ছীল হ’ল কণ্ঠশিল্পী বাদশ্বাহৰ ক্লাব SAGO; নিয়ম ভংগ কৰাৰ অভিযোগ

ছীল হ’ল কণ্ঠশিল্পী বাদশ্বাহৰ ক্লাব SAGO; নিয়ম ভংগ কৰাৰ অভিযোগ

বাদশ্বাহৰ ক্লাব ছীল কৰাৰ পিছত আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি ডিস্কোৰ ভিতৰত প্ৰশাসনে অসংখ্য অনিয়ম চিনাক্ত কৰিছিল। ছিংগাৰ-ৰেপাৰ বাদশ্বাহৰ চণ্ডীগড়ৰ ছেক্টৰ-২৬ ত অৱস্থিত ক্লাব ‘SAGO By Badshah’ ক চণ্ডীগড় প্ৰশাসনে ছীল কৰি দিছে। বিল্ডিং উলংঘা কৰাকে ধৰি আন কেইবাটাও অনিয়মৰ প্ৰতি লক্ষ্য ৰাখি ক্লাবটো ছীল

বাদশ্বাহৰ ক্লাব ছীল কৰাৰ পিছত আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি ডিস্কোৰ ভিতৰত প্ৰশাসনে অসংখ্য অনিয়ম চিনাক্ত কৰিছিল।

ছিংগাৰ-ৰেপাৰ বাদশ্বাহৰ চণ্ডীগড়ৰ ছেক্টৰ-২৬ ত অৱস্থিত ক্লাব ‘SAGO By Badshah’ ক চণ্ডীগড় প্ৰশাসনে ছীল কৰি দিছে। বিল্ডিং উলংঘা কৰাকে ধৰি আন কেইবাটাও অনিয়মৰ প্ৰতি লক্ষ্য ৰাখি ক্লাবটো ছীল কৰা হৈছে।

জানিব পৰা মতে, প্ৰশাসনে কেইবাবাৰো ক্লাব পৰিচালনাক জাননী জাৰি কৰি নিয়ম অনুসৰি প্ৰয়োজনীয় উন্নতি সাধন কৰিবলৈ আৰু বৰ্তমানৰ অসুবিধাসমূহ শুধৰণি কৰিবলৈ নিৰ্দেশ দিছিল।ইয়াৰ বাবে সময়ো নিৰ্ধাৰণ কৰা হৈছিল যদিও নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিয়ম মানি চলা নহ’ল।

মঙলবাৰে পুৱা এটা প্ৰশাসনিক দল সেই স্থানত উপস্থিত হয় আৰু প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত ক্লাবটো ছীল কৰে।অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে বাদশ্বাহৰ পৰা কোনো সঁহাৰি পোৱা নাই।

লগতে পঢ়ক: মৰ্যাদা বাঢ়িলে শত্ৰুও বাঢ়িবঃ এইবাৰ ডন-৩ বিতৰ্কত কংগনা ৰাণাৱটৰ প্ৰৱেশ

শেহতীয়া প্ৰৱন্ধসমূহ