ডিজিটেল প্লেটফৰ্মত ব্লকবাষ্টাৰ ‘ধুৰন্ধৰ ২’ : ভাৰতত কেতিয়া আৰু ক’ত হ’ব ষ্ট্ৰীমিং ?

জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ একচন-থ্ৰিলাৰ ছবি ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ এতিয়া ভাৰতত ডিজিটেল প্লেটফৰ্মত মুক্তি লাভৰ বাবে সম্পূৰ্ণ সাজু হৈছে

প্ৰেক্ষাগৃহত সফলতাৰে ব্যৱসায় কৰাৰ পিছত, অনুৰাগীসকলৰ বাবে সুখবৰ! জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ একচন-থ্ৰিলাৰ ছবি ‘ধুৰন্ধৰ ২: দ্য ৰিভেঞ্জ’ (Dhurandhar 2: The Revenge) এতিয়া ভাৰতত ডিজিটেল প্লেটফৰ্মত মুক্তি লাভৰ বাবে সম্পূৰ্ণ সাজু হৈছে । পৰিচালক আদিত্য ধৰৰ এই ছিকুৱেল ছবিখনে অতি সোনকালেই লাভ কৰিব অটিটি (OTT) মুক্তি ।

ছবিখনত ৰণবীৰ সিঙৰ লগতে আৰ. মাধৱন, সঞ্জয় দত্ত, অৰ্জুন ৰামপাল, চাৰা অৰ্জুন আৰু ৰাকেশ বেদীয়ে গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে ।

কেতিয়া আৰু ক’ত চাব পাৰিব ?

নিৰ্মাতাসকলে ছচিয়েল মিডিয়াৰ জৰিয়তে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ছবিখনৰ ষ্ট্ৰীমিং পৰিকল্পনা :

অফিচিয়েল ৰিলিজ : অহা ৫ জুন, ২০২৬ তাৰিখৰ পৰা কেৱল জিঅ’হটষ্টাৰ যোগে এই ছবিখন উপভোগ কৰিব পৰা যাব ।

বিশেষ ডিজিটেল প্ৰিমিয়াৰ : মূল মুক্তিৰ ঠিক এদিন পূৰ্বে, অৰ্থাৎ ৪ জুনৰ সন্ধিয়া ৭ বজাত এটা বিশেষ ডিজিটেল প্ৰিমিয়াৰৰো ব্যৱস্থা কৰা হৈছে ।

বহুভাষিক মুক্তি : সমগ্ৰ দেশৰ দৰ্শকে যাতে নিজৰ পছন্দৰ ভাষাত ছবিখন উপভোগ কৰিব পাৰে, তাৰ বাবে ইয়াক হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত উপলব্ধ কৰা হ’ব ।

নিৰ্মাতা দলটোৱে ছবিখনক “চিনেমাৰ ধুৰন্ধৰ” বুলি অভিহিত কৰি দৰ্শকক এই ডিজিটেল যাত্ৰাত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে ।

ওটিটিত উপলব্ধ হ’ব ৩ মিনিটৰ অতিৰিক্ত দৃশ্য : “ৰ’ এণ্ড অনদেখা” সংস্কৰণ

ছিনেমা হলত ছবিখন চোৱা দৰ্শকসকলৰ বাবেও ওটিটি মুক্তি হ’ব বিশেষ । জিঅ’হটষ্টাৰৰ গ্ৰাহকসকলে ছবিখনৰ এটা বিশেষ “ৰ’ এণ্ড অনদেখা” (Raw & Undekha) সংস্কৰণ চাবলৈ সুযোগ পাব ।

প্ৰতিবেদন অনুসৰি, এই বৰ্ধিত সংস্কৰণত প্ৰায় ৩ মিনিটৰ অতিৰিক্ত দৃশ্য অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ থিয়েটাৰ সংস্কৰণত দেখুওৱা হোৱা নাছিল । অলপতে নেটফ্লিক্স আৰু জিঅ’হটষ্টাৰ দুয়োটাতে একে নামৰ সংস্কৰণ প্ৰচাৰ হোৱাক লৈ অনুৰাগীৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যদিও, এতিয়া স্পষ্ট হৈ পৰিছে যে পূৰ্বৰ ঘোষণাটো প্ৰথমখন ‘ধুৰন্ধৰ’ৰ বাবেহে আছিল আৰু এতিয়া ৫ জুনত ‘ধুৰন্ধৰ ২’ৰ নতুন বৰ্ধিত সংস্কৰণহে মুকলি কৰা হ’ব ।

বক্স অফিচত অভিলেখ সৃষ্টিকাৰী উপাৰ্জন-

প্ৰেক্ষাগৃহত দুমাহতকৈও অধিক সময় পাৰ হোৱাৰ পিছতো ‘ধুৰন্ধৰ ২’ৰ যাত্ৰা আছিল অভূতপূৰ্ব :

বিশ্বজুৰি সংগ্ৰহ : বক্স অফিচ ট্ৰেকাৰ ‘ছেকনিক’ (Sacnilk)ৰ প্ৰতিবেদন অনুসৰি, ছবিখনে বিশ্বজুৰি প্ৰায় ১,৭৯৮ কোটি টকা উপাৰ্জন কৰি ২০২৬ চনৰ অন্যতম সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ খিতাপ দখল কৰিছে ।

ঘৰুৱা বক্স অফিচ : কেৱল ভাৰততে ছবিখনৰ নেট সংগ্ৰহে প্ৰায় ১,১৪৮.২২ কোটি টকা স্পৰ্শ কৰিছে আৰু অতি সোনকালেই ১,১৫০ কোটিৰ অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ হৈছে ।

লগতে পঢ়ক : বিবাহৰ ৩ মাহৰ পিছত হনিমুনলৈ ৰশ্মিকা মণ্ডানা; শ্বেয়াৰ কৰিলে ব্যক্তিগত মুহূৰ্ত

‘ধুৰন্ধৰ ২’ৰ ইতিহাস সৃষ্টি; ১০০০ কোটি উপাৰ্জন কৰা প্ৰথমখন বলীউড ছবি

আদিত্য ধৰৰ ছবি ধুৰন্ধৰ ২ এ বক্স অফিচত এনে এক কৃতিত্ব অৰ্জন কৰিছে, যিটো প্ৰতিজন ছবি নিৰ্মাতাই লাভ কৰিবলৈ আকাংক্ষা কৰে। ছবিখন ১০০০ কোটিৰ সীমা অতিক্ৰম কৰা প্ৰথমখন বলীউড ছবি হিচাপে পৰিগণিত হৈছে।

আদিত্য ধৰৰ ছবি ধুৰন্ধৰ ২ য়ে বক্স অফিচত ইতিহাসৰ সৃষ্টি কৰিছে। ৰণবীৰ সিং অভিনীত চোৰাংচোৱা থ্ৰিলাৰ ছবিখনে ১৮ দিনত ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।ভাৰতীয় বক্স অফিচত এনে কৃতিত্ব অৰ্জন কৰা এইখন বলীউডৰ প্ৰথমখন ছবি হৈ পৰিছে।

১৯ মাৰ্চত মুক্তি পোৱা ‘ধুৰন্ধৰ ২’এ প্ৰতিদিনে ভাল ব্যৱসায় কৰি আছে। এই একচন থ্ৰিলাৰ ছবিখনে আশা কৰাতকৈ বহু বেছি ভাল প্ৰদৰ্শন কৰিছে, আনকি তৃতীয় সপ্তাহতো চিনেমাগৃহত  দৰ্শকৰ বিপুল ভিৰ দেখিবলৈ পোৱা গৈছে।

১৮ নম্বৰ দিনত ‘ধুৰন্ধৰ ২’এ ২৮.৭৫ কোটিৰ সংগ্ৰহ কৰিছে। এনে উপাৰ্জনে তৃতীয় সপ্তাহতো স্পষ্ট কৰি দিয়ে যে ‘ধুৰন্ধৰ ২’ দৰ্শকৰ শীৰ্ষ পছন্দ হৈয়েই আছে।প্ৰথম সপ্তাহত ছবিখনে ৬৭৪ কোটি আৰু দ্বিতীয় সপ্তাহত ২৬৩.৬৫ কোটি টকা উপাৰ্জন কৰে।এইদৰে ধুৰন্ধৰ ২ৰ মুঠ সংগ্ৰহ ১,২১৩.৭৪ কোটি ।

ইতিহাস ৰচনা কৰাৰ পিছত এতিয়া ‘ধুৰন্ধৰ ২’ৰ দৃষ্টি ‘বাহুবলী ২: দ্য কনক্লুচন’ৰ অভিলেখ ভংগ কৰা।যিয়ে ভাৰতীয় বক্স অফিচত প্ৰায় ১,০৩০ কোটি টকা উপাৰ্জন কৰিছিল।

লগতে পঢ়ক: ১৩ বছৰৰ মূৰত ছবিগৃহলৈ আহিব কুইনৰ ছিকুৱেল; সলনি হ’ব শিৰোনাম

‘ধুৰন্ধৰ ২’ৰ অভিলেখ সৃষ্টি; অতিক্ৰম কৰিলে ১৫০০ কোটি টকাৰ উপাৰ্জন

আদিত্য ধৰৰ ছবি ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’ এ তৃতীয় সপ্তাহৰ শেষৰ ফালেও বক্স অফিচত নিজৰ খোপনি পোতিছে। ছবিখনে বিশ্বজুৰি ১,৫০১ কোটি টকাৰ যাদুকৰী পৰিসংখ্যা স্পৰ্শ কৰিছে।

ৰণবীৰ সিং অভিনীত আৰু আদিত্য ধৰৰ দ্বাৰা পৰিচালিত ধুৰন্ধৰ ২ এ বক্স অফিচত ছুনামীৰ সৃষ্টি কৰিছে।ছবিখনে পূৰ্বৰ সকলো বলীউডৰ অভিলেখ ভংগ কৰিছে।  ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’ এ মুক্তিৰ মাত্ৰ ১৬ দিনৰ ভিতৰতে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে যি অনুভূতি সৃষ্টি কৰিছে, তাক হয়টো কোনোৱেই কল্পনা কৰিব পৰা নাছিল।  

Sacnilk তথ্য অনুসৰি, ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’ এ এতিয়া ভাৰতত ১০০০ কোটি নেট সংগ্ৰৰ অত্যন্ত ওচৰ চাপিছে।মুক্তিৰ দ্বিতীয় সপ্তাহৰ শেষলৈকে ছবিখনে ঘৰুৱা বক্স অফিচত ৯৬১ কোটি (নেট) উপাৰ্জন কৰিছে।আৰু কেৱল হিন্দী সংস্কৰণৰ পৰা উপাৰ্জন প্ৰায় ৮৯৯ কোটি হৈছেগৈ।

ছবিখনৰ সফলতা কেৱল দেশতে সীমাবদ্ধ নহয়,ই বিদেশটো নিজৰ নাম উজলাইছে।এই ছবিখনে বিশ্বজুৰি মুঠ সংগ্ৰহৰ ক্ষেত্ৰত ১,৫০১ কোটিৰ যাদুকৰী পৰিসংখ্যা স্পৰ্শ কৰিছে।মাত্ৰ দুসপ্তাহৰ ভিতৰতে বিশ্বজুৰি ইমান বৃহৎ উপাৰ্জন কৰা এইখনেই প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে।

লগতে পঢ়ক: মুক্তিৰ পূৰ্বেই ৰামায়ণৰ অভিলেখ ভংগ!নমিত মালহোত্ৰাই নাকচ কৰিলে ৭০০ কোটি টকীয়া অটিটি চুক্তি

চতুৰ্থ দিনত অভিলেখ ভংগকাৰী উপাৰ্জন ‘ধুৰন্ধৰ ২’ৰ

আদিত্য ধৰৰ ‘ধুৰন্ধৰ ২’ ছবিখনে বক্স অফিচত ইতিহাস ৰচনা কৰিছে। ৰণবীৰ সিং অভিনিত ছবিখনে মাত্ৰ চাৰিদিনতে ৪৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে।

আদিত্য ধৰৰ পৰিচালিত ৰণবীৰ সিঙৰ ছবি ধুৰন্ধৰ: দ্য ৰিভেঞ্জ এ বক্স অফিচত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।এই ছবিখনে মাত্ৰ চাৰিদিনতে ৪৫০ কোটি টকাৰ যাদুকৰী পৰিসংখ্যা অতিক্ৰম কৰিছে।

দেওবাৰে এই ছবিখনে অভিলেখ ভংগ কৰি ১১৪.৮৫ কোটি টকা অৰ্জন কৰি মুঠ ৪৫৪.১২ কোটি টকা সংগ্ৰহ কৰিছে।  ৰণবীৰ সিঙে অভিনয় কৰা এই ছবিখন ১৯ মাৰ্চত মুক্তি পাইছিল (১৮ মাৰ্চত পেইড প্ৰিভিউৰ সৈতে) আৰু ভাৰতত মাত্ৰ চাৰিদিনতে ছবিখনে ৪৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।

এই কৃতিত্বৰে ছবিখনে কেইবাখনো ডাঙৰ ডাঙৰ ছবিৰ অভিলেখ ভংগ কৰিছে। ইয়াৰ লগে লগে ‘ধুৰন্ধৰ ২’এ আমিৰ খানৰ ‘ডাংগল’ (৩৮৭ কোটি)ৰ অভিলেখ ভংগ কৰিছে।তদুপৰি বজৰংগী ভাইজান আৰু বাহুবলী আদি ছবিৰ উপাৰ্জনকো (প্ৰায় ৪২১ কোটি ) অতিক্ৰম কৰিছে।

ধূৰন্ধৰঃ দ্য ৰিভেঞ্জৰ ৰচনা, পৰিচালনা আৰু প্ৰযোজক হৈছে আদিত্য ধৰ।ৰণবীৰ সিঙৰ উপৰিও ছবিখনত অৰ্জুন ৰামপাল, সঞ্জয় দত্ত, আৰ মাধৱন, চাৰা অৰ্জুন, ৰাকেশ বেদী, গৌৰৱ গেৰা, দনিশ পাণ্ডোৰ, আৰু মানৱ গোহিলে বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছে।

লগতে পঢ়ক: ‘ধুৰন্ধৰ ২’ বিৰুদ্ধে শিখ সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ

‘ধুৰন্ধৰ ২’ বিৰুদ্ধে শিখ সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত কৰাৰ অভিযোগ

‘ধুৰন্ধৰ ২’ ক লৈ এক নতুন বিবাদ পোহৰলৈ আহিছে। ছবিখনৰ বিৰুদ্ধে শিখ সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে।

ৰণবীৰ সিঙৰ ছবি ‘ধুৰন্ধৰ ২’ক লৈ শিখ সমাজৰ ভিতৰত ক্ষোভৰ সৃষ্টি হৈছে।শিখসকলৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত ছবিখনৰ প্ৰযোজক তথা অভিনেতাজনৰ বিৰুদ্ধে মুম্বাইৰ মুলুণ্ড আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰা হৈছে।

‘শিখছ ইন মহাৰাষ্ট্ৰ’ সংগঠনৰ সভাপতি চৰ্দাৰ গুৰজ্যোত সিঙে ছবিখনৰ এখন পোষ্টাৰক লৈ তীব্ৰ আপত্তি দাঙি ধৰিছে। অভিযোগ অনুসৰি পোষ্টাৰখনত শিখৰ পৰম্পৰাগত সাজ-পোছাক আৰু পাগুৰি পিন্ধি চিগাৰেট খাই থকা এটা চৰিত্ৰৰ ছবি অংকন কৰা হৈছে।সংস্থাটোৱে কয় যে এই দৃশ্যই শিখসকলৰ আচৰণ বিধি উলংঘা কৰে আৰু শিখসকলৰ লগতে গুৰু গোবিন্দ সিং জীক অপমান কৰা বুলি গণ্য কৰে।

সংশ্লিষ্ট চলচ্চিত্ৰ বিষয়াসকলক নিৰ্দেশ দিয়া উচিত যে তেওঁলোকে তৎক্ষণাত বিতৰ্কিত পোষ্টাৰখনৰ প্ৰচলন বন্ধ কৰক আৰু যেতিয়ালৈকে সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়ালৈকে ছবিখনৰ প্ৰদৰ্শনো স্থগিত ৰাখিব লাগে।

শিখ সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ বাবে দায়ী ব্যক্তিসকলৰ বিৰুদ্ধে (পৰিচালক, প্ৰযোজক, অভিনেতা ৰণবীৰ সিং) উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত।চিঠিখনত উল্লেখ কৰা হৈছে যে পোষ্টাৰখনত অভিনেতাজনে পাগুৰি, দীঘল দাড়ি, আৰু শিখ ধৰ্মৰ পবিত্ৰ প্ৰতীক খাৰু পৰিধান কৰা হাতেৰে চিগাৰেট লৈ আছে,যিটোৱে শিখ পৰম্পৰাক অপমান কৰিছে।

লগতে পঢ়ক: নিৰ্বাচনৰ পিছতেই তৃষা কৃষ্ণনৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব থালাপথী বিজয়…!