কাঁ চলচ্চিত্ৰ মহোৎসৱত ভয়ংকৰ ঘটনা; মডেলৰ মুখমণ্ডলত কেঁচিৰে আক্ৰমণ

কাঁ চলচ্চিত্ৰ মহোৎসৱত ভয়ংকৰ ঘটনা; মডেলৰ মুখমণ্ডলত কেঁচিৰে আক্ৰমণ

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা এক ভয়ংকৰ ঘটনাৰ খবৰ পোহৰলৈ আহিছে। কাঁ মহোৎসৱ চলি থকাৰ মাজতে মডেলক আক্ৰমণ। দক্ষিণ আমেৰিকাৰ সৌন্দৰ্য্য ৰাণী আন্দ্ৰেয়া ডেল ভেলক লৈ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।ইয়াত আন্দ্ৰেয়াই অভিযোগ কৰিছে যে কাঁ চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ চেলিব্ৰিটি ষ্টাইলিষ্টে তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল বুলি

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা এক ভয়ংকৰ ঘটনাৰ খবৰ পোহৰলৈ আহিছে। কাঁ মহোৎসৱ চলি থকাৰ মাজতে মডেলক আক্ৰমণ।

দক্ষিণ আমেৰিকাৰ সৌন্দৰ্য্য ৰাণী আন্দ্ৰেয়া ডেল ভেলক লৈ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।ইয়াত আন্দ্ৰেয়াই অভিযোগ কৰিছে যে কাঁ চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ চেলিব্ৰিটি ষ্টাইলিষ্টে তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল বুলি অভিযোগ কৰিছে। ভেনিজুৱেলা আৰু মেক্সিকান সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি নিউয়ৰ্ক পোষ্টে এই তথ্য প্ৰকাশ কৰিছে।২৯ বছৰীয়া আন্দ্ৰেয়া ডেল ভেল হৈছে ২০২৫ চনৰ মিছ ভেনিজুৱেলাৰ খিতাপ বিজয়ী।

আন্দ্ৰেয়া ডেল ভেলৰ সৈতে জড়িত এই কথিত কাণ্ড মঙলবাৰ ১৯ মে’ত সংঘটিত হয়। ভাইৰেল ভিডিঅ’টোত মডেলগৰাকীয়ে হোটেলৰ কোঠাৰ পৰা কান্দি কান্দি কথা কৈ আছিল।তেওঁ মুখমণ্ডল তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল। ভিডিঅ’টোত মাৰপিট আৰু চিঞৰ-বাখৰৰ শব্দ শুনা গৈছিল। তেওঁ লগতে কয় যে তেওঁৰ বৰ্তমানৰ অৱস্থাৰ বাবে বিখ্যাত চেলিব্ৰিটি ষ্টাইলিষ্ট জিওভানি লাগুনা দায়ী। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে।  

লগতে পঢ়ক: তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ক বিৰাট কোহলীৰ বিশেষ উপহাৰ