ধৰ্মেন্দ্ৰৰ ঘৰৰ বাহিৰত পাপাৰাজ্জীৰ ভিৰ; ছানী দেওলৰ ধমক
ছানী দেওলৰ ধমক
যোৱা কেইদিনমানৰ পৰা কঠিন সময়ৰ মাজেৰে পাৰ হৈছে দেওল পৰিয়াল । বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক স্বাস্থ্যজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । ১০ নৱেম্বৰ সোমবাৰে ধৰ্মেন্দ্ৰক ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰা হয় । তেতিয়াৰ পৰাই তেওঁৰ পৰিয়ালকে ধৰি আন বহু অভিনেতা-অভনেত্ৰী তেওঁৰ ওচৰলৈ আহিছে । ইফালে ১১ নৱেম্বৰত ধৰ্মেন্দ্ৰৰ মৃত্যুৰ ভুৱা খবৰ ভাইৰেল হৈছিল । ইয়াৰ পিছতে ঈশা দেওল আৰু হেমা মালিনীয়ে সংবাদ মাধ্যম আৰু পাপাৰাজ্জীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছিল । ইয়াৰ পিছতে এতিয়া ছানী দেওলে নিজৰ মুম্বাইৰ ঘৰৰ বাহিৰত অপেক্ষাৰত ফটোগ্ৰাফাৰসকলৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে ।
পাপাৰাজ্জীৰ বিৰুদ্ধে ক্ষোভ ছানী দেওলৰ-
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ছানী দেওলৰ এটা ভিডিঅ’, য’ত তেওঁৰ খং উঠা দেখা গৈছে । ছানীয়ে ঘৰৰ বাহিৰত ৰৈ থকা ফটোগ্ৰাফাৰসকলক তেওঁ আৰু তেওঁৰ পৰিয়ালৰ গোপনীয়তাত অহৰহ হস্তক্ষেপ কৰাৰ বাবে তীব্ৰ সমালোচনা কৰা দেখা গৈছে । তেওঁ কোৱা শুনা গৈছে, “আপোনালোকৰ ঘৰত পিতৃ-মাতৃ আৰু সন্তান আছে । আপোনালোকে মূৰ্খৰ দৰে ভিডিঅ’ পঠিয়াইছে । লাজ নাই নেকি ?” আনহাতে অনুৰাগী আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ছানীৰ ক্ষোভৰ ন্যায্যতা প্ৰদান কৰিছে ।
উল্লেখ্য যে, কিছুদিন চিকিৎসাৰ অন্তত ১২ নৱেম্বৰ বুধবাৰে পুৱা ধৰ্মেন্দ্ৰক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয় । দেওল পৰিয়ালৰ সদস্যৰ লগতে শ্বাহৰুখ খান, ছলমান খান, আমিৰ খান, গোবিন্দাৰ দৰে অভিনেতাই তেওঁক চিকিৎসালয়ত সাক্ষাৎ কৰে । ডিচচাৰ্জৰ পিছত পৰিয়ালে এক বিবৃতিযোগে নিশ্চিত কৰে যে ধৰ্মেন্দ্ৰই ঘৰতে চিকিৎসা লাভ কৰি থাকিব ।
লগতে পঢ়ক : পুত্ৰ ববীৰ সৈতে এম্বুলেন্সত উঠি ঘৰ পালেহি অভিনেতা ধৰ্মেন্দ্ৰ
