‘ধুৰন্ধৰ ২’ৰ অভিলেখ সৃষ্টি; অতিক্ৰম কৰিলে ১৫০০ কোটি টকাৰ উপাৰ্জন
আদিত্য ধৰৰ ছবি ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’ এ তৃতীয় সপ্তাহৰ শেষৰ ফালেও বক্স অফিচত নিজৰ খোপনি পোতিছে। ছবিখনে বিশ্বজুৰি ১,৫০১ কোটি টকাৰ যাদুকৰী পৰিসংখ্যা স্পৰ্শ কৰিছে।
ৰণবীৰ সিং অভিনীত আৰু আদিত্য ধৰৰ দ্বাৰা পৰিচালিত ধুৰন্ধৰ ২ এ বক্স অফিচত ছুনামীৰ সৃষ্টি কৰিছে।ছবিখনে পূৰ্বৰ সকলো বলীউডৰ অভিলেখ ভংগ কৰিছে। ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’ এ মুক্তিৰ মাত্ৰ ১৬ দিনৰ ভিতৰতে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে যি অনুভূতি সৃষ্টি কৰিছে, তাক হয়টো কোনোৱেই কল্পনা কৰিব পৰা নাছিল।
Sacnilk তথ্য অনুসৰি, ‘ধুৰন্ধৰ: দ্য ৰিভেঞ্জ’ এ এতিয়া ভাৰতত ১০০০ কোটি নেট সংগ্ৰৰ অত্যন্ত ওচৰ চাপিছে।মুক্তিৰ দ্বিতীয় সপ্তাহৰ শেষলৈকে ছবিখনে ঘৰুৱা বক্স অফিচত ৯৬১ কোটি (নেট) উপাৰ্জন কৰিছে।আৰু কেৱল হিন্দী সংস্কৰণৰ পৰা উপাৰ্জন প্ৰায় ৮৯৯ কোটি হৈছেগৈ।
ছবিখনৰ সফলতা কেৱল দেশতে সীমাবদ্ধ নহয়,ই বিদেশটো নিজৰ নাম উজলাইছে।এই ছবিখনে বিশ্বজুৰি মুঠ সংগ্ৰহৰ ক্ষেত্ৰত ১,৫০১ কোটিৰ যাদুকৰী পৰিসংখ্যা স্পৰ্শ কৰিছে।মাত্ৰ দুসপ্তাহৰ ভিতৰতে বিশ্বজুৰি ইমান বৃহৎ উপাৰ্জন কৰা এইখনেই প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে।
লগতে পঢ়ক: মুক্তিৰ পূৰ্বেই ৰামায়ণৰ অভিলেখ ভংগ!নমিত মালহোত্ৰাই নাকচ কৰিলে ৭০০ কোটি টকীয়া অটিটি চুক্তি