“মানুহে প্ৰশ্ন কৰিবই…” ;  ৰোহিত শৰ্মাৰ দুৰ্বল ফৰ্মক লৈ ৰবিচন্দ্ৰন অশ্বিনৰ ডাঙৰ মন্তব্য

ভাৰতীয় দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলা দৰ্শনীয় ভাৱে আৰম্ভ কৰি, প্ৰথমখন মেচত ৪ উইকেটত জয় লাভ কৰে আৰু শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে।

এই খেলখনত, সকলোৰে দৃষ্টি আছিল টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ প্ৰদৰ্শনৰ ওপৰত। কিয়নো তেওঁক কিছু সময়ৰ পৰা ভাল প্ৰদৰ্শন কৰা দেখা পোৱা নাই।

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন এদিনীয়াত ৰোহিতৰ দুৰ্বল ফৰ্মও স্পষ্ট হৈছিল, য’ত তেওঁ ৭ টা বলৰ সন্মুখীন হৈ মাত্ৰ ২ ৰাণ সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহিছিল।

এতিয়া, তেওঁৰ প্ৰদৰ্শন সন্দৰ্ভত, টীম ইণ্ডিয়াৰ প্ৰাক্তন খেলুৱৈ আৰু কিংবদন্তি অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে এটা আচৰিত মন্তব্য দিছে য’ত তেওঁ স্পষ্টকৈ কৈছে যে ৰোহিতৰ বাবে এইটো সঁচাকৈয়ে অতি কঠিন সময়।

ৰবিচন্দ্ৰন অশ্বিনে এটা ভিডিঅ’ত ৰোহিত শৰ্মাৰ ফৰ্ম সন্দৰ্ভত কৈছিল যে এইটো তেওঁৰ বাবে অতি কঠিন সময় য’ত তেওঁ সমালোচক সকলক নীৰৱ কৰিবলৈ এটা ডাঙৰ ইনিংছ খেলিব লাগিব।

ৰোহিতে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে এই ডাঙৰ ইনিংছটো খেলিবলৈ চেষ্টা কৰা উচিত।যদি আপুনি ইয়াক ৰোহিতৰ দৃষ্টিকোণৰ পৰা চায়, ই নিশ্চিতভাৱে তেওঁৰ বাবে হতাশাজনক। তেওঁ শৃংখলাটোত মনোনিবেশ কৰিব বিচাৰে।

তেওঁ বুজি পাইছে যে এই বিন্যাসত ভাল প্ৰদৰ্শন কৰিছে আৰু সেইটো অব্যাহত ৰাখিব বিচাৰে।কিন্তু মানুহে নিশ্চিতভাৱে প্ৰশ্ন সুধিবই। যিসকলে ক্ৰিকেট চায় তেওঁলোকে নিশ্চিতভাৱে সুধিব। এইটো এটা কঠিন সময়। আপুনি এই প্ৰশ্নবোৰ বন্ধ কৰিব নোৱাৰে। ই কিমান দিন ধৰি চলি থাকিব?

টীম ইণ্ডিয়াৰ কিংবদন্তি ৰবিচন্দ্ৰন অশ্বিনে লাভ কৰিব পদ্মশ্ৰী…জানক তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ বিষয়ে

ভাৰতীয় প্ৰাক্তন অফ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হ’ব । পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত নাম ঘোষণা কৰিছে গৃহ মন্ত্ৰালয়ে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছিল ৰবিচন্দ্ৰন অশ্বিনে । অৱশ্যে এতিয়া এইগৰাকী অফ স্পীনাৰক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হ’ব । ক্ৰিকেট ইতিহাসৰ সফল বলাৰৰ ভিতৰত গণ্য কৰা হয় ৰবিচন্দ্ৰন অশ্বিনক । বিশেষকৈ এই বলাৰগৰাকীৰ টেষ্ট অভিলেখ আছিল উৎকৃষ্ট ।

টেষ্ট মেচৰ উপৰিও এইগৰাকী খেলুৱৈয়ে এদিনীয়া আৰু টি-২০ ফৰ্মেটতো টিম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছিল । চেন্নাই ছুপাৰ কিংছৰ উপৰিও ৰবি অশ্বিনে আই পি এলত ৰাইজিং পুনে ছুপাৰ জায়েণ্টছ, পঞ্জাব কিংছ, দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ অংশ হিচাপেও অংশগ্ৰহণ কৰিছিল ।

ৰবি অশ্বিনৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ-

১০৬খন টেষ্ট মেচৰ উপৰিও ৰবি অশ্বিনে ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰি ১১৬খন এদিনীয়া আৰু ৬৫খন টি-২০ মেচত অংশ লৈছিল । টেষ্ট মেচত ৰবি অশ্বিনে ২৪.০১ গড়ে অভিলেখ সৃষ্টিকাৰী ৫৩৭ বেটছমেনৰ উইকেট দখল কৰে । এই ফৰ্মেটত তেওঁ ৩৭ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে । আনহাতে, এদিনীয়া ফৰ্মেটত ৰবি অশ্বিনে গড়ে ৩৩.২১ আৰু ইকনমি ৪.৯৩ ৰে ১৫৬টা উইকেট দখল কৰে । আনহাতে ভাৰতৰ হৈ টি-২০ মেচত তেওঁ ৬.৯১ ইকনমি আৰু গড়ে ২৩.২২ ৰে ৭২টা উইকেট দখল কৰে ।

ইয়াৰ উপৰিও আই পি এলত ২১১ খন খেলত ১৮০ টা উইকেট দখল কৰিছে ৰবি অশ্বিনে । এই প্ৰতিযোগিতাত ৰবি অশ্বিনে ৭.১২ ইকনমি আৰু গড়ে ২৯.৮৩ ৰে বলিং কৰিছে । একে সময়তে ভাৰতৰ হৈ টেষ্ট, এদিনীয়া আৰু টি-২০ ফৰ্মেটত ৰবি অশ্বিনে ক্ৰমে ৩৫০৩, ৭০৭ আৰু ১৮৪ ৰান সংগ্ৰহ কৰিছে । টেষ্ট ফৰ্মেটত ৬টা শতক অৰ্জন কৰিছে ৰবি অশ্বিনে । লগতে ১৪ বাৰ পঞ্চাশ ৰানৰ সীমা অতিক্ৰম কৰিছে তেওঁ ।

“হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়…”ৰবিচন্দ্ৰন অশ্বিনৰ বক্তব্যক লৈ বিতৰ্ক  

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলাত ভাৰতীয় ক্ৰিকেট দলটোৱে ১-৩ ত পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল।এই পৰাজয়ৰ বাবে, ভাৰতীয় দলটোৱে ১০ বছৰৰ পিছত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী (বিজিটি) হেৰুৱায়।

অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত তাৰকা স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনায়। অশ্বিনৰ সিদ্ধান্তত হতবাক হৈছিল অনুৰাগীসকল। গাব্বা টেষ্টৰ পিছত অশ্বিন অষ্ট্ৰেলিয়াৰ পৰা ঘৰলৈ উভতি আহিছিল।

এতিয়া ৰবিচন্দ্ৰন অশ্বিনে এনে এক মন্তব্য দিছে, যাৰ ফলত হুলস্থূল সৃষ্টি হৈছে।চেন্নাইৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত এক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি অশ্বিনে কয় যে ‘হিন্দী ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়’।

অশ্বিনৰ বক্তব্যই আকৌ এবাৰ ভাষাৰ ওপৰত বিতৰ্কৰ সৃষ্টি কৰিছে।অশ্বিনে তেওঁৰ ভাষণৰ সময়ত শিক্ষাৰ্থীসকলক সুধিছিল যে কোনোবাই হিন্দীত প্ৰশ্ন সুধিবলৈ আগ্ৰহী নেকি যাৰ প্ৰতি কোনেও আগ্ৰহ দেখুৱাও নাছিল।

ইয়াৰ পিছত, অশ্বিনে কৈছিল, “মই ভাবিছিলো যে মই এইটো কোৱা উচিত। হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়, ই এক চৰকাৰী ভাষা”।

আৰ অশ্বিনৰ বক্তব্যই সামাজিক মাধ্যমত এক বিতৰ্কৰ সৃষ্টি কৰিছে।কিছুমানে যুক্তি দিছিল যে অশ্বিনে এনে বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে।এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, ‘অশ্বিনে এনেদৰে কথা পাতিব নালাগে।

বহুতে কৈছে যে আপুনি যিমান বেছি ভাষা শিকিব সিমানেই ভাল। যিকোনো ভাষাৰ অনুবাদ আমাৰ ফোনত উপলব্ধ”। অশ্বিনৰ এই বক্তব্যৰ পিছতেই সৃষ্টি হৈছে বিতৰ্কৰ।

অৱসৰৰ পিছত চেন্নাইত উপস্থিত ৰবিচন্দ্ৰন অশ্বিন, উষ্ম আদৰণি জনালে অনুৰাগীয়ে

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্রিছবেন টেষ্টৰ পাছত ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লয় । ইয়াৰ পিছত ৰবি অশ্বিন আজি চেন্নাইত উপস্থিত হয় । অফ স্পীনাৰগৰাকীক চেন্নাইত অনুৰাগীয়ে উষ্ম আদৰণি জনায় । ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে ৰবি অশ্বিনক আদৰণি জনোৱা এই ভিডিঅ’ । ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এই ভিডিঅ’ত ৰবি অশ্বিনক শুভেচ্ছা জনাইছে ।

‘মই নাভাবো ৰবি অশ্বিনৰ ক্ৰিকেটাৰ হিচাপে কোনো প্ৰকৃত ভৱিষ্যত আছে…’

ৰবি অশ্বিনে কয় যে মই আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিবলৈ ওলাইছো । যিমান দিন পাৰো খেলিবলৈ চেষ্টা কৰিছো…ক্ৰিকেটাৰ হিচাপে ৰবি অশ্বিনৰ সময় শেষ হোৱা বুলি মই নাভাবো । ভাৰতীয় ক্ৰিকেটাৰ হিচাপে মোৰ সময় শেষ হোৱা যেন অনুভৱ কৰোঁ, কিন্তু ক্ৰিকেটাৰ হিচাপে মোৰ মাজত এতিয়াও ক্ৰিকেট বাকী আছে ।

‘অৱসৰৰ চিন্তাটো মোৰ মনত বহুদিনৰ পৰাই চলি আছিল…’

ৰবি অশ্বিনে আৰু কয় যে যদি আপুনি অৱসৰৰ কথা সোধে তেন্তে সেয়া সদায় কঠিন । যদি আপুনি আপোনাৰ অৱসৰৰ বিষয়ে সিদ্ধান্ত লৈছে তেন্তে সেয়া সহজ নহয় । আপোনালোককে ধৰি বহু লোকৰ বাবে এইটো এটা আৱেগিক মুহূৰ্ত, কিন্তু মোৰ বাবে ই এক বৃহৎ সকাহ আৰু সন্তুষ্টিৰ বিষয় । ৰবি অশ্বিনে কয় যে অৱসৰৰ চিন্তা মোৰ মনত বহুদিন ধৰি চলি আছিল, কিন্তু সেয়া সহজ নাছিল । ব্রিছবেন টেষ্টৰ চতুর্থ দিনা অৱসৰৰ কথা ভাবি পঞ্চম দিনা ঘোষণা কৰিলোঁ ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা অশ্বিনৰ, গাব্বা টেষ্টৰ পিছতে ল’লে সিদ্ধান্ত

ভাৰতৰ প্ৰবীণ স্পানাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে । গাব্বা টেষ্টৰ পিছত সংবাদমেলত এই কথা তেওঁ ঘোষণা কৰে । অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে সংবাদমেলত উপস্থিত হৈ এই ঘোষণা কৰে অশ্বিনে । অৱসৰৰ পূৰ্বে অশ্বিনক বিৰাট কোহলীৰ সৈতে ড্ৰেছিং ৰুমত বহি থকা দেখা গৈছিল । এই সময়ত কোহলীয়ে তেওঁক সাৱটি ধৰাও পৰিলক্ষিত হয় । এডিলেইড দিবা-নৈশ টেষ্টত টিম ইণ্ডিয়াৰ অংশ আছিল অশ্বিন ।

৩৮ বছৰীয়া এই স্পীনাৰগৰাকীয়ে ভাৰতৰ হৈ বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । টেষ্টত সৰ্বকালৰ আগশাৰীৰ উইকেট দখলকাৰীৰ ভিতৰত তেওঁ সপ্তম স্থানত আছে । ১০৬খন টেষ্টত অশ্বিনৰ ৫৩৭টা উইকেট আছে । তেওঁৰ শ্ৰেষ্ঠ বলিং হৈছে ৫৯ ৰানত ৭ উইকেট । এই সময়ছোৱাত তেওঁৰ গড় ২৪.০০ আৰু ষ্ট্ৰাইক ৰেট ৫০.৭৩ । অনিল কুম্বলেৰ পিছতে ভাৰতীয়ৰ ভিতৰত টেষ্ট ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী অশ্বিন । কুম্বলেই তেওঁৰ নামত ৬১৯টা টেষ্ট উইকেট লাভ কৰিছিল । অশ্বিনৰ এই ঘোষণা আচৰিত কাৰণ ভাৰতৰ ভূমিত ভাৰতীয় স্পিন আক্ৰমণৰ শক্তি আছিল তেওঁ । অষ্ট্ৰেলিয়া ভ্ৰমণলৈ গৈ হঠাতে অৱসৰ লোৱাৰ সিদ্ধান্ত লোৱাটো আশ্চৰ্যকৰ ।

টেষ্টত অশ্বিনে ৩৭বাৰ পাঁচ উইকেট দখল কৰিছে, যিটো ভাৰতীয় যিকোনো বলাৰৰ সৰ্বাধিক । তাৰ পিছে পিছে আহে কুম্বলে । টেষ্টত ৩৫ বাৰ এটা ইনিংছত ৫টা উইকেট দখল কৰিছে কুম্বলেই । এটা ইনিংছত সৰ্বাধিক উইকেট দখল কৰাৰ অভিলেখ শ্ৰীলংকাৰ মুথিয়া মুৰালিধৰণৰ হাতত আছে । তেওঁ ৬৭ বাৰ এই কাম কৰিছিল । শ্বেন ৱাৰ্ণৰ সৈতে যৌথভাৱে দ্বিতীয় স্থানত আছে অশ্বিন ।

টেষ্ট ক্ৰিকেটত অশ্বিনৰ অভিলেখ-

বলিং- ১০৬খন টেষ্ট, ৫৩৭ উইকেট, ইনিংছত শ্ৰেষ্ঠ বলিং ৭/৫৯, মেচত শ্ৰেষ্ঠ বলিং ১৩/১৪০, গড় ২৪.০০

বেটিং- ১০৬খন টেষ্ট, ১৫১ ইনিংছ, ৩৫০৩ ৰান, সৰ্বোচ্চ ১২৪, গড় ২৫.৭৫

অশ্বিনৰ এদিনীয়া ক্ৰিকেটত অভিলেখ-

বলিং : ১১৬ খন মেচ, ১৫৬ টা উইকেট, শ্ৰেষ্ঠ বলিং ৪/২৫, গড় ৩৩.২০

বেটিং : ১১৬খন মেচ, ৬৩ টা ইনিংছ, ৭০৭ ৰান, সৰ্বোচ্চ ৬৫, গড় ১৬.৪৪

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অশ্বিনৰ অভিলেখ-

বলিং : ৬৫ খন মেচ, ৭২ উইকেট, শ্ৰেষ্ঠ বলিং ৪/৮, ২৩.২২ গড়

বেটিং : ৬৫খন মেচ, ১৯ টা ইনিংছ, ১৮৪ ৰান, সৰ্বোচ্চ ৩১*, গড় ২৬.২৮

অশ্বিনৰ টেষ্ট শতক-

১০৩ ৰান বনাম ৱেষ্ট ইণ্ডিজ, মুম্বাই, ২০১১

১২৪ ৰান বনাম ৱেষ্ট ইণ্ডিজ, কলকাতা, ২০১৩

১১৩ ৰান বনাম ৱেষ্ট ইণ্ডিজ, নৰ্থ চাউণ্ড, ২০১৬

১১৮ ৰান বনাম ৱেষ্ট ইণ্ডিজ, ছেইণ্ট লুচিয়া, ২০১৬

১০৬ ৰান বনাম ইংলেণ্ড, চেন্নাই, ২০২১

১১৩ ৰান বনাম বাংলাদেশ, চেন্নাই, ২০২৪