'টি-২০ত মই ২০০ ৰান কৰিম'— ক্ৰিকেট বিশ্বক কঁপাই ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ডাঙৰ ঘোষণা!

‘টি-২০ত মই ২০০ ৰান কৰিম’— ক্ৰিকেট বিশ্বক কঁপাই ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ডাঙৰ ঘোষণা!

১৫ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী এতিয়া নিজৰ এক বিস্ফোৰক মন্তব্যৰ বাবে ক্ৰিকেট মহলত ব্যাপক চৰ্চালৈ আহিছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৬-ত বিধ্বংসী বেটিঙেৰে খলকনি সৃষ্টি কৰা ১৫ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী এতিয়া নিজৰ এক বিস্ফোৰক মন্তব্যৰ বাবে ক্ৰিকেট মহলত ব্যাপক চৰ্চালৈ আহিছে ।

১৫ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী এতিয়া নিজৰ এক বিস্ফোৰক মন্তব্যৰ বাবে ক্ৰিকেট মহলত ব্যাপক চৰ্চালৈ আহিছে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৬-ত বিধ্বংসী বেটিঙেৰে খলকনি সৃষ্টি কৰা ১৫ বছৰীয়া যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী এতিয়া নিজৰ এক বিস্ফোৰক মন্তব্যৰ বাবে ক্ৰিকেট মহলত ব্যাপক চৰ্চালৈ আহিছে । ক্ৰিকেট বিশ্বক চমকিত কৰি এই নৱাগত তাৰকাগৰাকীয়ে দাবী কৰিছে যে কেৱল অৰ্ধশতক বা শতক অৰ্জনেই তেওঁক সন্তুষ্ট কৰিব নোৱাৰে, বৰঞ্চ টি-২০ ক্ৰিকেটত দ্বিশতক অৰ্জন কৰাহে তেওঁৰ আচল সপোন ।

ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছনৰ সৈতে হোৱা এক বাৰ্তালাপত বৈভৱে তেওঁৰ এই বৃহৎ লক্ষ্যৰ কথা প্ৰকাশ কৰে । পিটাৰছনে যেতিয়া তেওঁক অৰ্ধশতক উদযাপন কৰিবলৈ ভাল পায়নে বুলি প্ৰশ্ন কৰিছিল, তেতিয়া বৈভৱে উত্তৰ দিয়ে- “নহয়, সিমান বেছি নহয় । মই আচলতে টি-২০ মেচত ২০০ ৰান কৰিব বিচাৰোঁ আৰু ক্ৰিছ গেইলৰ অভিলেখ ভাঙিব বিচাৰোঁ ।”

গেইলৰ ১৭৫ ৰানৰ বিশ্ব ৰেকৰ্ডলৈ লক্ষ্য বৈভৱৰ-

উল্লেখ্য যে, ২০১৩ চনৰ আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ৰ হৈ খেলি ক্ৰিছ গেইলে পুনে ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে অপৰাজিত ১৭৫ ৰানৰ এক ঐতিহাসিক ইনিংছ খেলিছিল । টি-২০ ক্ৰিকেটৰ ইতিহাসত এইটোৱেই বৰ্তমানলৈকে সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰ । ১৫ বছৰীয়া বৈভৱৰ সম্পূৰ্ণ বিশ্বাস আছে যে তেওঁ এই অভিলেখ ধূলিস্যাৎ কৰিব পাৰিব । তেওঁ কয়-

“যদি মই কোনো এখন মেচত আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণ ২০ অভাৰ বেটিং কৰাৰ সুযোগ পাওঁ, তেন্তে মই গেইলৰ ১৭৫ ৰানৰ ৰেকৰ্ডটো নিশ্চিতভাৱে ভাঙি দিম ।”

ক্ৰিকেট জগতত সাধাৰণতে বেটছমেনসকল ‘নাৰ্ভাছ নাইণ্টিজ’ (নব্বৈৰ ঘৰত মানসিক চাপ)ৰ চিকাৰ হোৱা দেখা যায়, কিন্তু বৈভৱৰ ক্ষেত্ৰত ইয়াৰ কোনো প্ৰভাৱ নাই । এই সন্দৰ্ভত যুৱ খেলুৱৈগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো ধৰণৰ চাপ নোলোৱাকৈ কেৱল নিজৰ স্বাভাৱিক খেল খেলি যাবলৈ পচন্দ কৰে ।

ডমেষ্টিক ক্ৰিকেটত ৰেকৰ্ডৰ পাহাৰ-

বৈভৱ সূৰ্যবংশীৰ এই আত্মবিশ্বাস কেৱল মুখৰ কথা নহয়, তেওঁৰ বিগত দিনৰ প্ৰদৰ্শনেই ইয়াৰ প্ৰমাণ দিয়ে :

অনুৰ্ধ-১৯ বিশ্বকাপ : এই বছৰ অনুৰ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত তেওঁ ১৭৫ ৰানৰ এক বিধ্বংসী ইনিংছ খেলিছিল ।

বিজয় হাজাৰে ট্ৰফী (২০২৫-২৬) : বিহাৰৰ হৈ ডমেষ্টিক ক্ৰিকেট খেলি তেওঁ ১৯০ ৰানৰ এক ডাঙৰ ইনিংছ উপহাৰ দিছিল ।

ঘৰুৱা ক্ৰিকেটত ত্ৰিশতক : বাৰ্তালাপৰ শেষত আটাইতকৈ আচৰিত কৰা তথ্যটো প্ৰকাশ কৰি বৈভৱে কয় যে তেওঁ নিজৰ ৰাজ্যৰ হৈ এখন ঘৰুৱা মেচত সম্পূৰ্ণ ৫০ অভাৰ বেটিং কৰি অপৰাজিত ৩৩৫ ৰান সংগ্ৰহ কৰিছিল ।

মাত্ৰ ১৫ বছৰ বয়সতে এনে অপৰিসীম আত্মবিশ্বাস আৰু আক্ৰমণাত্মক বেটিং শৈলীয়ে ক্ৰিকেট বিশেষজ্ঞসকলক এই কথা ভাবিবলৈ বাধ্য কৰিছে যে বৈভৱ সূৰ্যবংশীয়েই হ’ব পাৰে ভাৰতীয় ক্ৰিকেটৰ পৰৱৰ্তী ‘মহাতাৰকা’ ।

লগতে পঢ়ক : আই পি এল ২০২৬: লীগ পৰ্যায় সমাপ্ত, কোৱালিফায়াৰত পৰাস্ত হ’লেও ফাইনেলৰ দৌৰত থাকিব গুজৰাট-বেংগালুৰু