পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিব মুন্না-চাৰ্কিটৰ যুটি; আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে গ্ৰীণ চিগনেল

ডাঙৰ পৰ্দালৈ ঘূৰি আহিব মুন্না-চাৰ্কিটৰ যুটি সঞ্জয় দত্ত আৰু আৰ্শ্বাদ ৱাৰ্ছিৰ ছবি ‘মুন্না ভাই এম বি বি এছ’ ত মুন্না-চাৰ্কিটৰ যুটিয়ে ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে।ছবিখনত চাৰ্কিটৰ চৰিত্ৰত অভিনয় কৰা আৰ্শ্বাদ ৱাৰ্ছিয়ে এক সংলাপ আগবঢ়াইছিল যিয়ে দৰ্শকৰ বাবে হাঁহিৰ খোৰাক যোগাইছিল। শেহতীয়াকৈ

ডাঙৰ পৰ্দালৈ ঘূৰি আহিব মুন্না-চাৰ্কিটৰ যুটি

সঞ্জয় দত্ত আৰু আৰ্শ্বাদ ৱাৰ্ছিৰ ছবি ‘মুন্না ভাই এম বি বি এছ’ ত মুন্না-চাৰ্কিটৰ যুটিয়ে ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে।ছবিখনত চাৰ্কিটৰ চৰিত্ৰত অভিনয় কৰা আৰ্শ্বাদ ৱাৰ্ছিয়ে এক সংলাপ আগবঢ়াইছিল যিয়ে দৰ্শকৰ বাবে হাঁহিৰ খোৰাক যোগাইছিল।

শেহতীয়াকৈ আৰ্শ্বদ ৱাৰ্ছীয়ে ‘মুন্না ভাই ৩’ ছবি আৰু সঞ্জয় দত্তৰ বিষয়ে এক সাক্ষাৎকাৰৰ সময়ত মুকলিকৈ কয়।

আৰ্শ্বদ ৱাৰ্ছিয়ে কয়, ‘সঞ্জু সঁচাকৈয়ে আচৰিত। সি বেলেগ ধৰণৰ জিনিয়াছ। তাৰ লগত থাকি ইমান মজা লাগিছিল।ছবিখনৰ সমগ্ৰ চিত্ৰনাট্য আৰু কাহিনীটো মনত ৰখাত মই বহুত বেয়া।কিন্তু সঞ্জুৰ বাবে মই গোটেই কাহিনীটো মনত ৰাখিব লাগিছিল যাতে মই তেওঁক সোঁৱৰাই দিব পাৰো।’

লগতে তেওঁ কয় যে, ‘কাৰণ প্ৰতিদিনে তেওঁ আহি সুধিছিল, ‘ভাই আজি আমি কি কৰি আছো?’আৰু তাৰ পিছত মই তেওঁক কৈছিলোঁ যে আমি আজি এই দৃশ্যটো কৰি আছো,আমি কালি সেই দৃশ্যটো কৰিলোঁ, তাৰ আগৰ দৃশ্যটো এইটোৱেই,তাৰ পিছৰটো এইটোৱেই, ইত্যাদি।

মুন্না ভাই ৩ ছবি সন্দৰ্ভত চলি থকা আলোচনা সন্দৰ্ভতো আৰ্শ্বদ ৱাৰ্ছিয়ে কয়,’চাওক, তৃতীয় খণ্ডৰ কথাটো হ’ল যে এটা সময় আছিল যেতিয়া ই একেবাৰেই হোৱা নাছিল,কিন্তু এতিয়া ৰাজু (ৰাজকুমাৰ হিৰাণীয়ে) আচলতে ইয়াৰ কাম কৰি আছে।তেওঁ গুৰুত্বসহকাৰে কাম কৰি আছে, আৰু এনেকুৱা লাগিছে এতিয়া ছবিখন হ’ব লাগে।’

লগতে পঢ়ক: ভাৰতৰ বিজ্ঞাপন জগতৰ যাদুকৰ পীয়ুষ পাণ্ডেৰ দেহাৱসান…