পি আৰ শ্ৰীজেশে পদ্ম ভূষণ আৰু অশ্বিনে লাভ কৰিলে পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতি মুৰ্মুৱে জনালে সন্মান

ভাৰতৰ প্ৰাক্তন হকী খেলুৱৈ পি আৰ শ্ৰীজেশক সোমবাৰে পদ্মভূষণ বঁটা প্ৰদান কৰাৰ বিপৰীতে ভাৰতৰ প্ৰাক্তন স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় । ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰীজেশ আৰু অশ্বিনক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । এই কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ

ভাৰতৰ প্ৰাক্তন হকী খেলুৱৈ পি আৰ শ্ৰীজেশক সোমবাৰে পদ্মভূষণ বঁটা প্ৰদান কৰাৰ বিপৰীতে ভাৰতৰ প্ৰাক্তন স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় । ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰীজেশ আৰু অশ্বিনক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । এই কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত আছিল । ক্ৰীড়াৰ প্ৰতি আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে শ্ৰীজেশ আৰু অশ্বিনে এই সন্মান লাভ কৰিছে । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ পদ্ম বঁটা ঘোষণা কৰিছিল য’ত শ্ৰীজেশ আৰু অশ্বিনৰ নামো অন্তৰ্ভুক্ত হৈছিল ।

ভাৰতৰ দ্বিতীয় সফল বলাৰ অশ্বিন-

যোৱা বছৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল অশ্বিনে । ভাৰতৰ সফল স্পীনাৰ সকলৰ ভিতৰত তেওঁ অন্যতম । টেষ্টত ভাৰতৰ দ্বিতীয় সফল বলাৰ হিচাপে নিজৰ কেৰিয়াৰ সমাপ্ত কৰে অশ্বিনে । ১০৬খন টেষ্ট মেচত অশ্বিনে ৫৩৭টা উইকেট দখল কৰাৰ লগতে টেষ্ট কেৰিয়াৰত ৬১৯টা উইকেট দখল কৰা প্ৰাক্তন স্পীনাৰ অনিল কুম্বলে ঠিক পিছতে আছে তেওঁ । বৰ্তমান আই পি এল ২০২৫ত অংশগ্ৰহণ কৰি থকা অশ্বিনে এই ছিজনত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক প্ৰতিনিধিত্ব কৰি আছে ।

দুবাৰৰ অলিম্পিক পদক বিজয়ী দলৰ অংশ আছিল শ্ৰীজেশ-

ভাৰতীয় হকী দলৰ দেৱাল হিচাপে পৰিচিত পি আৰ শ্ৰীজেশে যোৱা বছৰ পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি অৱসৰৰ কথা ঘোষণা কৰিছিল । বৰ্তমান তেওঁ জুনিয়ৰ পুৰুষ হকী দলৰ মুখ্য প্ৰশিক্ষক । ২০১০ চনৰ বিশ্বকাপত অভিষেক ঘটোৱাৰ পাছত শ্ৰীজেশে ভাৰতৰ বহু স্মৰণীয় জয়ৰ অংশ হিচাপে কাম কৰি আহিছে, য’ত ২০১৪ চনৰ এছিয়ান গেমছত সোণৰ পদক আৰু ২০১৮ চনৰ জাকাৰ্টা-পালেম্বাঙত অনুষ্ঠিত এছিয়াডত ব্ৰঞ্জৰ পদক লাভ কৰিছিল । ২০১৮ চনত এছিয়ান চেম্পিয়নছ ট্ৰফীৰ যৌথ বিজয়ী দলৰ অংশ হোৱাৰ উপৰিও ২০১৯ চনত ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা এফ আই এইচ পুৰুষ ছিৰিজৰ ফাইনেল চেম্পিয়ন দলৰ অংশ হিচাপেও তেওঁ অংশগ্ৰহণ কৰিছিল ।

ইয়াৰ উপৰিও তেওঁ ২০২২ চনৰ কমনৱেলথ গেমছ আৰু ২০২৩ চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত ৰূপৰ পদক লাভ কৰা দলৰ অংশ আছিল । ২০২২ চনৰ এছিয়ান গেমছত ভাৰতক সোণৰ পদক লাভ কৰাত সহায় কৰিছিল । ইয়াৰ পিছত তেওঁ পেৰিছ অলিম্পিকত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক লাভ কৰে । ২০২১ চনত খেল ৰত্ন বঁটাৰে সন্মানিত হয় শ্ৰীজেশ । একে সময়তে ২০২২ চনত ২০২১ চনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় তেওঁ । টকিঅ’ অলিম্পিক আৰু পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা হকী দলটোৰ অংশ আছিল শ্ৰীজেশ ।