বলীউডৰ 'হিমেন'লৈ দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান… ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ

বলীউডৰ ‘হিমেন’লৈ দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান… ধৰ্মেন্দ্ৰলৈ মৰণোত্তৰভাৱে পদ্ম বিভূষণ

প্ৰয়াত অভিনেতা ধৰ্মেন্দ্ৰ সিং দেওলক মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে । বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ সিং দেওলক মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে । দেওবাৰে চৰকাৰে ঘোষণা কৰে পদ্ম বঁটা । ভাৰত

প্ৰয়াত অভিনেতা ধৰ্মেন্দ্ৰ সিং দেওলক মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে ।

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ সিং দেওলক মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ বঁটাৰে সন্মানিত কৰা হৈছে । দেওবাৰে চৰকাৰে ঘোষণা কৰে পদ্ম বঁটা । ভাৰত চৰকাৰে চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ধৰ্মেন্দ্ৰলৈ এই সন্মান প্ৰদান কৰাৰ সিদ্ধান্ত লয় কেন্দ্ৰীয় চৰকাৰে ।

২০২৫ চনৰ ২৪ নৱেম্বৰত দেহাৱসান ঘটা ধৰ্মেন্দ্ৰই ভাৰতীয় চলচ্চিত্ৰ জগতক বহু স্মৰণীয় ছবি প্ৰদান কৰাৰ লগতে শক্তিশালী অভিনয়, একচন আৰু ৰোমান্টিক চৰিত্ৰৰে লাখ লাখ দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান খোদিত কৰে । চলচ্চিত্ৰ জগতত তেওঁ “হি-মেন” নামেৰে পৰিচিত আছিল ।

ধৰ্মেন্দ্ৰৰ সম্পূৰ্ণ নাম ধৰ্মেন্দ্ৰ কেৱল কৃষ্ণ দেওল । ১৯৩৫ চনৰ ৮ ডিচেম্বৰত পঞ্জাৱৰ নাছৰনী গাঁৱত জন্মগ্ৰহণ কৰিছিল তেওঁ ।

ধৰ্মেন্দ্ৰৰ কেৰিয়াৰ

১৯৬০ চনত অভিনয় জীৱন আৰম্ভ কৰা ধৰ্মেন্দ্ৰই “দিল ভি তেৰা হম ভী তেৰে” ছবিখন যোগেদি অভিনয় জীৱনৰ পাতনি মেলে । ইয়াৰ পিছত তেওঁ ১৯৬১ চনৰ “বয় ফ্ৰেণ্ড” ছবিখনত সহযোগী চৰিত্ৰত অভিনয় কৰে । ধৰ্মেন্দ্ৰই ৬৫ বছৰ ধৰি অভিনয়ত সক্ৰিয় হৈ আছিল । তেওঁ অসংখ্য হিট, ছুপাৰহিট আৰু ব্লকবাষ্টাৰ ছবি দৰ্শকক উপহাৰ দিছিল । শ্বোলে (১৯৭৫), চুপকে চুপকে (১৯৭৫), সীতা ঔৰ গীতা (১৯৭২), ধৰমবীৰ (১৯৭৭), ফুল ঔৰ পথ্থৰ (১৯৬৬), জুগনু (১৯৭৩), য়াদন কি বাৰাত (১৯৭৩) আদি জনপ্ৰিয় ছবিত স্মৰণীয় অভিনয় কৰি গৈছে তেওঁ ।

ধৰ্মেন্দ্ৰৰ অন্তিমখন ছবি-

৮৯ বছৰ বয়সতো ধৰ্মেন্দ্ৰই চিনেমাত কাম কৰি আছিল । তেওঁৰ মৃত্যুৰ পিছত চলিত বৰ্ষৰ ১ জানুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰে তেওঁৰ শেষৰখন ছবি “এক্কিছ”। এই ছবিখনত তেওঁ অগস্ত্য নন্দৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল ।

ইফালে বলীউডৰ জনপ্ৰিয় তথা জেষ্ঠ কণ্ঠ শিল্পী অলকা য়াগনিক আৰু দক্ষিণৰ জনপ্ৰিয় অভিনেতা মামুথিলৈ আগবঢ়োৱা হৈছে পদ্ম ভূষণ সন্মান ।

লগতে পঢ়ক : অসমৰ তিনি নক্ষত্ৰলৈ পদ্ম সন্মান…

শেহতীয়া প্ৰৱন্ধসমূহ