ছীল হ’ল কণ্ঠশিল্পী বাদশ্বাহৰ ক্লাব SAGO; নিয়ম ভংগ কৰাৰ অভিযোগ

বাদশ্বাহৰ ক্লাব ছীল কৰাৰ পিছত আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি ডিস্কোৰ ভিতৰত প্ৰশাসনে অসংখ্য অনিয়ম চিনাক্ত কৰিছিল।

ছিংগাৰ-ৰেপাৰ বাদশ্বাহৰ চণ্ডীগড়ৰ ছেক্টৰ-২৬ ত অৱস্থিত ক্লাব ‘SAGO By Badshah’ ক চণ্ডীগড় প্ৰশাসনে ছীল কৰি দিছে। বিল্ডিং উলংঘা কৰাকে ধৰি আন কেইবাটাও অনিয়মৰ প্ৰতি লক্ষ্য ৰাখি ক্লাবটো ছীল কৰা হৈছে।

জানিব পৰা মতে, প্ৰশাসনে কেইবাবাৰো ক্লাব পৰিচালনাক জাননী জাৰি কৰি নিয়ম অনুসৰি প্ৰয়োজনীয় উন্নতি সাধন কৰিবলৈ আৰু বৰ্তমানৰ অসুবিধাসমূহ শুধৰণি কৰিবলৈ নিৰ্দেশ দিছিল।ইয়াৰ বাবে সময়ো নিৰ্ধাৰণ কৰা হৈছিল যদিও নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিয়ম মানি চলা নহ’ল।

মঙলবাৰে পুৱা এটা প্ৰশাসনিক দল সেই স্থানত উপস্থিত হয় আৰু প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত ক্লাবটো ছীল কৰে।অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে বাদশ্বাহৰ পৰা কোনো সঁহাৰি পোৱা নাই।

লগতে পঢ়ক: মৰ্যাদা বাঢ়িলে শত্ৰুও বাঢ়িবঃ এইবাৰ ডন-৩ বিতৰ্কত কংগনা ৰাণাৱটৰ প্ৰৱেশ

নিষিদ্ধ হ’ল হানী সিং-বাদশ্বাহৰ বিতৰ্কিত গীত; দিল্লী উচ্চ ন্যায়ালয়ৰ ধমক

বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে ছ’চিয়েল মিডিয়াৰ মধ্যস্থতাকাৰী আৰু মিউজিক প্লেটফৰ্মক এক নিৰ্দেশ জাৰি কৰিছে যে,বিখ্যাত ৰেপাৰ হানী সিং আৰু বাদশ্বাহৰ বিতৰ্কিত আৰু অশ্লীল গীত ‘ভলিউম ১’ সকলো প্লেটফৰ্মতে ব্লক কৰিব লাগে।

বিখ্যাত ৰেপাৰ হানী সিং আৰু বাদশ্বাহৰ মাজৰ বিবাদ বহু পুৰণি, কিন্তু তেওঁলোক দুয়োৰে এটা পুৰণি আৰু অতি বিতৰ্কিত গীতক লৈ এতিয়া দিল্লী উচ্চ ন্যায়ালয়ে এক বৃহৎ ৰায়দান কৰিছে।২০০০ চনৰ অন্যতম বিতৰ্কিত গীত ‘মাফিয়া মুণ্ডীৰ’ (খণ্ড ১)ৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰি সকলো ডিজিটেল প্লেটফৰ্মৰ পৰা ইয়াক তৎক্ষণাত আঁতৰোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

আদালতে স্পষ্ট কৰি দিছে যে এই গীতটোৰ কথা আৰু বিষয়বস্তু কোনো কাৰণতে ৰাজহুৱা মঞ্চত থাকিবলৈ উপযুক্ত নহয়। এই গোচৰৰ শুনানিৰ সময়ত দিল্লী উচ্চ ন্যায়ালয়ে অত্যন্ত কঠোৰ ভাষা ব্যৱহাৰ কৰিছিল। ন্যায়াধীশ পুৰুষশৈন্দ্ৰ কৌৰভে কয় যে, ‘মাফিয়া মুণ্ডীৰ’ গীতটো কেৱল অশ্লীলেই নহয়,বৰঞ্চ নাৰীৰ প্ৰতি থকা গভীৰ অসন্মানৰো প্ৰতিফলন ঘটে।

আদালতৰ মতে,এই গীতটিৰ কথাই শালীনতাৰ প্ৰতিটো সীমা অতিক্ৰম কৰি সমাজৰ ভিতৰতে এক ক্ষতিকাৰক বাৰ্তা বিয়পাইছে।শুনানিৰ সময়ত এইটোও কোৱা হৈছিল যে শিল্পৰ নামত এনেধৰণৰ লেতেৰা সহ্য কৰিব নোৱাৰি,বিশেষকৈ যেতিয়া ই নৱ প্ৰজন্মক প্ৰভাৱিত কৰি আছে।

আদালতে দুয়োজন গায়ক,গীতটোৰ ৰিমিক্স বা অন্যান্য সংস্কৰণক অধিকাৰ দাবী কৰা প্ৰতিজন ব্যক্তিক নিৰ্দেশ দিছে যে, তেওঁলোকে সামাজিক মাধ্যম,সংগীত প্লেটফৰ্ম, শ্বেয়াৰিং প্লেটফৰ্ম, বা অন্য যিকোনো অনলাইন স্থানৰ পৰা গীতটোৰ সৈতে লিংক কৰা URLসমূহ তৎক্ষণাত আঁতৰাই পেলাওক।

লগতে পঢ়ক: ৰূপালী পৰ্দাত ভগৱান ৰামৰ ৰূপত ৰণবীৰ কাপুৰ; মুকলি হ’ল বহু প্ৰতিক্ষীত ‘ৰামায়ণ’ৰ টিজাৰ

সাজু আছো; গোপন বিবাহৰ ফটোক লৈ বাদশ্বাহৰ প্ৰথম প্ৰতিক্ৰিয়া

বাদশ্বাহৰ গোপন বিবাহৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ফটোক লৈ এতিয়া বাদশ্বাহে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

যোৱা কেইমাহমানৰ পৰা বলীউড ৰেপাৰ বাদশ্বাহ বহু বিতৰ্কৰ সন্মুখীন হৈছে। মাৰ্চ মাহৰ আৰম্ভণিতে তেওঁৰ গীত ‘তাটিৰী’ মুকলি কৰে,যাৰ ফলত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল।কাৰণ গীতটোৰ কথাবোৰ আপত্তিজনক আছিল।ইয়াৰ ফলত হাৰিয়ানাৰ মহিলা সকলে বাদশ্বাহৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰে।তাৰ পাছত গীতটোক কেন্দ্ৰ কৰি হোৱা হুলস্থুল অৱশেষত কমিবলৈ আৰম্ভ কৰিছিল হে তেওঁৰ গোপন বিয়াৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হ’বলৈ ধৰিলে।

দীৰ্ঘদিনীয়া প্ৰেমিকা ঈশা ৰিখীৰ সৈতে বাদশ্বাহৰ গোপন বিয়া হৈছিল,যাৰ ছবি শ্বেয়াৰ কৰিছিল শাহুৱেকে।এই ফটোবোৰ ওলোৱাৰ লগে লগে ৰেপাৰজনৰ ব্যক্তিগত জীৱনক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে।বাদশ্বাহ এজনী কন্যাৰ পিতৃ। তাৰ পিছটো তেওঁৰ গোপন বিবাহে অনুৰাগীসকলক আচৰিত কৰি তুলিছে।এই সকলোবোৰ বিষয়ৰ পিছতে এতিয়া প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাদশ্বাহে।ৰেপাৰগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে এটা দীঘলীয়া টোকা শ্বেয়াৰ কৰিছে।

বাদশ্বাহে লিখিছে য়ে,যোৱা কেইসপ্তাহমানে তেওঁক সঁচাকৈয়ে পৰীক্ষাত পেলাইছে, যিটোৰ বাবে না তেওঁ প্ৰস্তুত আছিল না আশা আছিল। বাহিৰৰ পৰা জীৱনটো একেবাৰে নিখুঁত যেন লাগে।কিন্তু যেতিয়া কেমেৰাটো বন্ধ হয়,তেতিয়া হে বাস্তৱত আপুনি অকলে যি বোজা কঢ়িয়াই, তাৰ অনুভৱ বেলেগ হয়। মই এই কেইদিনৰ নিজৰ মাজত বহুত কথা কঢ়িয়াই ফুৰিছো।

টোকাটোৰ শেষত বাদশ্বাহে ঘোষণা কৰিছে যে তেওঁ জীৱনৰ এক নতুন পৰ্যায় আৰম্ভ কৰিব ওলাইছে। তেওঁ আৰু অধিক নতুন আৰু উৎকৃষ্ট গীত লৈ আহিব।

লগতে পঢ়ক: পাকিস্তানী সাংবাদিকৰ সৈতে ভাইৰেল ভিডিঅ’; ইণ্ডিয়ান আইডলৰ পৰা বিশাল দাদলানীক অপসাৰণৰ দাবী

বাদশ্বাহৰ নতুন গীত ‘ততিৰী’ ক লৈ বিতৰ্ক; হাৰিয়ানা মহিলা আয়োগে প্ৰেৰণ কৰিলে চমন

ৰেপাৰ বাদশ্বাহৰ নতুন গীত ‘ততিৰী’ক লৈ পুনৰ বিপদত পৰিছে। গীতটোৰ কথাত নাৰীৰ বিৰুদ্ধে অপমানজনক শব্দ সন্নিবিষ্ট কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে।

বলীউডৰ ৰেপাৰ বাদশ্বাহ সদায় কোনোবা নহয় কোনোবা কাৰণত শিৰোনাম দখল কৰিয়েই থাকে। লাগিলে সেয়া তেওঁৰ ওজন হ্ৰাস হোৱাই হওক বা নতুন গানেই হওক। পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে বাদশ্বাহ। কিছুদিন পূৰ্বে বাদশ্বাহৰ নতুন  গীত ‘ততিৰী’ মুক্তি পাইছিল, য’ত হাৰিয়ানাৰ স্কুলীয়া ছোৱালীক চিত্ৰিত কৰা হৈছে। এতিয়া এই গীতটোক লৈ এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে।

গীতটোৰ আপত্তিজনক কথাৰ বাবেই বাদশ্বাহৰ নতুন গীত ‘ততিৰী’ বিতৰ্কৰ মাজত সোমাই পৰিছে।গীতটোৰ কিছুমান কথা যথেষ্ট আপত্তিজনক আৰু অশ্লীল,যাৰ বাবে হাৰিয়ানা মহিলা আয়োগে ৰেপাৰগৰাকীলৈ চমন প্ৰেৰণ কৰিছে।ইয়াৰ বাহিৰেও নাৰী আৰু নাবালিকা ছোৱালীক গীতটোত ভুল ধৰণে দেখুওৱা হৈছিল।

কোনো গীতত স্কুলৰ পোছাক পৰিহিত ছোৱালীক দেখুওৱাটো হাৰিয়ানাৰ সংস্কৃতৰ বিৰোধী।মহিলা আয়োগে নিজাববীয়াকৈ এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছে। তেওঁলোকে ১৩ মাৰ্চ, ২০২৬ তাৰিখে পুৱা ১১:৩০ বজাত হাৰিয়ানাৰ পানীপাট চহৰত বাদশ্বাহক শুনানিৰ বাবে মাতি পঠাইছে।

পানীপতৰ নাৰী তুমি নাৰায়ণী মহিলা সংগঠনৰ সভানেত্ৰী সবিতা আৰ্য্য আৰু শিৱ আৰতি ফাউণ্ডেশ্যনৰ মুৰব্বী শিৱ কুমাৰৰ অভিযোগৰ ভিত্তিত মহিলা আয়োগে এই জাননী জাৰি কৰিছে।ইয়াৰ উপৰিও ৰোহটকৰ অধিবক্তা ৰাজ নাৰায়ণ পাংঘলে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগলৈও এখন এজাহাৰ প্ৰেৰণ কৰিছে।

অভিযোগত বাদশ্বাহৰ ৰেপ গীতটোৰ শাৰী ‘আয়া বাদশ্বাহ দোলি চাদানে,‘সকলোকে ঘোঁৰা বনোৱা’ৰ ওপৰটো আপত্তি উত্থাপন কৰা হৈছে।হাৰিয়ানাৰ পঞ্চকুলাতো বাদশ্বাহৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে,ইয়াৰ কাৰণো গীতটোৰ আপত্তিজনক কথা বুলি কোৱা হৈছে।

লগতে পঢ়ক: ‘জেলাৰ ২’ত শ্বাহৰুখ খানৰ সৈতে দেখা যাব ৰজনীকান্তক!মোহনলালৰ ষ্টাইলিষ্টে দিলে ইংগিত