চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান
বলীউডৰ প্ৰবীণ অভিনেতা তথা হি-মেন হিচাপে বিখ্যাত চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ ৮৯ বছৰ বয়সত মৃত্যু হয় । মুম্বাইৰ ভিলে পাৰ্লে শ্মশানত প্ৰবীণ অভিনেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় । অমিতাভ বচ্চন, ছলমান খান, আমিৰ খান আৰু অক্ষয় কুমাৰৰ দৰে অভিনেতা এই সময়ছোৱাত উপস্থিত থাকে ।
উল্লেখ্য যে, কিছুদিনৰ পৰা অসুস্থ হৈ আছিল ধৰ্মেন্দ্ৰ । ১০ নৱেম্বৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁক মুম্বাইৰ ব্ৰিছ কেণ্ডি হাস্পতাল ভৰ্তি কৰা হৈছিল । ১২ নৱেম্বৰত ধৰ্মেন্দ্ৰক চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ দিয়া হয় আৰু চিকিৎসকে তেওঁক ঘৰতে অধিক চিকিৎসা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ।
অভিনেতা ধৰ্মেন্দ্ৰ জুহুৰ দেউল বাংলোত আছিল । তেওঁৰ পুত্ৰ ছানী দেউল তেওঁৰ লগত আছিল । তেওঁৰ প্ৰথম বিবাহৰ পৰা তেওঁৰ প্ৰথম পত্নী প্ৰকাশ আৰু কন্যাও তেওঁৰ আশে-পাশে আছিল । সোমবাৰে বিয়লি হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতিৰ খবৰ প্ৰকাশ পাই, তাৰ পিছত ঘৰৰ ভিতৰলৈ এখন এম্বুলেন্স যোৱা দেখা যায় । ইয়াৰ পিছত অভিনেতাগৰাকীৰ বাসগৃহৰ চাৰিওফালে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । তাৰ পিছতে ধৰ্মেন্দ্ৰৰ মৃত্যুৰ খবৰ প্ৰকাশ পায় ।
তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে অভিনেতা অমিতাভ বচ্চন আৰু অভিষেক বচ্চন মুম্বাইৰ ভিলে পাৰ্লে শ্মশানত উপস্থিত হয় । আনহাতে বলীউডৰ পৰিচালক তথা প্ৰযোজক কৰণ জোহৰে সামাজিক মাধ্যমযোগে ধৰ্মেন্দ্ৰৰ মৃত্যুত শোক প্ৰকাশ কৰে । কৰণে অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুত এটা যুগৰ অন্ত হোৱা বুলি উল্লেখ কৰে ।
৩০০তকৈয়ো অধিক ছবিত অভিনয়-
ধৰ্মেন্দ্ৰ হিন্দী চিনেমাৰ অন্যতম সন্মানীয় আৰু জনপ্ৰিয় তাৰকা আছিল । ৭ দশকতকৈয়ো অধিক সময়ৰ ভিতৰত তেওঁ ৩০০ৰো অধিক ছবিত কাম কৰিছিল, য’ত ‘শ্বোলে’, ‘চুপকে চুপকে’, ‘সীতা অৰ গীতা’, ‘ধৰম বীৰ’ আদি বহুতো ছুপাৰহিট ছবি আছিল ।
অহা মাহত মুক্তি পাব শেষৰখন ছবি-
৮৯ বছৰ বয়সতো অভনেতা ধৰ্মমন্দ্ৰ ছবিজগতত সক্ৰিয় আছিল । কিছু দিন পূৰ্বে তেওঁক ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ আৰু ‘তেৰী বাতন মেইন এইছা উলজা জিয়া’ ছবিত দেখা গৈছিল, য’ত তেওঁ নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিছিল । এতিয়া অমিতাভৰ নাতি অগস্ত্য নন্দৰ ছবি ‘ইককিছ’তো তেওঁক দেখা যাব । চলিত বছৰৰ ২৫ ডিচেম্বৰত মুক্তি পাবলগীয়া এইখন অভিনেতাজনৰ শেষ ছবি ।
লগতে পঢ়ক : আণ্ডাৰৱৰ্ল্ড ডনৰ ড্ৰাগছ পাৰ্টীত বলীউড চেলিব্ৰিটি; বিপদত দুই সুন্দৰী !









