টীম ইণ্ডিয়াৰ কিংবদন্তি ৰবিচন্দ্ৰন অশ্বিনে লাভ কৰিব পদ্মশ্ৰী...

টীম ইণ্ডিয়াৰ কিংবদন্তি ৰবিচন্দ্ৰন অশ্বিনে লাভ কৰিব পদ্মশ্ৰী…জানক তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ বিষয়ে

ভাৰতীয় প্ৰাক্তন অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব । পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত নাম ঘোষণা কৰিছে গৃহ মন্ত্ৰালয়ে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছিল ৰবিচন্দ্ৰন অশ্বিনে । অৱশ্যে এতিয়া এইগৰাকী অফ স্পীনাৰক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা

ভাৰতীয় প্ৰাক্তন অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব । পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত নাম ঘোষণা কৰিছে গৃহ মন্ত্ৰালয়ে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছিল ৰবিচন্দ্ৰন অশ্বিনে । অৱশ্যে এতিয়া এইগৰাকী অফ স্পীনাৰক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হ’ব । ক্ৰিকেট ইতিহাসৰ সফল বলাৰৰ ভিতৰত গণ্য কৰা হয় ৰবিচন্দ্ৰন অশ্বিনক । বিশেষকৈ এই বলাৰগৰাকীৰ টেষ্ট অভিলেখ আছিল উৎকৃষ্ট ।

টেষ্ট মেচৰ উপৰিও এইগৰাকী খেলুৱৈয়ে এদিনীয়া আৰু টি-২০ ফৰ্মেটতো টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছিল । চেন্নাই ছুপাৰ কিংছৰ উপৰিও ৰবি অশ্বিনে আই পি এলত ৰাইজিং পুনে ছুপাৰ জায়েণ্টছ, পঞ্জাব কিংছ, দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ অংশ হিচাপেও অংশগ্ৰহণ কৰিছিল ।

ৰবি অশ্বিনৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ-

১০৬খন টেষ্ট মেচৰ উপৰিও ৰবি অশ্বিনে ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰি ১১৬খন এদিনীয়া আৰু ৬৫খন টি-২০ মেচত অংশ লৈছিল । টেষ্ট মেচত ৰবি অশ্বিনে ২৪.০১ গড়ে অভিলেখ সৃষ্টিকাৰী ৫৩৭ বেটছমেনৰ উইকেট দখল কৰে । এই ফৰ্মেটত তেওঁ ৩৭ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে । আনহাতে, এদিনীয়া ফৰ্মেটত ৰবি অশ্বিনে গড়ে ৩৩.২১ আৰু ইকনমি ৪.৯৩ ৰে ১৫৬টা উইকেট দখল কৰে । আনহাতে ভাৰতৰ হৈ টি-২০ মেচত তেওঁ ৬.৯১ ইকনমি আৰু গড়ে ২৩.২২ ৰে ৭২টা উইকেট দখল কৰে ।

ইয়াৰ উপৰিও আই পি এলত ২১১ খন খেলত ১৮০ টা উইকেট দখল কৰিছে ৰবি অশ্বিনে । এই প্ৰতিযোগিতাত ৰবি অশ্বিনে ৭.১২ ইকনমি আৰু গড়ে ২৯.৮৩ ৰে বলিং কৰিছে । একে সময়তে ভাৰতৰ হৈ টেষ্ট, এদিনীয়া আৰু টি-২০ ফৰ্মেটত ৰবি অশ্বিনে ক্ৰমে ৩৫০৩, ৭০৭ আৰু ১৮৪ ৰান সংগ্ৰহ কৰিছে । টেষ্ট ফৰ্মেটত ৬টা শতক অৰ্জন কৰিছে ৰবি অশ্বিনে । লগতে ১৪ বাৰ পঞ্চাশ ৰানৰ সীমা অতিক্ৰম কৰিছে তেওঁ ।