বলীউডৰ অভিনেতা সঞ্জয় দত্তই দৰ্শকসকলৰ বাবে এক বৃহৎ ঘোষণা কৰিছে। পুনৰ এবাৰ ৰূপালী পৰ্দাত খলনায়ক হিচাপে ঘূৰি আহিবলৈ সাজু হৈছে সঞ্জয় দত্ত।
১৯৯৩ চনৰ ছুপাৰহিট ছবি খালনায়কৰ স্মৃতি আজিও দৰ্শকৰ হৃদয়ত জীয়াই আছে।সঞ্জয় দত্ত আৰু মাধুৰী দীক্ষিত অভিনীত এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিলে।এতিয়া ৩৩ বছৰৰ পাছত আকৌ এবাৰ ছবিগৃহত ফলকনি তুলিবলৈ আহি আছে খালনায়ক ৰিটাৰ্ণছ।বহু বছৰৰ মূৰত পুনৰ এবাৰ খলনায়ক হিচাপে ঘূৰি আহিছে সঞ্জয় দত্ত।মুক্তি পালে চিনেমাখনৰ প্ৰথমটো টিজাৰৰ ভিডিঅ’।
ভিডিঅ’টোৰ প্ৰথম দৃশ্যটোৱে অতি ভয়ংকৰ।সঞ্জয় দত্তক তেজেৰে ৰাঙলী হৈ থকা দেখিবলৈ পোৱা গৈছে। চাৰিওফালে জুই জ্বলি আছিল। অভিনেতাজনৰ মুখত আঘাতৰ চিন আচিল।টিজাৰত সঞ্জয় দত্তৰ উগ্ৰ অৱতাৰ প্ৰদৰ্শিত হৈছে।এই টিজাৰটো শ্বেয়াৰ কৰি সঞ্জয় দত্তই লিখিছে: কিছুমান কাহিনী শেষ নহয়…পুনৰবাৰ আৰম্ভ হয়।খালনায়ক ৰিটাৰ্ণছ।সঞ্জয়ৰ বাহিৰেও ছবিখনত আৰু কোন কোন আছে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।
১৯৯৩ চনত মুক্তি পোৱা খালনায়ক ছবিখনৰ প্ৰযোজক আছিল সুভাষ ঘাই। সঞ্জয় আৰু মাধুৰী দীক্ষিতৰ উপৰিও অনুপম খেৰ, ৰাখী, আৰু জেকী শ্ৰফে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।সঞ্জয়ে কুখ্যাত অপৰাধী বলৰাম প্ৰসাদ (বল্লু)ৰ চৰিত্ৰত অভিনয় কৰিছিল।ছবিখনৰ গীত সমূহ এতিয়াও জনপ্ৰিয়। ছবিখনক লৈ এতিয়া দৰ্শক সকল আনন্দিত হৈছে।
লগতে পঢ়ক: “কিছু সময় ধৈৰ্য ধৰক…”; ২৭ চনৰ ঈদক লৈ ছলমান খানৰ ডাঙৰ ঘোষণা









