কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে পদ্ম বঁটা ২০২৬ । তিনিগৰাকী বৰেণ্য অসমীয়ালৈয়ো আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ পদ্ম সন্মান ।
গণৰাজ্য দিৱসৰ এদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে পদ্ম বঁটা ২০২৬ । বিভিন্ন ক্ষেত্ৰত সৱা আগবঢ়োৱা দেশৰ ৪৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে এই সন্মান । এই ঘোষণাৰ পিছতে আনন্দিত হৈ পৰিছে অসমবাসী । কিয়নো তিনিগৰাকী বৰেণ্য অসমীয়ালৈয়ো আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ পদ্ম সন্মান । এই খবৰে আনন্দিত কৰি তুলিছে ৰাজ্যবাসীক ।
বিশিষ্ট ভাস্কৰ্য শিল্পী, কলা নিৰ্দেশক নুৰুদ্দিন আমহেদলৈ আগবঢ়োৱা হৈছে পদ্ম সন্মান । লগতে সুকণ্ঠী গায়িকা, লোক শিল্পী পখিলা লেকথেপী আৰু বিশিষ্ট এৰী বিশেষজ্ঞ যোগেশ দেউৰীলৈয়ো আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ পদ্ম সন্মান ।
উল্লেখ্য যে, ‘অখ্যাত নায়ক’ শাখাত প্ৰায় ৪৫ জন লোকক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে । সাধাৰণ ভাৰতীয়ৰ অসাধাৰণ অৱদানক সন্মান জনোৱাৰ পৰম্পৰা অব্যাহত ৰাখি এইবাৰৰ পদ্ম বঁটাত দেশৰ প্ৰতিটো কোণৰ অখ্যাত বীৰসকলক স্বীকৃতি দিয়া হৈছে, যাৰ অৱদান এতিয়ালৈকে লাইমলাইটৰ বাহিৰত আছে ।
ব্যক্তিগত সংগ্ৰাম, কষ্ট, ট্ৰেজেডীৰ মাজতো এই সকলো বিশিষ্ট ব্যক্তিয়ে নিজৰ নিজৰ ক্ষেত্ৰত অসাধাৰণ কাম কৰাই নহয়, সমাজসেৱাক নিজৰ জীৱনৰ মিছন হিচাপে গঢ়ি তুলিছিল । ইয়াৰ ভিতৰত পিছপৰা শ্ৰেণীৰ লোক, দলিত সম্প্ৰদায়ৰ লোক, জনজাতীয় সম্প্ৰদায়ৰ লোক, দুৰ্গম অঞ্চলত বাস কৰা নাগৰিকো আছে ।
লগতে পঢ়ক : গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ব ভাৰতৰ শক্তি ! ফ্লাইপাষ্টত গৰজিব ৰাফেল আৰু চুখই-৩০









