হাতত ৰাইফল, চকুত আবেগ, মুখত ক্ৰোধ; 'বৰ্ডাৰ ২'ৰ বৰুণ ধাৱনৰ প্ৰথম লুক

হাতত ৰাইফল, চকুত আবেগ, মুখত ক্ৰোধ; ‘বৰ্ডাৰ ২’ৰ বৰুণ ধাৱনৰ প্ৰথম লুক

‘বৰ্ডাৰ ২’ৰ বৰুণ ধাৱনৰ প্ৰথম লুক ছানী দেউলৰ ছবি ‘বৰ্ডাৰ ২’ এ এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে,য’ত তেওঁৰ সৈতে আহন শ্বেট্টী, বৰুণ ধাৱন আৰু দিলজিৎ দোছাঞ্জৰ দৰে অভিনেতাকো দেখা যাব। ৫ নৱেম্বৰ বুধবাৰে গুৰু নানক জয়ন্তী উপলক্ষে বৰুণ ধাৱনৰ ‘বৰ্ডাৰ ২’ৰ ফাৰ্ষ্ট লুক মুক্তি লাভ

‘বৰ্ডাৰ ২’ৰ বৰুণ ধাৱনৰ প্ৰথম লুক

ছানী দেউলৰ ছবি ‘বৰ্ডাৰ ২’ এ এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে,য’ত তেওঁৰ সৈতে আহন শ্বেট্টী, বৰুণ ধাৱন আৰু দিলজিৎ দোছাঞ্জৰ দৰে অভিনেতাকো দেখা যাব।

৫ নৱেম্বৰ বুধবাৰে গুৰু নানক জয়ন্তী উপলক্ষে বৰুণ ধাৱনৰ ‘বৰ্ডাৰ ২’ৰ ফাৰ্ষ্ট লুক মুক্তি লাভ কৰিছে।আৰু ইয়াৰ লগে লগে ছবিখনৰ অভিনেতাগৰাকীৰ চৰিত্ৰৰ নামো নিৰ্মাতাসকলে প্ৰকাশ কৰিছে ।

সাধাৰণতে নিজৰ কমেডীৰে দৰ্শকক হাঁহিবলৈ বাধ্য কৰা বৰুণক এই পোষ্টাৰত একেবাৰে বেলেগ ষ্টাইলত দেখা গৈছে।

নিৰ্মাতাসকলে পোষ্টাৰখনৰ লগতে ছবিখনত বৰুণৰ চৰিত্ৰটোও উন্মোচন কৰিছে। অভিনেতা গৰাকীয়ে ছবিখনত হোছিয়াৰ সিং দহিয়াৰ চৰিত্ৰত অভিনয় কৰিছে।বৰুণৰ অনুৰাগী সকলে এই পোষ্টাৰখন বহুত ভাল পাইছে।

এই পোষ্টাৰৰ লগতে মেকাৰে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰিছে।নিৰ্মাতাসকলে প্ৰকাশ কৰা পোষ্টাৰ অনুসৰি, ২০২৬ৰ ২৩ জানুৱাৰীত ছবিগৃহত মুক্তি পাব ‘বৰ্ডাৰ ২’ ।

ছবিখনৰ প্ৰযোজক ভূষণ কুমাৰ আৰু কৃষণ কুমাৰে টি ছিৰিজ ফিল্মছ আৰু জে পি ফিল্মছৰ বেনাৰত ৰ ছবিখন নিৰ্মাণ কৰিছে।

লগতে পঢ়ক: ভাৰতৰ জয়ক লৈ উৎফুল্লিত বলীউড; বিগ বিৰ পৰা কংগনালৈ দিলে শুভকামনা