ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ’ল সঞ্জয় দত্তৰ বিতৰ্কিত ছবি ‘আখৰী সাৱাল’

ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ’ল  সঞ্জয় দত্তৰ বিতৰ্কিত ছবি ‘আখৰী সাৱাল’

ইউ এ ইত নিষিদ্ধ সঞ্জয় দত্ত অভিনিত ছবি ‘আখৰী সাৱাল’ দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হয়। সঞ্জয় দত্ত অভিনীত ছবি ‘আখৰী সাৱাল’ শেহতীয়াকৈ ছবিগৃহত মুক্তি লাভ কৰিছে। অৱশ্যে বক্স অফিচত ইয়াৰ প্ৰদৰ্শন বিশেষ ভাল নহয়।উল্লেখযোগ্য যে ছবিখনক লৈ যথেষ্ট বিতৰ্ক হৈছিল।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউ এ

ইউ এ ইত নিষিদ্ধ সঞ্জয় দত্ত অভিনিত ছবি ‘আখৰী সাৱাল’ দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হয়।

সঞ্জয় দত্ত অভিনীত ছবি ‘আখৰী সাৱাল’ শেহতীয়াকৈ ছবিগৃহত মুক্তি লাভ কৰিছে। অৱশ্যে বক্স অফিচত ইয়াৰ প্ৰদৰ্শন বিশেষ ভাল নহয়।উল্লেখযোগ্য যে ছবিখনক লৈ যথেষ্ট বিতৰ্ক হৈছিল।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউ এ ইত এই ছবিখন নিষিদ্ধ কৰা হৈছে।এতিয়া এই ছবিখন ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হৈছে। এক প্ৰতিবেদন অনুসৰি আজি সন্ধিয়া ১৭ মে’ত ৰাষ্ট্ৰপতি ভৱনত আখৰী সাৱাল ছবিখনৰ প্ৰদৰ্শন কৰা হয়।

ছবিখনৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়, আৰু যোৱা কেইদিনমানৰ পৰা ৰাষ্ট্ৰপতি ভৱনত ছবিখন প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলি আছিল। আমন্ত্ৰিত আৰু উপস্থিতসকলৰ সম্পৰ্কীয় তথ্য গোপনীয় কৰি ৰখা হৈছে। শুকুৰবাৰে মুকলি পোৱা ছবিখনে ৪০ লাখ নেট সংগ্ৰহৰ কৰিছে। ইউ এ ইত ছবিখন নিষিদ্ধ কৰা হৈছে কাৰণ চেন্সৰ ব’ৰ্ডে মুক্তিৰ বাবে কেইবাটাও কৰ্তনৰ পৰামৰ্শ দিছিল। ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা অভিজিৎ মোহন ৱাৰঙে ‘আখৰী সাৱাল’ ছবিখন পৰিচালনা কৰিছে ।

লগতে পঢ়ক: “এতিয়া তেওঁ তোমাৰ…”; ৰবি মোহনৰ সৈতে নাম সাঙোৰ খোৱাৰ পিছতে কেনিছা ফ্ৰান্সিছই এৰিলে চেন্নাই