আই পি এল ২০২৬: লীগ পৰ্যায়ৰ সামৰণি; অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত তীব্ৰ প্ৰতিযোগিতা

আই পি এল ২০২৬: লীগ পৰ্যায়ৰ সামৰণি; অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত তীব্ৰ প্ৰতিযোগিতা

আই পি এলৰ এই খেলসমূহৰ ফলাফলৰ লগে লগেই বৰ্তমান স্পষ্ট হৈ পৰিছে অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত থকা খেলুৱৈসকলৰ তালিকা ক্ৰীড়াপ্ৰেমীৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজতে সমাপ্ত হ’ল আই পি এল ২০২৬-ৰ লীগ পৰ্যায়ৰ খেলসমূহ । এই পৰ্যায়ৰ অন্তিমখন গুৰুত্বপূৰ্ণ মেচত ৰাজস্থান ৰয়েলছে (RR) মুম্বাই ইণ্ডিয়ানছক (MI)

আই পি এলৰ এই খেলসমূহৰ ফলাফলৰ লগে লগেই বৰ্তমান স্পষ্ট হৈ পৰিছে অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত থকা খেলুৱৈসকলৰ তালিকা

ক্ৰীড়াপ্ৰেমীৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজতে সমাপ্ত হ’ল আই পি এল ২০২৬-ৰ লীগ পৰ্যায়ৰ খেলসমূহ । এই পৰ্যায়ৰ অন্তিমখন গুৰুত্বপূৰ্ণ মেচত ৰাজস্থান ৰয়েলছে (RR) মুম্বাই ইণ্ডিয়ানছক (MI) পৰাস্ত কৰি প্লে-অফৰ স্থান সুৰক্ষিত কৰে । আনহাতে, আন এখন মেচত দিল্লী কেপিটেলছে (DC) কলকাতা নাইট ৰাইডাৰ্ছক (KKR) হৰুৱাই এক জয়ৰে চলিত ছিজনৰ সামৰণি মাৰে । এই খেলসমূহৰ ফলাফলৰ লগে লগেই বৰ্তমান স্পষ্ট হৈ পৰিছে অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত থকা খেলুৱৈসকলৰ তালিকা ।

পাৰ্পল কেপৰ দৌৰ : ভুৱনেশ্বৰ-ৰাবাডাৰ শীৰ্ষস্থান, দৌৰত আছে আৰ্চাৰো

চলিত ছিজনত সৰ্বাধিক উইকেট সংগ্ৰহকাৰীৰ তালিকাত অৰ্থাৎ পাৰ্পল কেপৰ দৌৰত এতিয়াও যুঁজখন অত্যন্ত কঠিন হৈ আছে । বৰ্তমান ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (RCB) ভুৱনেশ্বৰ কুমাৰ আৰু গুজৰাট টাইটানছৰ (GT) কাগিছ’ ৰাবাডাই ২৪টাকৈ উইকেট লৈ যুটীয়াভাৱে শীৰ্ষ স্থানত অক্ষুণ্ণ আছে ।

আনহাতে, ৰাজস্থান ৰয়েলছৰ জোফ্ৰা আৰ্চাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ১৭ ৰানত ৩টা উইকেট লৈ এক চমকপ্ৰদ বলিং প্ৰদৰ্শন কৰে । এই প্ৰদৰ্শনৰ জৰিয়তে তেওঁ মুঠ ২১টা উইকেটেৰে তালিকাৰ তৃতীয় স্থানলৈ জাঁপ মাৰিছে । তেওঁৰ পাছতেই ১৯টা উইকেট লৈ চতুৰ্থ স্থানত নিজৰ স্থিতি বজাই ৰাখিছে গুজৰাট টাইটানছৰ তাৰকা স্পীনাৰ ৰছিদ খানে । এতিয়া প্লে-অফৰ মেচসমূহত এই বলাৰসকলৰ মাজত খিতাপৰ যুঁজখন অধিক তীব্ৰতৰ হৈ পৰিব ।

অৰেঞ্জ কেপৰ দৌৰ : গুজৰাট টাইটানছৰ আধিপত্য আৰু চতুৰ্থ স্থানৰ তীব্ৰ যুঁজ

সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেনৰ তালিকাত অৰ্থাৎ অৰেঞ্জ কেপৰ দৌৰত গুজৰাট টাইটানছৰ খেলুৱৈৰ আধিপত্য দেখিবলৈ পোৱা গৈছে । বৰ্তমান ৬৩৮ ৰানেৰে তালিকাৰ প্ৰথম স্থানত আছে বি ছাই সুৰ্দৰ্শন আৰু ৬১৬ ৰানেৰে দ্বিতীয় স্থানত আছে অধিনায়ক শুভমন গীল । ইফালে চানৰাইজাৰ্ছ হায়দৰাবাদৰ হেনৰিখ ক্লাচেন ৬০৬ ৰানৰ সৈতে তৃতীয় স্থানত অৱস্থান কৰিছে ।

অৱশ্যে আটাইতকৈ আকৰ্ষণীয় যুঁজ দেখিবলৈ পোৱা গৈছে তালিকাৰ চতুৰ্থ স্থানক লৈ । কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ কে এল ৰাহুলে ৬০ ৰানৰ এক দায়িত্ববাহী ইনিংছ খেলি মুঠ ৫৯৩ ৰান সম্পূৰ্ণ কৰে আৰু ছিজনৰ এক শক্তিশালী সামৰণি মাৰি চতুৰ্থ স্থান দখল কৰে । আনহাতে, ৰাজস্থান ৰয়েলছৰ যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে মুম্বাইৰ বিৰুদ্ধে মাত্ৰ ৪ ৰানতে আউট হ’বলগা হয় । ফলত তেওঁ ৫৮৩ ৰানতে থমকি ৰয় আৰু তালিকাৰ পঞ্চম স্থানলৈ পিছলি পৰে ।

আইপিএল ২০২৬ এতিয়া আটাইতকৈ ৰোমাঞ্চকৰ পৰ্যায় অৰ্থাৎ প্লে-অফৰ দিশে আগবাঢ়িছে । এতিয়া প্লে-অফৰ খেলসমূহত এই তাৰকাসকলৰ প্ৰদৰ্শনেই স্থিৰ কৰিব যে অৱশেষত অৰেঞ্জ আৰু পাৰ্পল কেপ কাৰ নামত হ’ব ।

লগতে পঢ়ক : ‘টি-২০ত মই ২০০ ৰান কৰিম’— ক্ৰিকেট বিশ্বক কঁপাই ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ডাঙৰ ঘোষণা!