প্লে’অফৰ বাবে অৰ্হতা অৰ্জন কৰিবলৈ সক্ষম হৈছে চাৰিটা শক্তিশালী দল- ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, গুজৰাট টাইটানছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯ সংখ্যক ছিজন অৰ্থাৎ আই পি এল ২০২৬-ৰ লীগ পৰ্যায়ৰ খেলসমূহ আনুষ্ঠানিকভাৱে সমাপ্ত হৈছে । লীগ পৰ্যায়ৰ তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ ৭০ খন মেচৰ অন্তত এইবাৰ প্লে’অফৰ বাবে অৰ্হতা অৰ্জন কৰিবলৈ সক্ষম হৈছে চাৰিটা শক্তিশালী দল- ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB), গুজৰাট টাইটানছ (GT), ছানৰাইজাৰ্ছ হায়দৰাবাদ (SRH) আৰু ৰাজস্থান ৰয়েলছ (RR) ।
ইয়াৰ ভিতৰত পইণ্ট টেবুলৰ শীৰ্ষৰ দুটা স্থানত অৰ্থাৎ টপ-২ ত শেষ কৰিছে ৰজত পাটিদাৰৰ নেতৃত্বাধীন আৰ চি বি আৰু শুভমন গীলৰ গুজৰাট টাইটানছে । নিয়ম অনুসৰি টপ-২ ত থকাৰ বাবে দুয়োটা দলেই ফাইনেলত প্ৰৱেশ কৰাৰ বাবে দুটাকৈ সুযোগ লাভ কৰিব । অহা কাইলৈ অৰ্থাৎ মঙলবাৰে আহমেদাবাদত এই দুই শীৰ্ষ দলৰ মাজত অনুষ্ঠিত হ’ব হাই-ভল্টেজ ‘কোৱালিফায়াৰ-১’ মেচ । এই মেচখনত হাৰিলে কোনো এটা দলেই টুৰ্নামেণ্টৰ পৰা বাহিৰ নহয়, বৰঞ্চ এলিমিনেটৰ মেচৰ বিজয়ী দলটোৰ বিৰুদ্ধে ‘কোৱালিফায়াৰ-২’ খেলি ফাইনেললৈ যোৱাৰ দ্বিতীয়টো সুযোগ পাব ।
সমান পইণ্ট, কিন্তু নেট ৰান ৰেটত আগত বেংগালুৰু-
আইপিএল ২০২৬-ৰ লীগ পৰ্যায়ৰ সামৰণিৰ পিছত আৰ চি বি আৰু গুজৰাট টাইটানছ দুয়োটা দলেই ১৪ খনকৈ মেচ খেলি ১৮ পইণ্টকৈ অৰ্জন কৰিবলৈ সক্ষম হৈছে (১৪ মেচত ৯ খনত জয়)। কিন্তু নেট ৰান ৰেট উন্নত হোৱাৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট টেবুলৰ প্ৰথম স্থানত থাকে আৰু গুজৰাট দ্বিতীয় স্থানলৈ আহে ।
বৰষুণ হ’লে ভাগ্য খোল খাব আৰ চি বিৰ!
এক গুৰুত্বপূৰ্ণ নিয়ম : যদিহে মঙলবাৰে হ’বলগীয়া কোৱালিফায়াৰ-১ মেচখন বৰষুণৰ বাবে সম্পূৰ্ণৰূপে বাতিল হয়, তেন্তে পইণ্ট টেবুলত শীৰ্ষত থকাৰ সুবাদতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পোনপটীয়াকৈ ফাইনেলৰ টিকট লাভ কৰিব ।
আইপিএলৰ নিয়ম অনুসৰি, প্লে’অফৰ কোৱালিফায়াৰ-১, এলিমিনেটৰ বা কোৱালিফায়াৰ-২ মেচৰ বাবে কোনো ‘ৰিজাৰ্ভ ডে’’ ৰখা হোৱা নাই । কেৱল ৩১ মে’ত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া গ্ৰেণ্ড ফাইনেল মেচখনৰ বাবেহে ৰিজাৰ্ভ ডে’ সংৰক্ষিত আছে ।
লগতে পঢ়ক : মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি প্লে অফত স্থান নিশ্চিত ৰাজস্থান ৰয়েলছৰ…









