পদ্মশ্ৰী সন্মান ল’বলৈ ৰাষ্ট্ৰপতি ভৱনলৈ কিয় নগ’ল ‘হিটমেন’? পোহৰলৈ আহিল আচল কাৰণ!

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈ যোৱা পদ্মশ্ৰী বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিয়ে এতিয়া ক্ৰীড়াপ্ৰেমীসকলৰ মাজত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে

অলপতে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈ যোৱা পদ্মশ্ৰী বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিয়ে এতিয়া ক্ৰীড়াপ্ৰেমীসকলৰ মাজত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে । বিগত ২৫ মে’ত দেশৰ চতুৰ্থ সৰ্বোচ্চ নাগৰিক সন্মান ‘পদ্মশ্ৰী’ বিতৰণৰ বাবে আয়োজন কৰা বিশেষ সমাৰোহত উপস্থিত নাথাকিল তাৰকা ক্ৰিকেটাৰগৰাকী । তেওঁৰ এই অনুপস্থিতিক লৈ বিভিন্ন মহলত নানান প্ৰশ্ন উত্থাপন হোৱাৰ পাছতে এতিয়া ইয়াৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিছে ।

ব্যস্ত ক্ৰীড়াসূচী আৰু আই পি এলৰ বাবেই হ’ল এই খেলিমেলি-

জানিব পৰা মতে, বৰ্তমানৰ ব্যস্ত ক্ৰীড়াসূচী আৰু শেহতীয়াকৈ সমাপ্ত হোৱা আই পি এল ২০২৬-ৰ বাবেই ৰোহিত শৰ্মাই উক্ত অনুষ্ঠানত অংশ ল’ব নোৱাৰিলে । চলিত বৰ্ষৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল হিটমেন-খ্যাত বেটাৰগৰাকীয়ে । উল্লেখযোগ্য যে, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হাৰমনপ্ৰীত কৌৰেও এই বৰ্ষত পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

এতিয়া কেতিয়া সন্মানিত কৰা হ’ব ৰোহিতক ?

পদ্ম বঁটা প্ৰদানৰ এক নিয়ম অনুসৰি, মাননীয় ৰাষ্ট্ৰপতিয়ে মনোনীত সকলো ব্যক্তিকে একেদিনাই এই সৰ্বোচ্চ সন্মানেৰে বিভূষিত নকৰে । বঁটা প্ৰাপকসকলৰ সুবিধা আৰু সময়সূচী অনুসায়ী ভিন্ন তাৰিখত বিভিন্ন দল বা বেচ (batch) হিচাপে এই বঁটাসমূহ বিতৰণ কৰা হয় ।

প্ৰাথমিক সূচী অনুসৰি ৰোহিত শৰ্মাক প্ৰথমটো বেচতে অন্তৰ্ভুক্ত কৰা হৈছিল । কিন্তু আই পি এলৰ অতি ব্যস্ত সূচীৰ বাবে তেওঁৰ নাম পৰৱৰ্তী এটা বেচত অন্তৰ্ভুক্ত কৰা হয় । চলিত বৰ্ষৰে পৰৱৰ্তী বেচৰ পদ্মশ্ৰী বঁটা প্ৰাপকসকলক যেতিয়া ৰাষ্ট্ৰপতি ভৱনত সন্মানিত কৰা হ’ব, তেতিয়া ৰোহিত শৰ্মাই উপস্থিত থাকি নিজৰ পদ্মশ্ৰী মেডেল আৰু প্ৰমাণপত্ৰ গ্ৰহণ কৰিব । অৱশ্যে এই পৰৱৰ্তী অনুষ্ঠান কেতিয়া অনুষ্ঠিত হ’ব, সেই তাৰিখ এতিয়ালৈকে চৰকাৰীভাৱে ঘোষণা কৰা হোৱা নাই ।

আই পি এল ২০২৬ত কেনে আছিল ৰোহিত শৰ্মাৰ প্ৰদৰ্শন ?

আই পি এল ২০২৬ ৰ ছিজনটো ৰোহিত শৰ্মা আৰু তেওঁৰ দল মুম্বাই ইণ্ডিয়ানছৰ বাবে বিশেষ সুখকৰ নাছিল । আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ৰোহিতে ছিজনৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচত খেলিবলৈ সক্ষম নহ’ল । সমগ্ৰ ছিজনটোত তেওঁ মাত্ৰ ৯ খন মেচ খেলি দুটা অৰ্ধশতকসহ ২৮৩ ৰান সংগ্ৰহ কৰে । আনহাতে, তেওঁৰ দল মুম্বাই ইণ্ডিয়ানছেও অত্যন্ত হতাশাজনক প্ৰদৰ্শন দাঙি ধৰি প্লে-অফৰ দৌৰৰ পৰা আটাইতকৈ প্ৰথমে বাহিৰ হোৱা দলসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক : আই পি এল ২০২৬: লীগ পৰ্যায়ৰ সামৰণি; অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত তীব্ৰ প্ৰতিযোগিতা

অসমৰ তিনি নক্ষত্ৰলৈ পদ্ম সন্মান…

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে পদ্ম বঁটা ২০২৬ । তিনিগৰাকী বৰেণ্য অসমীয়ালৈয়ো আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ পদ্ম সন্মান ।

গণৰাজ্য দিৱসৰ এদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে পদ্ম বঁটা ২০২৬ । বিভিন্ন ক্ষেত্ৰত সৱা আগবঢ়োৱা দেশৰ ৪৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে এই সন্মান । এই ঘোষণাৰ পিছতে আনন্দিত হৈ পৰিছে অসমবাসী । কিয়নো তিনিগৰাকী বৰেণ্য অসমীয়ালৈয়ো আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ পদ্ম সন্মান । এই খবৰে আনন্দিত কৰি তুলিছে ৰাজ্যবাসীক ।

বিশিষ্ট ভাস্কৰ্য শিল্পী, কলা নিৰ্দেশক নুৰুদ্দিন আমহেদলৈ আগবঢ়োৱা হৈছে পদ্ম সন্মান । লগতে সুকণ্ঠী গায়িকা, লোক শিল্পী পখিলা লেকথেপী আৰু বিশিষ্ট এৰী বিশেষজ্ঞ যোগেশ দেউৰীলৈয়ো আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ পদ্ম সন্মান ।

উল্লেখ্য যে, ‘অখ্যাত নায়ক’ শাখাত প্ৰায় ৪৫ জন লোকক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে । সাধাৰণ ভাৰতীয়ৰ অসাধাৰণ অৱদানক সন্মান জনোৱাৰ পৰম্পৰা অব্যাহত ৰাখি এইবাৰৰ পদ্ম বঁটাত দেশৰ প্ৰতিটো কোণৰ অখ্যাত বীৰসকলক স্বীকৃতি দিয়া হৈছে, যাৰ অৱদান এতিয়ালৈকে লাইমলাইটৰ বাহিৰত আছে ।

ব্যক্তিগত সংগ্ৰাম, কষ্ট, ট্ৰেজেডীৰ মাজতো এই সকলো বিশিষ্ট ব্যক্তিয়ে নিজৰ নিজৰ ক্ষেত্ৰত অসাধাৰণ কাম কৰাই নহয়, সমাজসেৱাক নিজৰ জীৱনৰ মিছন হিচাপে গঢ়ি তুলিছিল । ইয়াৰ ভিতৰত পিছপৰা শ্ৰেণীৰ লোক, দলিত সম্প্ৰদায়ৰ লোক, জনজাতীয় সম্প্ৰদায়ৰ লোক, দুৰ্গম অঞ্চলত বাস কৰা নাগৰিকো আছে ।

লগতে পঢ়ক : গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ’ব ভাৰতৰ শক্তি ! ফ্লাইপাষ্টত গৰজিব ৰাফেল আৰু চুখই-৩০

পি আৰ শ্ৰীজেশে পদ্ম ভূষণ আৰু অশ্বিনে লাভ কৰিলে পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতি মুৰ্মুৱে জনালে সন্মান

ভাৰতৰ প্ৰাক্তন হকী খেলুৱৈ পি আৰ শ্ৰীজেশক সোমবাৰে পদ্মভূষণ বঁটা প্ৰদান কৰাৰ বিপৰীতে ভাৰতৰ প্ৰাক্তন স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় । ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰীজেশ আৰু অশ্বিনক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । এই কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত আছিল । ক্ৰীড়াৰ প্ৰতি আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে শ্ৰীজেশ আৰু অশ্বিনে এই সন্মান লাভ কৰিছে । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ পদ্ম বঁটা ঘোষণা কৰিছিল য’ত শ্ৰীজেশ আৰু অশ্বিনৰ নামো অন্তৰ্ভুক্ত হৈছিল ।

ভাৰতৰ দ্বিতীয় সফল বলাৰ অশ্বিন-

যোৱা বছৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল অশ্বিনে । ভাৰতৰ সফল স্পীনাৰ সকলৰ ভিতৰত তেওঁ অন্যতম । টেষ্টত ভাৰতৰ দ্বিতীয় সফল বলাৰ হিচাপে নিজৰ কেৰিয়াৰ সমাপ্ত কৰে অশ্বিনে । ১০৬খন টেষ্ট মেচত অশ্বিনে ৫৩৭টা উইকেট দখল কৰাৰ লগতে টেষ্ট কেৰিয়াৰত ৬১৯টা উইকেট দখল কৰা প্ৰাক্তন স্পীনাৰ অনিল কুম্বলে ঠিক পিছতে আছে তেওঁ । বৰ্তমান আই পি এল ২০২৫ত অংশগ্ৰহণ কৰি থকা অশ্বিনে এই ছিজনত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক প্ৰতিনিধিত্ব কৰি আছে ।

দুবাৰৰ অলিম্পিক পদক বিজয়ী দলৰ অংশ আছিল শ্ৰীজেশ-

ভাৰতীয় হকী দলৰ দেৱাল হিচাপে পৰিচিত পি আৰ শ্ৰীজেশে যোৱা বছৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি অৱসৰৰ কথা ঘোষণা কৰিছিল । বৰ্তমান তেওঁ জুনিয়ৰ পুৰুষ হকী দলৰ মুখ্য প্ৰশিক্ষক । ২০১০ চনৰ বিশ্বকাপত অভিষেক ঘটোৱাৰ পাছত শ্ৰীজেশে ভাৰতৰ বহু স্মৰণীয় জয়ৰ অংশ হিচাপে কাম কৰি আহিছে, য’ত ২০১৪ চনৰ এছিয়ান গেমছত সোণৰ পদক আৰু ২০১৮ চনৰ জাকাৰ্টা-পালেম্বাঙত অনুষ্ঠিত এছিয়াডত ব্ৰঞ্জৰ পদক লাভ কৰিছিল । ২০১৮ চনত এছিয়ান চেম্পিয়নছ ট্ৰফীৰ যৌথ বিজয়ী দলৰ অংশ হোৱাৰ উপৰিও ২০১৯ চনত ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা এফ আই এইচ পুৰুষ ছিৰিজৰ ফাইনেল চেম্পিয়ন দলৰ অংশ হিচাপেও তেওঁ অংশগ্ৰহণ কৰিছিল ।

ইয়াৰ উপৰিও তেওঁ ২০২২ চনৰ কমনৱেলথ গেমছ আৰু ২০২৩ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত ৰূপৰ পদক লাভ কৰা দলৰ অংশ আছিল । ২০২২ চনৰ এছিয়ান গেমছত ভাৰতক সোণৰ পদক লাভ কৰাত সহায় কৰিছিল । ইয়াৰ পিছত তেওঁ পেৰিছ অলিম্পিকত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰে । ২০২১ চনত খেল ৰত্ন বঁটাৰে সন্মানিত হয় শ্ৰীজেশ । একে সময়তে ২০২২ চনত ২০২১ চনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় তেওঁ । টকিঅ’ অলিম্পিক আৰু পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা হকী দলটোৰ অংশ আছিল শ্ৰীজেশ ।

টীম ইণ্ডিয়াৰ কিংবদন্তি ৰবিচন্দ্ৰন অশ্বিনে লাভ কৰিব পদ্মশ্ৰী…জানক তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ বিষয়ে

ভাৰতীয় প্ৰাক্তন অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব । পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত নাম ঘোষণা কৰিছে গৃহ মন্ত্ৰালয়ে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছিল ৰবিচন্দ্ৰন অশ্বিনে । অৱশ্যে এতিয়া এইগৰাকী অফ স্পীনাৰক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হ’ব । ক্ৰিকেট ইতিহাসৰ সফল বলাৰৰ ভিতৰত গণ্য কৰা হয় ৰবিচন্দ্ৰন অশ্বিনক । বিশেষকৈ এই বলাৰগৰাকীৰ টেষ্ট অভিলেখ আছিল উৎকৃষ্ট ।

টেষ্ট মেচৰ উপৰিও এইগৰাকী খেলুৱৈয়ে এদিনীয়া আৰু টি-২০ ফৰ্মেটতো টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছিল । চেন্নাই ছুপাৰ কিংছৰ উপৰিও ৰবি অশ্বিনে আই পি এলত ৰাইজিং পুনে ছুপাৰ জায়েণ্টছ, পঞ্জাব কিংছ, দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ অংশ হিচাপেও অংশগ্ৰহণ কৰিছিল ।

ৰবি অশ্বিনৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ-

১০৬খন টেষ্ট মেচৰ উপৰিও ৰবি অশ্বিনে ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰি ১১৬খন এদিনীয়া আৰু ৬৫খন টি-২০ মেচত অংশ লৈছিল । টেষ্ট মেচত ৰবি অশ্বিনে ২৪.০১ গড়ে অভিলেখ সৃষ্টিকাৰী ৫৩৭ বেটছমেনৰ উইকেট দখল কৰে । এই ফৰ্মেটত তেওঁ ৩৭ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে । আনহাতে, এদিনীয়া ফৰ্মেটত ৰবি অশ্বিনে গড়ে ৩৩.২১ আৰু ইকনমি ৪.৯৩ ৰে ১৫৬টা উইকেট দখল কৰে । আনহাতে ভাৰতৰ হৈ টি-২০ মেচত তেওঁ ৬.৯১ ইকনমি আৰু গড়ে ২৩.২২ ৰে ৭২টা উইকেট দখল কৰে ।

ইয়াৰ উপৰিও আই পি এলত ২১১ খন খেলত ১৮০ টা উইকেট দখল কৰিছে ৰবি অশ্বিনে । এই প্ৰতিযোগিতাত ৰবি অশ্বিনে ৭.১২ ইকনমি আৰু গড়ে ২৯.৮৩ ৰে বলিং কৰিছে । একে সময়তে ভাৰতৰ হৈ টেষ্ট, এদিনীয়া আৰু টি-২০ ফৰ্মেটত ৰবি অশ্বিনে ক্ৰমে ৩৫০৩, ৭০৭ আৰু ১৮৪ ৰান সংগ্ৰহ কৰিছে । টেষ্ট ফৰ্মেটত ৬টা শতক অৰ্জন কৰিছে ৰবি অশ্বিনে । লগতে ১৪ বাৰ পঞ্চাশ ৰানৰ সীমা অতিক্ৰম কৰিছে তেওঁ ।

জানক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণৰ পাৰ্থক্য…কোনে লাভ কৰে এই বঁটা ?

প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে চৰকাৰে বিশিষ্ট ব্যক্তিসকলক তেওঁলোকৰ ভাল কামৰ বাবে সন্মান জনায় । নিজৰ নিজৰ ক্ষেত্ৰত উৎকৃষ্ট কাম কৰা লোকসকলক কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে পদ্ম বঁটাৰে সন্মানিত কৰে । এইবাৰো গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে পদ্ম বঁটা ঘোষণা কৰিছে । এইবাৰ গণৰাজ্য দিৱস উপলক্ষে ৭ গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বিভূষণ, ১৯ গৰাকীক পদ্ম ভূষণ আৰু ১১৩ গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে । কিন্তু এই তিনিটা বঁটাৰ মাজত কি পাৰ্থক্য আছে আপুনি জানেনে ?  ১৯৫৪ চনৰ পৰা প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা পদ্ম বঁটা অৰ্থাৎ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ ভিতৰত অন্যতম ।

তিনিটা শ্ৰেণীত বঁটা প্ৰদান কৰা হয়-

কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজকৰ্ম, বিজ্ঞানকে ধৰি বহু ক্ষেত্ৰত ব্যতিক্ৰমী কৃতিত্ব অৰ্জন কৰা আৰু অসাধাৰণ কাম কৰা সকলক পদ্ম বঁটা প্ৰদান কৰা হয় । পদ্ম বিভূষণ সাধাৰণ আৰু বিশিষ্ট সেৱাৰ বাবে দিয়া হয় । আনহাতে, পদ্মভূষণ উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে আৰু পদ্মশ্ৰী বিশিষ্ট সেৱাৰ বাবে দিয়া হয় । শিল্প, সাহিত্য, শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজ সেৱা, বিজ্ঞান, অভিযান্ত্ৰিক, ৰাজহুৱা কাম, অসামৰিক সেৱা, ব্যৱসায় আৰু উদ্যোগকে ধৰি বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী কৃতিত্ব বা সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হয় । এই বঁটা তিনিটা শ্ৰেণীত প্ৰদান কৰা হয় ।

১) পদ্ম বিভূষণঃ পদ্ম বিভূষণ ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা । ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে দিয়া হয় পদ্ম বিভূষণ ।

২) পদ্মভূষণঃ পদ্ম ভূষণ ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা । উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে পদ্মভূষণ আৰু বিশিষ্ট সেৱাৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় ।

৩) পদ্মশ্ৰীঃ সাধাৰণতে কোনো কোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে পদ্মশ্ৰী বঁটা দিয়া হয় । এই বঁটাৰ বাবে নিৰ্বাচিত ব্যক্তিজনে নিজৰ ক্ষেত্ৰখনত উল্লেখযোগ্য অৱদান আগবঢ়াই । এই বঁটা সমাজত ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই অনা লোকক প্ৰদান কৰা হয় ।

এই সন্মান কোনে লাভ কৰে ?

এই সন্মান মূলতঃ শিল্প, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজকৰ্ম, চিকিৎসা, ব্যৱসায় আৰু উদ্যোগ আদি ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে দিয়া হয় । গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি যিকোনো ব্যক্তি এই বঁটাৰ বাবে যোগ্য । কিন্তু চৰকাৰী কৰ্মচাৰীয়ে সেই পদত থকালৈকে এই বঁটাৰ বাবে যোগ্য নহয় । অৱশ্যে ইয়াৰ পৰা ৰেহাই দিয়া হৈছে চিকিৎসক আৰু বিজ্ঞানীসকলক ।

এইবাৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৭ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ১৯ গৰাকীক পদ্মভূষণ আৰু ১১৩ গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে ।

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে পদ্ম বঁটা…জানক কোনে কোনে লাভ কৰিছে বঁটা

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শনিবাৰে (২৫ জানুৱাৰী ২০২৫) পদ্ম বঁটা ২০২৫ৰ বিজয়ীসকলৰ নাম কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে । দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা তিনিটা শাখাত প্ৰদান কৰা হয়- পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী । ভীম সিং ভৱেশ, ডাঃ নীৰজা ভাটলা, খেলুৱৈ হৰবিন্দৰ সিঙে লাভ কৰিছে পদ্ম বঁটা ।

এই বঁটা শিল্প, সমাজ সেৱা, জনসংযোগ, বিজ্ঞান, অভিযান্ত্ৰিক, ব্যৱসায়, উদ্যোগ, চিকিৎসা, সাহিত্য, শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰত মহান কাম কৰা সকলক প্ৰদান কৰা হয় । গৃহ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কুৱেইটৰ যোগ সাধক শ্বেখা এ জে আল চাবাহ, উত্তৰাখণ্ডৰ ট্ৰেভেল ব্লগাৰ দম্পতী হিউ আৰু কলিন গেণ্টজাৰক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব ।

এই মহান ব্যক্তিসকলক জনোৱা হ’ব সন্মান-

ভক্তি গায়ক ভেৰু সিং চৌহান, সাংবাদিক ভীম সিং ভৱেশ, ঔপন্যাসিক জগদীশ যোশিলা, ছাৰ্ভাইকেল কেন্সাৰৰ অধিবক্তা নীৰজা ভাটলা আৰু কুৱেইটৰ যোগ থেৰাপিষ্ট শ্বেখা এ জে আল ছাবাহো পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকাত আছে । নাগালেণ্ডৰ ফলমূলৰ খেতিয়ক এল হেংথিং, পুডুচেৰীৰ বাদ্যযন্ত্ৰবাদক পি ডাটচানামূৰ্তি, মধ্যপ্ৰদেশৰ সামাজিক উদ্যোগী চেলি হোলকাৰ, মাৰাঠী সাহিত্যিক মাৰুতি ভূজাংগৰাও চিতাম্পল্লী আদিৰ নাম পদ্ম বঁটা বিজয়ী তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ।

বিলাস ডাংৰে, ভেংকপ্পা আম্বাজী সুগেটকাৰ, হৰিমন শৰ্মা, জুমডে যোমগাম গামলিন, নৰেণ গুৰুং আৰু জগদীশ যোশিলা, বতুল বেগম, পণ্ডিত ৰাম মাণ্ডৱী, নিৰ্মলা দেৱী আন বিশিষ্ট ব্যক্তিসকলক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হ’ব ।

জগদীশ যোশিলাঃ সাহিত্য আৰু শিক্ষা (নিমাৰী) মধ্যপ্ৰদেশ ।

জোনাছ মাছেট্টি: আধ্যাত্মিকতা, ব্ৰাজিলৰ বেদান্ত গুৰু ।

পি ডাটচানামূৰ্তি: কলা (সংগীত), থাভিল, পুডুচেৰী ।

নীৰজা ভাটলা: চিকিৎসা (স্ত্ৰীৰোগ), দিল্লী ।

শ্বেইখা এ জে আল চাবাহ: চিকিৎসা (যোগ) কুৱেইট ।

হিউ আৰু কলিন গেণ্টজাৰ: সাহিত্য আৰু শিক্ষা, ভ্ৰমণ, উত্তৰাখণ্ড ।

হৰিমন শৰ্মাঃ কৃষি, আপেল, হিমাচল প্ৰদেশ ।

নৰেণ গুৰুং: কলা-গায়ন (লোক-নেপালী), ছিকিম ।

হৰবিন্দৰ সিং: ক্ৰীড়া (অক্ষম), আৰ্চাৰী, হাৰিয়ানা ।

বিলাস ডাংৰে: চিকিৎসা, হোমিঅ’পেথী, মহাৰাষ্ট্ৰ ।

ভেৰু সিং চৌহান: কলা (গায়ন) নিৰ্গুন, মধ্যপ্ৰদেশ ।

জুমদে যোমগাম গামলিমঃ সমাজ সেৱা, অৰুণাচল প্ৰদেশ ।

এল হেংথিং:(কৃষি) ফল, নাগালেণ্ড ।

ভেংকপ্পা আম্বাজী সুগেটকাৰ: কলা (কণ্ঠ)গোন্ধালী, কৰ্ণাটক ।

ভীম সিং ভৱেশঃ সমাজ সেৱা, দলিত, বিহাৰ ।

তালিকাত থকা এই নামবোৰৰ বাহিৰেও গকুল চন্দ্ৰ দাস (পৰম্পৰাগত সংগীত), ভেলু আসানা (পৰম্পৰাগত সংগীত), ভীমৱ দোদ্দাবালপ্পা (ফটোগ্ৰাফী), পাৰমাৰ লাভজীভাই নাগজীভাই (বয়ন শিল্প), বিজয়লক্ষ্মী দেশমানে (কেন্সাৰৰ বিৰুদ্ধে যুঁজ), চেত্ৰাম দেৱচন্দ পাৱাৰ (গছ ৰোপণ), পাণ্ডী ৰাম মাণ্ডৱী (বাদ্যযন্ত্ৰ নিৰ্মাতা), ৰাধা ভাভি ভট্ট (মহিলা সৱলীকৰণ), সুৰেশ সোণী (কৰ’না ৰোগীৰ সেৱা)ও অন্তৰ্ভুক্ত কৰা হৈছে । এই বঁটাসমূহ সাধাৰণতে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হয় ।