নাই ছুপাৰকিংছ সন্মুখিন হ’ব ৰাজস্থান ৰয়েলছৰ।

উল্লেখ্য যে আই পি এলৰ ১৮ সংখ্যক ছিজন আৰম্ভ হ’বলৈ হৈছে। ইতিমধ্যে বিচিচিআইয়ে উদ্বোধনী খেলৰ স্থান সন্দৰ্ভত তথ্য প্ৰদান কৰিছিল। কিন্তু তাৰিখ আৰু দলৰ বিষয়ে একো কোৱা হোৱা নাছিল।

কিন্তু এতিয়া এই সকলো কথা পোহৰলৈ আহিছে। আই পি এল ২০২৫ৰ প্ৰথমখন খেল ২২ মাৰ্চ শনিবাৰে অনুষ্ঠিত হ’ব, যিখন খেলত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত আৰম্ভ হ’ব।

লীগৰ নিয়ম অনুসৰি এই অ’পেনাৰ খেলখন ডিফেণ্ডিং চেম্পিয়নৰ ঘৰত অৰ্থাৎ কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত হ’ব।

এতিয়া অসমলৈ শ্বাহৰুখ খানৰ লগতে মহেন্দ্ৰ সিং ধোনী আহিব বুলি জানিব পাৰি ক্ৰিকেট প্ৰেমীৰ মাজত আনন্দৰ জোৱাৰ উঠিছে।

২৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ৰাহা কাপুৰৰ বাংলো; ‘মান্নাত’ আৰু ‘জলচা’কো পেলালে চেৰ

বলীউডৰ তাৰকাসকলৰ উজ্জ্বল পৃথিৱীৰ উন্মাদনা প্ৰায়ে অনুৰাগীসকলৰ ক্ষেত্ৰত দেখা যায়। চলচ্চিত্ৰ তাৰকাৰ ঘৰৰ পৰা দামী গাড়ীলৈকে, প্ৰায়ে আলোচনাৰ বিষয় হয়।

আজিও বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু অমিতাভ বচ্চনৰ বাংলোবোৰ অনুৰাগীৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। বলীউডৰ তাৰকাসকলৰ মাজত আটাইতকৈ ব্যয়বহুল ঘৰটোৰ গৰাকী হ’ল শ্বাহৰুখ খান।

কিন্তু এতিয়া এই অভিলেখটো সোনকালেই ভংগ হ’বলৈ গৈ আছে। ৰণবীৰ কাপুৰৰ প্ৰিয় ৰাহা কাপুৰৰ বিলাসী ঘৰটো সম্পূৰ্ণ হৈছে।

প্ৰায় ২৫০কোটি টকা ব্যয়েৰে নিৰ্মিত, এই ঘৰটো বলীউডৰ তাৰকাসকলৰ মাজত আটাইতকৈ ব্যয়বহুল হ’ব। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে এই ঘৰটো তেওঁলোকৰ আইতা কৃষ্ণ কাপুৰৰ নামেৰে নামাকৰণ কৰিছে।

অৱশ্যে, এই ঘৰটোৰ মালিকীস্বত্ব ৰাহাৰ নামত আছে বুলি কোৱা হৈছে। এই ঘৰটোৰ মূল্য শ্বাহৰুখ খানৰ বাংলো ‘মান্নাত’ আৰু অমিতাভ বচ্চনৰ বাংলো ‘জলচা’তকৈ বেছি হ’ব। এই ঘৰটো প্ৰায় সাজু হৈ উঠিছে।

ৰণবীৰ কাপুৰক অলপতে তেওঁৰ পত্নী আলিয়া ভট্ট, জীয়ৰী ৰাহা আৰু মাতৃ নীতুৰ সৈতে ঘৰটোত দেখা গৈছিল।এই তাৰকাসকলৰ ইয়ালৈ অহাৰ ভিডিঅ’বোৰো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে।

ঘৰটোৰ বাহিৰটো ধূসৰ আৰু অফ-হোৱাইট, ডাঙৰ খিৰিকী আৰু বেলকনিৰে ভৰ্তি। এই ৬ মহলীয়া ভৱনটো এতিয়া ৰণবীৰ আৰু আলিয়া ভাটৰ নতুন বাসস্থান হ’ব পাৰে।

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট বৰ্তমান সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘লাভ এণ্ড ৱাৰ’ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে। ছবিখনত মুখ্য চৰিত্ৰত বিকি কৌশলেও অভিনয় কৰিছে।

“শ্বাহৰুখ খানৰ সৈতে কাম কৰাটো কঠিন হৈ পৰিছে” ; শ্বাহৰুখ খানক লৈ ফাৰাহ খানে কিয় দিলে মন্তব্য? বন্ধুত্বত মেলিছে নেকি ফাট? 

বলীউডৰ কৰিঅ’গ্ৰাফাৰ ফাৰাহ খান বহু বছৰ ধৰি চলচ্চিত্ৰ উদ্যোগত আছে। এই সময়ছোৱাত কৰিঅ’গ্ৰাফাৰ গৰাকিয়ে  বহুতো আইকনিক গান কৰিছে।তেওঁৰ বেছিভাগ গান চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে মুক্তি দিয়া হৈছে। 

ফাৰাহে শ্বাহৰুখৰ সৈতে পৰিচালক হিচাপে তেওঁৰ প্ৰথম খন ছবি ‘মে হুঁ না’ নিৰ্মাণ কৰিছিল, যিখন চুপাৰ হিট হিচাপে প্ৰমাণিত হৈছিল। তাৰ পাছত, তেওঁলোক দুয়োজনে বহুতো চলচ্চিত্ৰ আৰু গানত কাম কৰিছে, যিবোৰ মানুহে বহুত ভাল পাইছে।

ফাৰাহ খান আৰু শ্বাহৰুখ খানৰ বন্ধুত্বো বহুত গভীৰ।তেওঁলোক দুয়োৰে বন্ধুত্ব বহুত পুৰণি, কিন্তু আজিও, ফাৰাহে কোনো কথাক লৈ ভয় কৰে।

শেহতীয়া এক সাক্ষাৎকাৰৰ সময়ত, ফাৰাহে শ্বাহৰুখৰ সৈতে তেওঁৰ বন্ধুত্ব আৰু অভিনেতা গৰাকীৰ সৈতে কাম কৰাৰ অভিজ্ঞতা ভাগ বতৰা কৰিছিল।

তেওঁ শ্বাহৰুখৰ সৈতে কাম কৰাটো এতিয়া এটা প্ৰত্যাহ্বান হিচাপে বৰ্ণনা কৰিছিল।তেওঁ কৈছিল যে  “শ্বাহৰুখৰ সৈতে কাম কৰাটো সদায়েই কঠিন আছিল।

পূৰ্বে একেলগে কাম কৰাটো কঠিন আছিল, কিন্তু এতিয়া ই আৰু অধিক কঠিন হৈ পৰিছে। যেতিয়াই আমি এটা গানত একেলগে কাম কৰোঁ,  আমাৰ ওপৰত চাপ কেৱল বাঢ়ি যায় কাৰণ আমি একেলগে বহুতো আইকনিক গান কৰিছো”।  

যেতিয়াই শ্বাহৰুখ খান আৰু ফাৰাহ খান ডাঙৰ পৰ্দাত একেলগে আহিছে, তেওঁলোকৰ কাম সকলোৱে ভাল পাইছে।