২৫ বছৰৰ পিছত শ্বাহৰুখ খানে এৰিলে মান্নাট; পৰিয়ালৰ সৈতে ভাড়াঘৰত থাকিব কিং খান

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে ২৫ টা বছৰে তেওঁৰ সপোনৰ ঘৰ মান্নাটত বাস কৰি আহিছে। ছুপাৰহিট ছবি য়েছ বছৰ শ্বুটিঙৰ সময়তেই অভিনেতা গৰাকীয়ে এই বাংলোটো পছন্দ কৰিছিল আৰু পিছত বাংলোটো শ্বাহৰুখ খানে ক্ৰয় কৰে। শেহতীয়া ২৫ টা বছৰত তেওঁৰ প্ৰতিটো সৰু-বৰ আনন্দ এই ঘৰটোৰ উদযাপন কৰি

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে ২৫ টা বছৰে তেওঁৰ সপোনৰ ঘৰ মান্নাটত বাস কৰি আহিছে। ছুপাৰহিট ছবি য়েছ বছৰ শ্বুটিঙৰ সময়তেই অভিনেতা গৰাকীয়ে এই বাংলোটো পছন্দ কৰিছিল আৰু পিছত বাংলোটো শ্বাহৰুখ খানে ক্ৰয় কৰে।

শেহতীয়া ২৫ টা বছৰত তেওঁৰ প্ৰতিটো সৰু-বৰ আনন্দ এই ঘৰটোৰ উদযাপন কৰি আহিছে। দুখৰ মূহুৰ্তটো পৰিয়ালৰ সৈতে এই ঘৰটোতে তেওঁ সমাধানৰ পথ বিচাৰি পাইছে।

কিন্তু এতিয়া শ্বাহৰুখ খানে এই মান্নাট এৰিব বিচাৰিছে। শ্বাহৰুখ খানে শীঘ্ৰেই তেওঁৰ বিশাল বাংলো মান্নাটৰ পৰা স্থানান্তৰিত হ’ব আৰু তেওঁৰ পৰিয়ালৰ সৈতে মুম্বাইৰ বান্দ্ৰাৰ এটা ভাড়াঘৰত বাস কৰিব।

জানিব পৰা মতে তেওঁৰ বাংলোটো নৱীকৰণৰ কৰিব,যিটো সম্পূৰ্ণ হ’বলৈ দুবছৰত কৈ বেছি সময় লাগিব।নৱীকৰণৰ কাম এই বছৰৰ মে মাহৰ পৰা আৰম্ভ হ’ব আৰু বাংলোটোৰ কিছু ডাঙৰ পৰিৱৰ্তন কৰিব ।

যাৰ বাবে অভিনেতাজনে আদালতৰ পৰা অনুমতি ল’ব লগা হৈছিল।এতিয়া আদালতৰ অনুমতি পোৱাৰ পিছত ঘৰটোৰ কাম কৰিবলৈ ওলাইছে।

যাৰ বাবে শ্বাহৰুখ আৰু তেওঁৰ পৰিয়ালে বান্দ্ৰাৰ পালি পাহাৰ অঞ্চলৰ এটা বিলাসী এপাৰ্টমেণ্টৰ চাৰিমহলালৈ স্থানান্তৰিত হ’ব।

খবৰ অনুসৰি তেওঁ চলচ্চিত্ৰ প্ৰযোজক বাশু ভাগনানীৰ পৰা এই  বিলাসী এপাৰ্টমেণ্টো লীজত লৈছে।এপাৰ্টমেণ্টটো তিনি বছৰৰ বাবে লীজৰ বাবে লোৱা হৈছে, অৱশ্যে, তেওঁলোকে সেই ঠাইত ইমান দিন থাকিব নে নাই সেয়া জনা নাযায়।

পৰিয়ালৰ লগতে এই চাৰি মহলীয়া বিলাসী এপাৰ্টমেণ্টোত শ্বাহৰুখ খানৰ ষ্টাফ আৰু নিৰাপত্তাৰ টীমটোও থাকিব। এই চাৰি মহলীয়া বিলাসী এপাৰ্টমেণ্টোৰ বাবে কিং খানে মাহে ২৪ লাখ টকা ভাড়া দিব লাগিব।  

শেহতীয়া প্ৰৱন্ধসমূহ