ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ’ল  সঞ্জয় দত্তৰ বিতৰ্কিত ছবি ‘আখৰী সাৱাল’

ইউ এ ইত নিষিদ্ধ সঞ্জয় দত্ত অভিনিত ছবি ‘আখৰী সাৱাল’ দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হয়।

সঞ্জয় দত্ত অভিনীত ছবি ‘আখৰী সাৱাল’ শেহতীয়াকৈ ছবিগৃহত মুক্তি লাভ কৰিছে। অৱশ্যে বক্স অফিচত ইয়াৰ প্ৰদৰ্শন বিশেষ ভাল নহয়।উল্লেখযোগ্য যে ছবিখনক লৈ যথেষ্ট বিতৰ্ক হৈছিল।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউ এ ইত এই ছবিখন নিষিদ্ধ কৰা হৈছে।এতিয়া এই ছবিখন ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হৈছে। এক প্ৰতিবেদন অনুসৰি আজি সন্ধিয়া ১৭ মে’ত ৰাষ্ট্ৰপতি ভৱনত আখৰী সাৱাল ছবিখনৰ প্ৰদৰ্শন কৰা হয়।

ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়, আৰু যোৱা কেইদিনমানৰ পৰা ৰাষ্ট্ৰপতি ভৱনত ছবিখন প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলি আছিল। আমন্ত্ৰিত আৰু উপস্থিতসকলৰ সম্পৰ্কীয় তথ্য গোপনীয় কৰি ৰখা হৈছে। শুকুৰবাৰে মুকলি পোৱা ছবিখনে ৪০ লাখ নেট সংগ্ৰহৰ কৰিছে। ইউ এ ইত ছবিখন নিষিদ্ধ কৰা হৈছে কাৰণ চেন্সৰ ব’ৰ্ডে মুক্তিৰ বাবে কেইবাটাও কৰ্তনৰ পৰামৰ্শ দিছিল। ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা অভিজিৎ মোহন ৱাৰঙে ‘আখৰী সাৱাল’ ছবিখন পৰিচালনা কৰিছে ।

লগতে পঢ়ক: “এতিয়া তেওঁ তোমাৰ…”; ৰবি মোহনৰ সৈতে নাম সাঙোৰ খোৱাৰ পিছতে কেনিছা ফ্ৰান্সিছই এৰিলে চেন্নাই

দীঘল চুলি-দাড়ি; ৩৩ বছৰৰ পিছত ‘খালনায়ক’ হৈ ঘূৰি আহিছে সঞ্জয় দত্ত

বলীউডৰ অভিনেতা সঞ্জয় দত্তই দৰ্শকসকলৰ বাবে এক বৃহৎ ঘোষণা কৰিছে। পুনৰ এবাৰ ৰূপালী পৰ্দাত খলনায়ক হিচাপে ঘূৰি আহিবলৈ সাজু হৈছে সঞ্জয় দত্ত।

১৯৯৩ চনৰ ছুপাৰহিট ছবি খালনায়কৰ স্মৃতি আজিও দৰ্শকৰ হৃদয়ত জীয়াই আছে।সঞ্জয় দত্ত আৰু মাধুৰী দীক্ষিত অভিনীত এই ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি  কৰিছিলে।এতিয়া ৩৩ বছৰৰ পাছত আকৌ এবাৰ ছবিগৃহত ফলকনি তুলিবলৈ আহি আছে খালনায়ক ৰিটাৰ্ণছ।বহু বছৰৰ মূৰত পুনৰ এবাৰ খলনায়ক হিচাপে ঘূৰি আহিছে সঞ্জয় দত্ত।মুক্তি পালে চিনেমাখনৰ প্ৰথমটো টিজাৰৰ ভিডিঅ’।

ভিডিঅ’টোৰ প্ৰথম দৃশ্যটোৱে অতি ভয়ংকৰ।সঞ্জয় দত্তক তেজেৰে ৰাঙলী হৈ থকা দেখিবলৈ পোৱা গৈছে। চাৰিওফালে জুই জ্বলি আছিল। অভিনেতাজনৰ মুখত আঘাতৰ চিন আচিল।টিজাৰত সঞ্জয় দত্তৰ উগ্ৰ অৱতাৰ প্ৰদৰ্শিত হৈছে।এই টিজাৰটো শ্বেয়াৰ কৰি সঞ্জয় দত্তই লিখিছে: কিছুমান কাহিনী শেষ নহয়…পুনৰবাৰ আৰম্ভ হয়।খালনায়ক ৰিটাৰ্ণছ।সঞ্জয়ৰ বাহিৰেও ছবিখনত আৰু কোন কোন আছে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

১৯৯৩ চনত মুক্তি পোৱা খালনায়ক ছবিখনৰ প্ৰযোজক আছিল সুভাষ ঘাই। সঞ্জয় আৰু মাধুৰী দীক্ষিতৰ উপৰিও অনুপম খেৰ, ৰাখী, আৰু জেকী শ্ৰফে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।সঞ্জয়ে কুখ্যাত অপৰাধী বলৰাম প্ৰসাদ (বল্লু)ৰ চৰিত্ৰত অভিনয় কৰিছিল।ছবিখনৰ গীত সমূহ এতিয়াও জনপ্ৰিয়। ছবিখনক লৈ এতিয়া দৰ্শক সকল আনন্দিত হৈছে।  

লগতে পঢ়ক: “কিছু সময় ধৈৰ্য ধৰক…”; ২৭ চনৰ ঈদক লৈ ছলমান খানৰ ডাঙৰ ঘোষণা

পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিব মুন্না-চাৰ্কিটৰ যুটি; আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে গ্ৰীণ চিগনেল

ডাঙৰ পৰ্দালৈ ঘূৰি আহিব মুন্না-চাৰ্কিটৰ যুটি

সঞ্জয় দত্ত আৰু আৰ্শ্বাদ ৱাৰ্ছিৰ ছবি ‘মুন্না ভাই এম বি বি এছ’ ত মুন্না-চাৰ্কিটৰ যুটিয়ে ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে।ছবিখনত চাৰ্কিটৰ চৰিত্ৰত অভিনয় কৰা আৰ্শ্বাদ ৱাৰ্ছিয়ে এক সংলাপ আগবঢ়াইছিল যিয়ে দৰ্শকৰ বাবে হাঁহিৰ খোৰাক যোগাইছিল।

শেহতীয়াকৈ আৰ্শ্বদ ৱাৰ্ছীয়ে ‘মুন্না ভাই ৩’ ছবি আৰু সঞ্জয় দত্তৰ বিষয়ে এক সাক্ষাৎকাৰৰ সময়ত মুকলিকৈ কয়।

আৰ্শ্বদ ৱাৰ্ছিয়ে কয়, ‘সঞ্জু সঁচাকৈয়ে আচৰিত। সি বেলেগ ধৰণৰ জিনিয়াছ। তাৰ লগত থাকি ইমান মজা লাগিছিল।ছবিখনৰ সমগ্ৰ চিত্ৰনাট্য আৰু কাহিনীটো মনত ৰখাত মই বহুত বেয়া।কিন্তু সঞ্জুৰ বাবে মই গোটেই কাহিনীটো মনত ৰাখিব লাগিছিল যাতে মই তেওঁক সোঁৱৰাই দিব পাৰো।’

লগতে তেওঁ কয় যে, ‘কাৰণ প্ৰতিদিনে তেওঁ আহি সুধিছিল, ‘ভাই আজি আমি কি কৰি আছো?’আৰু তাৰ পিছত মই তেওঁক কৈছিলোঁ যে আমি আজি এই দৃশ্যটো কৰি আছো,আমি কালি সেই দৃশ্যটো কৰিলোঁ, তাৰ আগৰ দৃশ্যটো এইটোৱেই,তাৰ পিছৰটো এইটোৱেই, ইত্যাদি।

মুন্না ভাই ৩ ছবি সন্দৰ্ভত চলি থকা আলোচনা সন্দৰ্ভতো আৰ্শ্বদ ৱাৰ্ছিয়ে কয়,’চাওক, তৃতীয় খণ্ডৰ কথাটো হ’ল যে এটা সময় আছিল যেতিয়া ই একেবাৰেই হোৱা নাছিল,কিন্তু এতিয়া ৰাজু (ৰাজকুমাৰ হিৰাণীয়ে) আচলতে ইয়াৰ কাম কৰি আছে।তেওঁ গুৰুত্বসহকাৰে কাম কৰি আছে, আৰু এনেকুৱা লাগিছে এতিয়া ছবিখন হ’ব লাগে।’

লগতে পঢ়ক: ভাৰতৰ বিজ্ঞাপন জগতৰ যাদুকৰ পীয়ুষ পাণ্ডেৰ দেহাৱসান…