যশৰ অনুৰাগীসকললৈ দুখবৰ; পিছুৱাই দিয়া হ'ল 'টক্সিক'ৰ মুক্তি তাৰিখ

যশৰ অনুৰাগীসকললৈ দুখবৰ; পিছুৱাই দিয়া হ’ল ‘টক্সিক’ৰ মুক্তি তাৰিখ

দক্ষিণৰ অভিনেতা যশৰ ছবি ‘টক্সিক: এ ফেয়াৰটেল ফৰ গ্ৰ’ন আপছ’ৰ বাবে যদি আপুনি আগ্ৰহেৰে অপেক্ষা কৰি আছে, তেন্তে এতিয়া আৰু অলপ অপেক্ষা কৰিব লাগিব। দক্ষিণৰ অভিনেতা যশ অভিনীত ছবি ‘টক্সিক: এ ফেয়াৰটেল ফৰ গ্ৰ’ন আপছ’ক লৈ অনুৰাগীৰ মাজত যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছিল।কিন্তু এতিয়া ছবিখনৰ

দক্ষিণৰ অভিনেতা যশৰ ছবি ‘টক্সিক: এ ফেয়াৰটেল ফৰ গ্ৰ’ন আপছ’ৰ বাবে যদি আপুনি আগ্ৰহেৰে অপেক্ষা কৰি আছে, তেন্তে এতিয়া আৰু অলপ অপেক্ষা কৰিব লাগিব।

দক্ষিণৰ অভিনেতা যশ অভিনীত ছবি ‘টক্সিক: এ ফেয়াৰটেল ফৰ গ্ৰ’ন আপছ’ক লৈ অনুৰাগীৰ মাজত যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছিল।কিন্তু এতিয়া ছবিখনৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে, যিয়ে অনুৰাগীক হতাশ কৰিছে।আচলতে বহু প্ৰত্যাশিত ছবি টক্সিক ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে।

ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পিছত মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

ৰকিং ষ্টাৰ যশৰ ছবি ‘টক্সিক:এ ফেয়াৰী টেল ফৰ গ্ৰ’ন-আপছ’ ইয়াৰ পূৰ্বে ১৯ মাৰ্চত মুক্তি পোৱাৰ কথা আছিল।ছবিখনে ধূৰন্ধৰ ২ৰ সৈতে তক্কৰ দিব লাগিছিল।

এই ডাঙৰ তক্কৰটো দেখি অনুৰাগীসকলো ছুপাৰ এক্সাইটেড হৈ আছিল।কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়া জুনলৈ পিছুৱাই দিয়া হৈছে।ছবিখনৰ নতুন মুক্তিৰ তাৰিখো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে নিৰ্মাতাসকলে। এতিয়া ৪ জুনত ছবিগৃহত মুক্তি পাব‘টক্সিক: এ ফেয়াৰটেল ফৰ গ্ৰ’ন আপছ’।

লগতে পঢ়ক: বিজয়-ৰশ্মিকাৰ অভ্যৰ্থনা অনুষ্ঠানলৈ নিমন্ত্ৰণ ভিআইপি, ভিভিআইপি তাৰকা;  অতিথি তালিকাৰ পৰা বাদ পৰিল বহু নাম