‘বীৰু’ৰ স্বাস্থ্যৰ বুজ ল’বলৈ নিজেই গাড়ী চলাই হ’ল অমিতাভ বচ্চন
চিকিৎসালয়ৰ পৰা আজি ঘৰত উপস্থিত হয় বলীউডৰ হি-মেন ধৰ্মেন্দ্ৰ।যেতিয়াৰে পৰা অভিনেতা গৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়, তেতিয়াৰে পৰা তেওঁৰ স্বাস্থ্যৰ বুজ ল’বলৈ বহু তাৰকা উপস্থিত হৈছে।
আজি ‘বীৰু’ৰ স্বাস্থ্যৰ বুজ ল’বলৈ উপস্থিত হ’ল ‘জয়’ । অৰ্থাৎ ধৰ্মেন্দ্ৰক তেওঁক লগ কৰিবলৈ আহিছে বিগ বি অমিতাভ বচ্চন।

তিনিদিন ধৰি অনুৰাগীসকলে ‘জয়-বীৰু’ যুটিটো সম্পূৰ্ণ হোৱালৈ অপেক্ষা কৰি আছিল, বৰ্তমান ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ উন্নতি ঘটি তেওঁ ঘৰলৈ উভতি আহিছে।
ইফালে বুধবাৰে সন্ধিয়া ধৰ্মেন্দ্ৰ পুৰণি বন্ধু তথা ছুপাৰষ্টাৰ অমিতাভ বচ্চনক তেওঁৰ জুহুৰ ঘৰৰ সমীপত দেখা গ’ল।উল্লেখ্য যে ধৰ্মেন্দ্ৰৰ ঘৰৰ বাহিৰত বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
ভিডিঅ’টোত বিগ বিয়ে নিজে গাড়ী চলাই থকা দেখা গৈছিল।ধৰ্মেন্দ্ৰক লগ কৰিবলৈ মেগাষ্টাৰ গৰাকী অকলে আহি উপস্থিত হয়। কিন্তু ধৰ্মেন্দ্ৰৰ ঘৰৰ সন্মুখত পাপাৰাজী থকাৰ বাবে সোমাব নোৱাৰিলে বিগ বি।
লগতে পঢ়ক: ‘হাৰ্ড ৱৰ্কআউট স্বাস্থ্যৰ বাবে ভাল নহয়’; চিকিৎসালয়ৰ পৰা ৰিলিজ গোবিন্দাৰ









