বলীউডত পুনৰবাৰ আণ্ডাৰৱৰ্ল্ডৰ ছায়া দেখিবলৈ পোৱা গৈছে। পৰিচালক ৰোহিত শ্বেট্টীৰ পিছত এতিয়া ৰণবীৰ সিঙক লক্ষ্য কৰি লোৱা হৈছে।
বলীউডত লৰেন্স গেঙক লৈ সন্ত্ৰাস সৃষ্টি হৈছে।শেহতীয়াকৈ ৰোহিত শ্বেট্টীৰ ঘৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ কিছুদিনৰ পিছতে বলীউডৰ অভিনেতা ৰণবীৰ সিঙেও এক ভাবুকি বাৰ্তা লাভ কৰাৰ খবৰ পোহৰলৈ আহিছে।
সূত্ৰ অনুসৰি ৰণবীৰ সিঙক হোৱাটছএপত ভইচ নোটৰ জৰিয়তে কোটি কোটি টকা দাবী কৰি ভাবুকি দিয়া হৈছিল। খবৰ পোৱা গৈছে যে এই ভাবুকি বাৰ্তা লাভ কৰাৰ পিছত মুম্বাই আৰক্ষীক ততাতৈয়াকৈ এই বিষয়ে অৱগত কৰা হয়।
তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে অভিনেতাজনৰ ঘৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে সতৰ্কতাৰ ব্যৱস্থা কৰা হয়।ভাবুকি দিয়া ব্যক্তিজনে নিজকে লৰেন্স বিষ্ণোই গেঙৰ সৈতে জড়িত বুলি কৈছে।
ভাবুকিটোত স্পষ্টকৈ কোৱা হৈছে যে, “আপোনাৰ কাৰ্যবোৰ বন্ধ কৰক নহ’লে ৰোহিত শ্বেট্টীৰ দৰে দশা হ’ব।” ভইচ নোটটো বিদেশী যেন লাগে আৰু ইয়াত হিন্দী-মাৰাঠী মিক্স ভাষা ব্যৱহাৰ কৰা হৈছে।
লগতে পঢ়ক: সলনি কৰা হ’ব ‘ঘূছখোৰ পণ্ডিত’ৰ নাম; ব্ৰাহ্মণ সমাজৰ প্ৰতিবাদৰ পিছতেই সিদ্ধান্ত গ্ৰহণ









