আজি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন; মন্নতৰ বাহিৰত অজস্ৰ অনুৰাগীৰ ভিৰ

আজি বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন; মন্নতৰ বাহিৰত অজস্ৰ অনুৰাগীৰ ভিৰ

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন বলীউডৰ “কিং খান” শ্বাহৰুখ খানৰ আজি ৬০ সংখ্যক জন্মদিন । প্ৰতি বছৰৰ দৰে এই দিনটো তেওঁৰ লাখ লাখ অনুৰাগীৰ বাবে এক বিশেষ উৎসৱতকৈ কোনো গুণে কম নহয় । অৱশ্যে এইবাৰৰ উদযাপন শ্বাহৰুখ খানৰ অনুৰাগীৰ বাবে অলপ নিৰাশাজনক আছিল । মন্নতৰ

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন

বলীউডৰ “কিং খান” শ্বাহৰুখ খানৰ আজি ৬০ সংখ্যক জন্মদিন । প্ৰতি বছৰৰ দৰে এই দিনটো তেওঁৰ লাখ লাখ অনুৰাগীৰ বাবে এক বিশেষ উৎসৱতকৈ কোনো গুণে কম নহয় । অৱশ্যে এইবাৰৰ উদযাপন শ্বাহৰুখ খানৰ অনুৰাগীৰ বাবে অলপ নিৰাশাজনক আছিল ।

মন্নতৰ বাহিৰত অনুৰাগীৰ ভিৰ-

জন্মদিনৰ দিনা প্ৰত্যেকবাৰৰ দৰে কিং খান খ্যাত শ্বাহৰুখ খানৰ বান্দ্ৰাস্থিত বাংলো ‘মন্নত’ৰ বাহিৰত তেওঁৰ এভূমুকি পাবলৈ অনুৰাগীৰ ব্যাপক ভিৰ পৰিলক্ষিত হয় । অৱশ্যে এইবাৰৰ দৃশ্য পূৰ্বৰ দৰে নাছিল । অনুৰাগী উপস্থিত আছিল যদিও শ্বাহৰুখ খানক তেওঁৰ বেলকনিত দেখা নগ’ল । উল্লেখ্য যে শ্বাহৰুখৰ ঘৰ ‘মন্নত’ত নিৰ্মাণ কাৰ্য চলি আছে । এইবাৰ ছুপাৰষ্টাৰগৰাকীয়ে আলিবাগস্থিত নিজৰ ফাৰ্ম হাউচত জন্মদিন উদযাপন কৰে ।

বৃহৎ জনসমাগম আৰু যান-জঁটৰ সমস্যাৰ বাবে এইবাৰ মুম্বাই আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰে । কোনো অনুৰাগীক মন্নতৰ গেটৰ কাষত থিয় হ’বলৈ দিয়া নহ’ল । অনুৰাগী গোট খোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক আঁতৰাবলৈ আৰম্ভ কৰে । অৱশ্যে ইয়াৰ পাছতো অনুৰাগীসকল ৰাজপথলৈ তেওঁলোকৰ প্ৰিয় নায়কগৰাকীৰ জন্মদিন উদযাপনৰ বাবে ৰাজপথলৈ ওলাই অহা দেখা যায় ।

আজি ৬০ বছৰ সম্পূৰ্ণ কৰা শ্বাহৰুখ খানৰ ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আছে লাখ লাখ অনুৰাগী । এই অভিনেতাগৰাকীয়ে সৰু পৰ্দাৰ ধাৰাবাহিক “চাৰ্কাছ”ৰ জৰিয়তে খ্যাতি অৰ্জন কৰাৰ পিছত ১৯৯২ চনত “দীৱানা” ছবিখনৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰে । তাৰ পিছৰ পৰা তেওঁ পিছলৈ ঘূৰি চাব লগা হোৱা নাই । “ডৰ” আৰু “বাজিগৰ”ত নেতিবাচক ভূমিকাত অভিনয় কৰাৰ পৰা আৰম্ভ কৰি “ৰোমাঞ্চৰ ৰজা” হোৱালৈকে তেওঁৰ এই যাত্ৰা সপোন পূৰণ হোৱাতকৈ কম নহয় ।

তেওঁ বলীউডৰ কালজয়ী ৰোমান্টিক ছবি যেনে “দিলৱালে দুলহনিয়া লে জায়েংগে”, “দিল টু পাগল হায়”, “কৰণ অৰ্জুন”ত অভিনয় কৰাৰ লগতে অতি শেহতীয়াকৈ “পাঠান” আৰু “জৱান”ৰ জৰিয়তে তেওঁ প্ৰমাণ কৰে যে তেওঁ একচনৰো “ৰজা” হৈ আছে ।

লগতে পঢ়ক : ১০ বছৰৰ পাছতো ‘বাহুবলী’ৰ শক্তি প্ৰদৰ্শন;পুনৰ মুক্তিৰ প্ৰথম দিনাই উপাৰ্জন ১০ কোটি টকা