ডিজিটেল প্লেটফৰ্মত ব্লকবাষ্টাৰ 'ধুৰন্ধৰ ২’ : ভাৰতত কেতিয়া আৰু ক’ত হ’ব ষ্ট্ৰীমিং ?

ডিজিটেল প্লেটফৰ্মত ব্লকবাষ্টাৰ ‘ধুৰন্ধৰ ২’ : ভাৰতত কেতিয়া আৰু ক’ত হ’ব ষ্ট্ৰীমিং ?

জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ একচন-থ্ৰিলাৰ ছবি ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ এতিয়া ভাৰতত ডিজিটেল প্লেটফৰ্মত মুক্তি লাভৰ বাবে সম্পূৰ্ণ সাজু হৈছে প্ৰেক্ষাগৃহত সফলতাৰে ব্যৱসায় কৰাৰ পিছত, অনুৰাগীসকলৰ বাবে সুখবৰ! জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ একচন-থ্ৰিলাৰ ছবি ‘ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ’ (Dhurandhar 2: The Revenge) এতিয়া ভাৰতত ডিজিটেল

জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ একচন-থ্ৰিলাৰ ছবি ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ এতিয়া ভাৰতত ডিজিটেল প্লেটফৰ্মত মুক্তি লাভৰ বাবে সম্পূৰ্ণ সাজু হৈছে

প্ৰেক্ষাগৃহত সফলতাৰে ব্যৱসায় কৰাৰ পিছত, অনুৰাগীসকলৰ বাবে সুখবৰ! জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ একচন-থ্ৰিলাৰ ছবি ‘ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ’ (Dhurandhar 2: The Revenge) এতিয়া ভাৰতত ডিজিটেল প্লেটফৰ্মত মুক্তি লাভৰ বাবে সম্পূৰ্ণ সাজু হৈছে । পৰিচালক আদিত্য ধৰৰ এই ছিকুৱেল ছবিখনে অতি সোনকালেই লাভ কৰিব অটিটি (OTT) মুক্তি ।

ছবিখনত ৰণবীৰ সিঙৰ লগতে আৰ. মাধৱন, সঞ্জয় দত্ত, অৰ্জুন ৰামপাল, চাৰা অৰ্জুন আৰু ৰাকেশ বেদীয়ে গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে ।

কেতিয়া আৰু ক’ত চাব পাৰিব ?

নিৰ্মাতাসকলে ছচিয়েল মিডিয়াৰ জৰিয়তে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ছবিখনৰ ষ্ট্ৰীমিং পৰিকল্পনা :

অফিচিয়েল ৰিলিজ : অহা ৫ জুন, ২০২৬ তাৰিখৰ পৰা কেৱল জিঅ’হটষ্টাৰ যোগে এই ছবিখন উপভোগ কৰিব পৰা যাব ।

বিশেষ ডিজিটেল প্ৰিমিয়াৰ : মূল মুক্তিৰ ঠিক এদিন পূৰ্বে, অৰ্থাৎ ৪ জুনৰ সন্ধিয়া ৭ বজাত এটা বিশেষ ডিজিটেল প্ৰিমিয়াৰৰো ব্যৱস্থা কৰা হৈছে ।

বহুভাষিক মুক্তি : সমগ্ৰ দেশৰ দৰ্শকে যাতে নিজৰ পছন্দৰ ভাষাত ছবিখন উপভোগ কৰিব পাৰে, তাৰ বাবে ইয়াক হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত উপলব্ধ কৰা হ’ব ।

নিৰ্মাতা দলটোৱে ছবিখনক “চিনেমাৰ ধুৰন্ধৰ” বুলি অভিহিত কৰি দৰ্শকক এই ডিজিটেল যাত্ৰাত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে ।

ওটিটিত উপলব্ধ হ’ব ৩ মিনিটৰ অতিৰিক্ত দৃশ্য : “ৰ’ এণ্ড অনদেখা” সংস্কৰণ

ছিনেমা হলত ছবিখন চোৱা দৰ্শকসকলৰ বাবেও ওটিটি মুক্তি হ’ব বিশেষ । জিঅ’হটষ্টাৰৰ গ্ৰাহকসকলে ছবিখনৰ এটা বিশেষ “ৰ’ এণ্ড অনদেখা” (Raw & Undekha) সংস্কৰণ চাবলৈ সুযোগ পাব ।

প্ৰতিবেদন অনুসৰি, এই বৰ্ধিত সংস্কৰণত প্ৰায় ৩ মিনিটৰ অতিৰিক্ত দৃশ্য অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ থিয়েটাৰ সংস্কৰণত দেখুওৱা হোৱা নাছিল । অলপতে নেটফ্লিক্স আৰু জিঅ’হটষ্টাৰ দুয়োটাতে একে নামৰ সংস্কৰণ প্ৰচাৰ হোৱাক লৈ অনুৰাগীৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যদিও, এতিয়া স্পষ্ট হৈ পৰিছে যে পূৰ্বৰ ঘোষণাটো প্ৰথমখন ‘ধুৰন্ধৰ’ৰ বাবেহে আছিল আৰু এতিয়া ৫ জুনত ‘ধুৰন্ধৰ ২’ৰ নতুন বৰ্ধিত সংস্কৰণহে মুকলি কৰা হ’ব ।

বক্স অফিচত অভিলেখ সৃষ্টিকাৰী উপাৰ্জন-

প্ৰেক্ষাগৃহত দুমাহতকৈও অধিক সময় পাৰ হোৱাৰ পিছতো ‘ধুৰন্ধৰ ২’ৰ যাত্ৰা আছিল অভূতপূৰ্ব :

বিশ্বজুৰি সংগ্ৰহ : বক্স অফিচ ট্ৰেকাৰ ‘ছেকনিক’ (Sacnilk)ৰ প্ৰতিবেদন অনুসৰি, ছবিখনে বিশ্বজুৰি প্ৰায় ১,৭৯৮ কোটি টকা উপাৰ্জন কৰি ২০২৬ চনৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ খিতাপ দখল কৰিছে ।

ঘৰুৱা বক্স অফিচ : কেৱল ভাৰততে ছবিখনৰ নেট সংগ্ৰহে প্ৰায় ১,১৪৮.২২ কোটি টকা স্পৰ্শ কৰিছে আৰু অতি সোনকালেই ১,১৫০ কোটিৰ অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে ।

লগতে পঢ়ক : বিবাহৰ ৩ মাহৰ পিছত হনিমুনলৈ ৰশ্মিকা মণ্ডানা; শ্বেয়াৰ কৰিলে ব্যক্তিগত মুহূৰ্ত