হেমা মালিনীয়ে জনালে ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ খবৰ
মুম্বাইৰ ব্ৰিচ কেণ্ডি হস্পিতালত ভৰ্তি হোৱাৰ পিছতে ৮৯ বছৰীয়া অভিনেতা ধৰ্মেন্দ্ৰৰ স্বাস্থ্যক লৈ সম্প্ৰতি অনুৰাগীসকল চিন্তিত হৈ পৰিছে । সোমবাৰে এই খবৰ বিয়পি পৰাৰ পিছৰে পৰা দেওল পৰিয়ালৰ সদস্যই প্ৰবীণ অভিনেতাগৰাকীক চিকিৎসালয়ত সাক্ষাৎ কৰিছে । ইফালে ধৰ্মেন্দ্ৰৰ স্বাস্থ্য সন্দৰ্ভত ছ’চিয়েল মিডিয়াতো বিভিন্ন উৰাবাতৰি প্ৰচাৰ হৈছে । ইয়াৰ মাজতে ধৰ্মেন্দ্ৰৰ পত্নী তথা অভিনেত্ৰী, সাংসদ হেমা মালিনীয়ে অভিনেতাগৰাকীৰ স্বাস্থ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
ভেন্টিলেটৰত নাই ধৰ্মেন্দ্ৰ-
দেওল পৰিয়ালে জনাইছে যে ধৰ্মেন্দ্ৰ চিকিৎসালয়ত আছে, কিন্তু তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিছে । অৱশ্যে এতিয়াও চিকিৎসকে তেওঁক ঘৰলৈ যাবলৈ পৰামৰ্শ দিয়া নাই । ৪৮ ঘণ্টা ধৰি তেওঁ পৰ্যবেক্ষণত থাকিব । তেওঁৰ অৱস্থাৰ উন্নতি হৈছে । তেওঁ এতিয়া ভেণ্টিলেটৰত নাই ।
কি ক’লে হেমা মালিনীয়ে ?
সাংসদ তথা অভিনেতা ধৰ্মেন্দ্ৰৰ পত্নী হেমা মালিনীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত লিখিছে, “চিকিৎসালয়ত পৰ্যবেক্ষণত থকা ‘ধৰম জী’ক লৈ উদ্বেগ প্ৰকাশ কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছো । তেওঁক নিৰন্তৰ নিৰীক্ষণত ৰখা হৈছে আৰু আমি সকলোৱে তেওঁৰ লগত আছো । আপোনালোক সকলোকে অনুৰোধ জনাইছো যে তেওঁৰ মংগল আৰু সোনকালে আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰক ।”
উল্লেখ্য যে, বাৰ্ধ্যকৰ সৈতে জড়িত জটিলতাৰ বাবে দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছে কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰ । ১০ দিন পূৰ্বেও তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল । অনুৰাগীয়ে তেওঁৰ মংগল তথা আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে ।
লগতে পঢ়ক : গুৰুতৰভাৱে অসুস্থ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ; চিকিৎসালয়ত ভৰ্তি









