কান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ : পুনৰ এবাৰ ৰেড কাৰ্পেটত ঐশ্বৰ্যৰ চমক

কান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ : পুনৰ এবাৰ ৰেড কাৰ্পেটত ঐশ্বৰ্যৰ চমক

এইবাৰো কানৰ ৰেড কাৰ্পেটত নিজৰ অনন্য ফেশ্বন শৈলীৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্যই বিশ্বৰ আটাইতকৈ সন্মানীয় ফেশ্বন আৰু চিনেমাৰ মঞ্চ ‘কান চলচ্চিত্ৰ মহোৎসৱ ২০২৬’ (Cannes Film Festival 2026)-ত পুনৰ এবাৰ জিলিকি উঠিল বলিউড তাৰকা ঐশ্বৰ্য ৰায় বচ্চন । প্ৰতিবাৰৰ দৰে এইবাৰো কানৰ

এইবাৰো কানৰ ৰেড কাৰ্পেটত নিজৰ অনন্য ফেশ্বন শৈলীৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্যই

বিশ্বৰ আটাইতকৈ সন্মানীয় ফেশ্বন আৰু চিনেমাৰ মঞ্চ ‘কান চলচ্চিত্ৰ মহোৎসৱ ২০২৬’ (Cannes Film Festival 2026)-ত পুনৰ এবাৰ জিলিকি উঠিল বলিউড তাৰকা ঐশ্বৰ্য ৰায় বচ্চন । প্ৰতিবাৰৰ দৰে এইবাৰো কানৰ ৰেড কাৰ্পেটত নিজৰ অনন্য ফেশ্বন শৈলীৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে প্ৰাক্তন মিছ ৱৰ্ল্ডগৰাকীয়ে । শেহতীয়াকৈ এটা ব্যতিক্ৰমী বগা পোছাকত কেমেৰাৰ সন্মুখত ধৰা দি অভিনেত্ৰীগৰাকীয়ে ফেশ্বন জগতত এক নতুন খলকনিৰ সৃষ্টি কৰিছে ।

ঐশ্বৰ্যৰ এই আকৰ্ষণীয় ৰূপক উচ্চ প্ৰশংসা কৰিছে ‘মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যন’ (Miss India Organisation)-এ । নিজৰ অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেলত অভিনেত্ৰীগৰাকীৰ ফটো শ্বেয়াৰ কৰি প্ৰতিষ্ঠানটোৱে ইয়াক “ৰাণীৰ দ্বাৰা আন এক উৎকৃষ্ট পৰিৱেশন” (yet another serve by the queen herself) বুলি অভিহিত কৰে । একে সময়তে তেওঁলোকে ঐশ্বৰ্যৰ এই উপস্থিতিক “মাৰ্জিত, প্ৰভাৱশালী আৰু চিৰন্তন” বুলিও বৰ্ণনা কৰে ।

সাধাৰণতে কানৰ ৰেড কাৰ্পেটত গ্লেমাৰাছ গাউনৰ পয়োভৰ দেখা যায়, কিন্তু এইবাৰ ঐশ্বৰ্যই বাচনি কৰিলে এক ব্যতিক্ৰমী পথ । বিখ্যাত ডিজাইনাৰ চেনে চ্যানৰ দ্বাৰা তৈয়াৰ কৰা এটা সুন্দৰ বগা পেন্টচুট পিন্ধি তেওঁ মঞ্চত প্ৰৱেশ কৰে ।

আধুনিক টেইলৰিং আৰু ভিন্টেজ চিনেমা গ্লেমাৰৰ এই সংমিশ্ৰণে ঐশ্বৰ্যৰ সমগ্ৰ লুকটোক এক অনন্য আৰু সাহসী মাত্ৰা প্ৰদান কৰিছে ।

পৰিচিত শৈলীৰ মুকলি বাদামী ঢৌখেলোৱা চুলি আৰু অত্যাধুনিক মেকআপেৰে কানৰ ঐতিহাসিক ৰেড কাৰ্পেটৰ খটখটিত অতি আত্মবিশ্বাসেৰে খোজ কাঢ়ি থকা ঐশ্বৰ্যৰ ফটো ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

উল্লেখ্য যে, এইবাৰক ধৰি ঐশ্বৰ্য ৰায় বচ্চনে কান চলচ্চিত্ৰ মহোৎসৱত ২৪ সংখ্যকবাৰৰ বাবে অংশগ্ৰহণ কৰিলে । আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য ব্ৰেণ্ড ‘ল’ৰিয়েল পেৰিছ’ (L’Oreal Paris) আৰু এই সন্মানীয় মহোৎসৱৰ সৈতে থকা তেওঁৰ দীৰ্ঘদিনীয়া ঐতিহাসিক সম্পৰ্কক এই উপস্থিতিয়ে পুনৰবাৰ প্ৰমাণ কৰিলে যে কিয় তেওঁক আজিও বিশ্ব ফেশ্বন জগতৰ অন্যতম আইকন বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক : কাঁ চলচ্চিত্ৰ মহোৎসৱত ভয়ংকৰ ঘটনা; মডেলৰ মুখমণ্ডলত কেঁচিৰে আক্ৰমণ