‘ওজন আৰু বয়সৰ দ্বাৰা বিচাৰ নকৰিব’; ঐশ্বৰ্য ৰায়ক ট্ৰলিঙক লৈ মাধুৰী দীক্ষিতৰ তীব্ৰ সমালোচনা

কান চলচ্চিত্ৰ মহোৎসৱত ঐশ্বৰ্য ৰায় বচ্চনৰ লুক সন্দৰ্ভত সন্মুখীন হোৱা ট্ৰলিঙৰ মাজতে তেওঁৰ সমৰ্থনত ওলাই আহিছে মাধুৰী দীক্ষিত।

কান ফিল্ম ফেষ্টিভেল ২০২৬ ত ঐশ্বৰ্য ৰায় বচ্চনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু তেওঁৰ লুকটোক লৈ ছচিয়েল মিডিয়াত কিছুমান লোকে তেওঁক ট্ৰ’লো কৰিছিল। ইয়াৰ মাজতে এতিয়া ‘দেৱদাস’ ছবিৰ সহ-অভিনেত্ৰী মাধুৰী দীক্ষিত ঐশ্বৰ্য ৰায় বচ্চনৰ সমৰ্থনত আগবাঢ়ি আহিছে। মাধুৰীয়ে স্পষ্টকৈ কয় যে ঐশ্বৰ্যক তেওঁৰ লুক বা বয়সৰ দ্বাৰা নহয়, বৰঞ্চ তেওঁৰ সাফল্যৰ দ্বাৰাহে চিনি পোৱা উচিত। মাধুৰীয়ে কয় যে ঐশ্বৰ্যই বিগত ২০ বছৰতকৈও অধিক সময় ধৰি কানত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে আৰু তেওঁ সমগ্ৰ বিশ্বতে দেশৰ নাম উজ্জ্বল কৰিছে।

মাধুৰীয়ে কয়,”ঐশ্বৰ্য এগৰাকী গ্ল’বেল ষ্টাৰ। মিছ ৱৰ্ল্ড হোৱাৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰালৈকে তেওঁ দেশক গৌৰৱান্বিত কৰিছে। আপোনালোকে ঐশ্বৰ্যক কেৱল তেওঁৰ ওজন, ড্ৰেছৰ চাইজ বা বয়সৰ সংখ্যাৰে জুখিব নোৱাৰে। তেওঁ ধুনীয়া আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল তেওঁ ভিতৰৰ পৰাও এগৰাকী ধুনীয়া মহিলা।”

আচলতে, কান ২০২৬ ৰ ৰেড কাৰ্পেটৰ পৰা ঐশ্বৰ্যৰ কিছুমান ফটো আৰু ভিডিঅ’ পোহৰলৈ অহাৰ পিছত ছচিয়েল মিডিয়াত কিছুমান লোকে তেওঁৰ লুক আৰু ওজন সন্দৰ্ভত মন্তব্য কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাধুৰীয়ে কয় যে এইধৰণৰ কথাই যুৱ প্ৰজন্মৰ মাজলৈ ভুল বাৰ্তা প্ৰেৰণ কৰে।

তেওঁ কয় “যেতিয়া আপুনি কাৰোবাৰ সাফল্যক বাদ দি কেৱল তেওঁৰ লুক বা চেহেৰাক লৈ কথা পাতে, তেন্তে আপুনি আজিৰ যুৱ প্ৰজন্মক কি শিকাইছে? কোনোবা এজন মানুহৰ মূল্য কেৱল তেওঁৰ চেহেৰাৰ দ্বাৰাই নিৰূপণ হয় নেকি? মই ভাবো এইটো একেবাৰেই ভুল বাৰ্তা।”

লগতে পঢ়ক: “অসাধাৰণ,এই বয়সত আমি টাং গুটিও খেলিব পৰা নাছিলো”; বৈভৱ সূৰ্যবংশীৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্চন

কান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ : পুনৰ এবাৰ ৰেড কাৰ্পেটত ঐশ্বৰ্যৰ চমক

এইবাৰো কানৰ ৰেড কাৰ্পেটত নিজৰ অনন্য ফেশ্বন শৈলীৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্যই

বিশ্বৰ আটাইতকৈ সন্মানীয় ফেশ্বন আৰু চিনেমাৰ মঞ্চ ‘কান চলচ্চিত্ৰ মহোৎসৱ ২০২৬’ (Cannes Film Festival 2026)-ত পুনৰ এবাৰ জিলিকি উঠিল বলিউড তাৰকা ঐশ্বৰ্য ৰায় বচ্চন । প্ৰতিবাৰৰ দৰে এইবাৰো কানৰ ৰেড কাৰ্পেটত নিজৰ অনন্য ফেশ্বন শৈলীৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে প্ৰাক্তন মিছ ৱৰ্ল্ডগৰাকীয়ে । শেহতীয়াকৈ এটা ব্যতিক্ৰমী বগা পোছাকত কেমেৰাৰ সন্মুখত ধৰা দি অভিনেত্ৰীগৰাকীয়ে ফেশ্বন জগতত এক নতুন খলকনিৰ সৃষ্টি কৰিছে ।

ঐশ্বৰ্যৰ এই আকৰ্ষণীয় ৰূপক উচ্চ প্ৰশংসা কৰিছে ‘মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যন’ (Miss India Organisation)-এ । নিজৰ অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেলত অভিনেত্ৰীগৰাকীৰ ফটো শ্বেয়াৰ কৰি প্ৰতিষ্ঠানটোৱে ইয়াক “ৰাণীৰ দ্বাৰা আন এক উৎকৃষ্ট পৰিৱেশন” (yet another serve by the queen herself) বুলি অভিহিত কৰে । একে সময়তে তেওঁলোকে ঐশ্বৰ্যৰ এই উপস্থিতিক “মাৰ্জিত, প্ৰভাৱশালী আৰু চিৰন্তন” বুলিও বৰ্ণনা কৰে ।

সাধাৰণতে কানৰ ৰেড কাৰ্পেটত গ্লেমাৰাছ গাউনৰ পয়োভৰ দেখা যায়, কিন্তু এইবাৰ ঐশ্বৰ্যই বাচনি কৰিলে এক ব্যতিক্ৰমী পথ । বিখ্যাত ডিজাইনাৰ চেনে চ্যানৰ দ্বাৰা তৈয়াৰ কৰা এটা সুন্দৰ বগা পেন্টচুট পিন্ধি তেওঁ মঞ্চত প্ৰৱেশ কৰে ।

আধুনিক টেইলৰিং আৰু ভিন্টেজ চিনেমা গ্লেমাৰৰ এই সংমিশ্ৰণে ঐশ্বৰ্যৰ সমগ্ৰ লুকটোক এক অনন্য আৰু সাহসী মাত্ৰা প্ৰদান কৰিছে ।

পৰিচিত শৈলীৰ মুকলি বাদামী ঢৌখেলোৱা চুলি আৰু অত্যাধুনিক মেকআপেৰে কানৰ ঐতিহাসিক ৰেড কাৰ্পেটৰ খটখটিত অতি আত্মবিশ্বাসেৰে খোজ কাঢ়ি থকা ঐশ্বৰ্যৰ ফটো ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

উল্লেখ্য যে, এইবাৰক ধৰি ঐশ্বৰ্য ৰায় বচ্চনে কান চলচ্চিত্ৰ মহোৎসৱত ২৪ সংখ্যকবাৰৰ বাবে অংশগ্ৰহণ কৰিলে । আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য ব্ৰেণ্ড ‘ল’ৰিয়েল পেৰিছ’ (L’Oreal Paris) আৰু এই সন্মানীয় মহোৎসৱৰ সৈতে থকা তেওঁৰ দীৰ্ঘদিনীয়া ঐতিহাসিক সম্পৰ্কক এই উপস্থিতিয়ে পুনৰবাৰ প্ৰমাণ কৰিলে যে কিয় তেওঁক আজিও বিশ্ব ফেশ্বন জগতৰ অন্যতম আইকন বুলি গণ্য কৰা হয় ।

লগতে পঢ়ক : কাঁ চলচ্চিত্ৰ মহোৎসৱত ভয়ংকৰ ঘটনা; মডেলৰ মুখমণ্ডলত কেঁচিৰে আক্ৰমণ

বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে ঐশ্বৰ্য ৰায়ে শ্বেয়াৰ কৰিলে ফটো;  বিবাহ বাৰ্ষিকীৰ বাবে দিলে বিশেষ পোষ্ট

ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন দীৰ্ঘদিন ধৰি তেওঁলোকৰ সম্পৰ্কৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।

এই বাতৰিটো যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল যেতিয়া দুয়োজনে পৃথকে পৃথকে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত উপস্থিত হৈছিল।

য’ত ঐশ্বৰ্যই কন্যা আৰাধ্যাৰ সৈতে বিয়াত উপস্থিত হৈছিল, আনহাতে অভিষেক পৰিয়ালসহ বিয়াত উপস্থিত হৈছিল। তাৰ পিছৰে পৰাই তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰে অনুৰাগীৰ মনত চৰ্চা লাভ কৰিছিল।

অৱশ্যে ইয়াৰ মাজতে দুয়োকে কিছু কিছু স্থানত একেলগে দেখা গৈছে, কিন্তু অনুৰাগীসকলে বিশ্বাস কৰিব পৰা নাই যে দুয়োৰে মাজত সকলো ঠিকেই আছে।

দুয়োৰে আজি ১৮ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপন কৰা হৈছে।২ বছৰ ডেটিং কৰি ২০০৭ চনত দুয়োৰে বিবাহপাশত আবদ্ধ হয়।

শেহতীয়াকৈ বিবাহৰ ১৮ বছৰীয়া জয়ন্তী উপলক্ষে ঐশ্বৰ্যই তেওঁৰ ইনষ্টাগ্ৰামত এখন পাৰিবাৰিক ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁক স্বামী অভিষেক আৰু কন্যা আৰাধ্যাৰ সৈতে দেখা গৈছে।

অৱশ্যে এই ছবিখন দেখাৰ পিছত একাংশ ব্যৱহাৰকাৰীয়ে এইখন এখন পুৰণি ছবি বুলি দাবী কৰিছে।এই ফটোখন শ্বেয়াৰ কৰাৰ সময়ত ঐশ্বৰ্যই কেপচনত মাত্ৰ এটা হাৰ্ট ইমোজি শ্বেয়াৰ কৰিছে।