কান্তাৰা বিতৰ্কঃ ৰণবীৰ সিঙে দাখিল কৰিব নতুন মাফিনামা

কান্তাৰা বিতৰ্কঃ ৰণবীৰ সিঙে দাখিল কৰিব লাগিব নতুন মাফিনামা

‘কান্তৰা: অধ্যায় ১’ত অভিনয় কৰা দেৱী চামুণ্ডীক লৈ ৰণবীৰ সিঙে এক মন্তব্য কৰিছিল,যিটো আপত্তিজনক বুলি গণ্য কৰা হৈছিল। এতিয়া আকৌ এই মন্তব্যক লৈ বিপদত পৰিছে ৰণবীৰ সিং। বলীউডৰ অভিনেতা ৰণবীৰ সিং পুনৰবাৰ চৰ্চালৈ আহিছে, কিন্তু এইবাৰ ছবিৰ বাবে নহয়, বৰঞ্চ ‘কান্তৰা’ৰ বিতৰ্কৰ বাবেহে।ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ

‘কান্তৰা: অধ্যায় ১’ত অভিনয় কৰা দেৱী চামুণ্ডীক লৈ ৰণবীৰ সিঙে এক মন্তব্য কৰিছিল,যিটো আপত্তিজনক বুলি গণ্য কৰা হৈছিল। এতিয়া আকৌ এই মন্তব্যক লৈ বিপদত পৰিছে ৰণবীৰ সিং।

বলীউডৰ অভিনেতা ৰণবীৰ সিং পুনৰবাৰ চৰ্চালৈ আহিছে, কিন্তু এইবাৰ ছবিৰ বাবে নহয়, বৰঞ্চ ‘কান্তৰা’ৰ বিতৰ্কৰ বাবেহে।ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ৰ সময়ত যি বিতৰ্ক উদ্ভৱ হৈছিল, সেই বিতৰ্কই এতিয়া আইনী ৰূপ ধাৰণ কৰিছে।ৰণবীৰ সিঙে কৰ্ণাটক উচ্চ ন্যায়ালয়ত ক্ষমাপ্ৰাৰ্থনাৰ সংশোধিত শপতনামা দাখিল কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে ।

এই পদক্ষেপ তেতিয়া গ্ৰহণ কৰা হৈছিল যেতিয়া অভিযোগকাৰীয়ে পূৰ্বৰ ক্ষমা বিচৰাটো ‘কেৱল অভিনয়’ বুলি অভিহিত কৰি মানি ল’বলৈ অস্বীকাৰ কৰিছিল। এতিয়া অভিনেতা গৰাকীয়ে নতুন পদ্ধতিৰে নিজৰ ভূলৰ শুধৰণি পুনৰবাৰ আদালতৰ ওচৰত দাখিল কৰিব লাগিব।

দৰাচলতে, ৰণবীৰ সিঙে এই বিবাদক লৈ পূৰ্বেও ক্ষমা বিচাৰিছিল, কিন্তু অভিযোগকাৰীয়ে তাক ভাল পোৱা নাছিল।আদালতৰ শুনানিৰ সময়ত অভিযোগকাৰীৰ হৈ যুক্তি দিয়া হৈছিল যে অভিনেতাগৰাকীৰ পূৰ্বৰ ক্ষমাপ্ৰাৰ্থনাত প্ৰকৃত অনুশোচনাৰ অভাৱ আছিল আৰু তেওঁৰ সুৰটো গুৰুতৰ যেন লগা নাছিল। এই আপত্তিৰ পিছতে ৰণবীৰৰ অধিবক্তাই আদালতক আশ্বাস দিয়ে যে তেওঁ অভিযোগকাৰীৰ সৈতে আলোচনা কৰি নতুন, সংশোধিত ক্ষমাপ্ৰাৰ্থনা দাখিল কৰিব।

লগতে পঢ়ক: ‘শেষটোক স্বীকাৰ কৰক…’; অৰ্জুন কাপুৰৰ চাঞ্চল্যকৰ পোষ্ট