বিজয়-ৰশ্মিকাৰ অভ্যৰ্থনা অনুষ্ঠানলৈ নিমন্ত্ৰণ ভিআইপি, ভিভিআইপি তাৰকা; অতিথি তালিকাৰ পৰা বাদ পৰিল বহু নাম

বিজয়-ৰশ্মিকাৰ অভ্যৰ্থনা অনুষ্ঠানলৈ নিমন্ত্ৰণ ভিআইপি, ভিভিআইপি তাৰকা;  অতিথি তালিকাৰ পৰা বাদ পৰিল বহু নাম

বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাৰ বিবাহক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে। উদয়পুৰত ৰাজকীয় বিয়াৰ পিছত এতিয়া ৪ মাৰ্চত হায়দৰাবাদত ৰশ্মিকা আৰু বিজয়ে এক অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰিব। দক্ষিণৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় তাৰকা দম্পতী বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাই নিশ্চিত কৰিছে যে,৪ মাৰ্চত হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া

বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাৰ বিবাহক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে। উদয়পুৰত ৰাজকীয় বিয়াৰ পিছত এতিয়া ৪ মাৰ্চত হায়দৰাবাদত ৰশ্মিকা আৰু বিজয়ে এক অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰিব।

 দক্ষিণৰ চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় তাৰকা দম্পতী বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মাণ্ডন্নাই নিশ্চিত কৰিছে যে,৪ মাৰ্চত হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া তেওঁলোকৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান সম্পূৰ্ণ নিমন্ত্ৰণী পত্ৰৰ দ্বাৰা হ’ব।

অর্থাৎ যাৰ হাতত নিমন্ত্ৰণী পত্ৰখন থাকিব তেওঁলোকে হে তাত উপস্থিত থাকিব পাৰিব। এই সন্দৰ্ভত দম্পতীহালে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।তেওঁ কয় যে সমগ্ৰ দেশতে বিয়াখনক লৈ হোৱা প্ৰচণ্ড উত্তেজনা আৰু প্ৰশাসনৰ সৈতে আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।

চলচ্চিত্ৰ জগতৰ হাই প্ৰফাইল লোক এই অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিব।কটকটীয়া নিৰাপত্তাৰ মাজতে অনুষ্ঠিত হ’ব ৰশ্মিকা আৰু বিজয়ৰ অভ্যৰ্থনা।

জানিব পৰা মতে, যিসকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকেহে পাৰ্টিত উপস্থিত থাকিব পাৰিব। নিমন্ত্ৰণী পত্ৰ নেদেখুৱাকে কোনো লোককে অভ্যৰ্থনা অনুষ্ঠানত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। ইয়াৰ পূৰ্বে অভ্যৰ্থনা অনুষ্ঠানত চলচ্চিত্ৰ জগত, ৰাজনৈতিক আৰু প্ৰশাসনিক মহলৰ লোকক নিমন্ত্ৰণ কৰাৰ পৰিকল্পনা কৰা হৈছিল।

কিন্তু এতিয়া অতিথি তালিকা চুটি কৰা হৈছে।দম্পতীহালৰ বিবাহ সন্দৰ্ভত জনসাধাৰণৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ বাবে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

VIROSH ৰ নামত জাৰি কৰা এক বিবৃতিত কৈছে যে– বিৰোশ বিবাহ দেশৰ ভিতৰতে সৰ্বাধিক উদযাপিত অনুষ্ঠানত পৰিণত হৈছে। য’ত দম্পতীহালে সমগ্ৰ দেশবাসীৰ পৰা মৰম লাভ কৰিছিল ।

অভ্যৰ্থনা অনুষ্ঠানৰ বাবে প্ৰথমে তেলেগু, হিন্দী, তামিল, মালয়ালম আৰু কানাড়া উদ্যোগৰ চেলিব্ৰিটিসকলক নিমন্ত্ৰণ কৰাৰ পৰিকল্পনা কৰা হৈছিল,য’ত ৰাজনৈতিক জগতৰ নেতাসকলেও অংশগ্ৰহণ কৰিলে হয়।কিন্তু আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনাৰ অন্তত অতিথি তালিকাত সামান্য পৰিৱৰ্তন কৰা হৈছে।

আৰক্ষী বিষয়াসকলে পৰামৰ্শ দিয়ে যে ভিৰ বেচি নকৰিব,ট্ৰেফিক জাম হ’ব নোৱাৰিব আৰু কোনো নিৰাপত্তাৰ ভাবুকি থাকিব নোৱাৰিব।সেয়েহে কঠোৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন। আমন্ত্ৰণ পত্ৰ থকাসকলকহে অভ্যৰ্থনাত প্ৰৱেশৰ অনুমতি দিয়া হ’ব। নিমন্ত্ৰণ নকৰা লোকসকললৈ বিনম্ৰ অনুৰোধ যে তেওঁলোক অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত নহ’ব।

লগতে পঢ়ক: ‘এইবাৰ আমেৰিকা আৰু ইজৰাইলে সীমা অতিক্ৰম কৰিলে’; খেমেইনীৰ মৃত্যুত জাভেদ আখতাৰৰ প্ৰথম প্ৰতিক্ৰিয়া