…তাৰ পিছত আহিল আমিৰৰ অনুৰাগীক আনন্দিত কৰা খবৰ । বাতৰি অনুসৰি আমিৰৰ ছুপাৰহিট ছবি ‘ থ্ৰি ইডিয়টছ’ৰ ছিকুৱেলৰ কাম চলি আছে ।
২০২৫ বৰ্ষটো আমিৰ খানৰ বাবে এক সুন্দৰ বছৰ । এই বছৰটোত আমিৰে বহু প্ৰত্যাশিত এখন ছবি আগবঢ়াইছিল । এই ছবিখন আছিল “চিতাৰে জমীন পৰ,” য’ত নিজৰ অভিনয়েৰে দৰ্শককৰ জীৱনত প্ৰভাৱ পেলাইছিল আমিৰে আৰু আন সকলো শিল্পীয়ে । আমিৰৰ ছবিখনে বক্স অফিচত উল্লেখযোগ্য সংগ্ৰহ কৰিছিল । এই ছবিখনে দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত আমিৰ খানৰ পুনৰ প্ৰত্যাৱৰ্তন ঘটাই । ইয়াৰ পিছতে আমিৰে হিন্দী চিনেমাৰ পিতৃ দাদাচাহেব ফাল্কেৰ জীৱনৰ ওপৰত এখন ছবি নিৰ্মাণ কৰি থকা বুলি খবৰ ওলাইছিল ।
আমিৰৰ ছবিৰ বাবে সকলোৱে অপেক্ষা কৰি আছে । ‘দাদা চাহেব ফালকে’ আৰু ‘মহাভাৰত’ৰ ওপৰত কিছু আপডেট আহিছিল যদিও দুয়োটা প্ৰজেক্ট আগবাঢ়িব পৰা নাই । তাৰ পিছত আহিল আমিৰৰ অনুৰাগীক আনন্দিত কৰা খবৰ । বাতৰি অনুসৰি আমিৰৰ ছুপাৰহিট ছবি ‘থ্ৰী ইডিয়টছ’ৰ ছিকুৱেলৰ কাম চলি আছে ।
শেহতীয়াকৈ এই ছবিখনৰ ছিকুৱেল নিৰ্মাণৰ কাম চলি থকা বুলি খবৰ ওলাইছিল যদিও এতিয়া এনে নহয় বুলি খবৰ ওলাইছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছবিখনত ফাৰহান কুৰেশ্বীৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা আৰ মাধৱন আৰু ৰেঞ্চোৰ চৰিত্ৰত অভিনয় কৰা আমিৰ খানে নিশ্চিত কৰিছে যে বৰ্তমান থ্ৰি ইডিয়টছৰ ছিকুৱেল নিৰ্মাণৰ কাম চলি থকা নাই । ইয়াৰ বাবে তেওঁলোকৰ সৈতে কোনো যোগাযোগ কৰা হোৱা নাই ।
মাধৱনে কয়, “‘ থ্ৰি ইডিয়টছ’ৰ ছ্কুৱেল আচৰিত যেন লাগে । আমিৰ, শ্বাৰ্মান আৰু মই সকলোৱে এতিয়া যথেষ্ট বয়সীয়াল হৈ পৰিছো, গতিকে আমি ফিট নহওঁ ।” ছিকুৱেলৰ প্ৰশ্নত আমিৰে কয় যে তেওঁ এই কাম কৰি ভাল পাব, কিন্তু কোনেও তেওঁৰ কাষ চপা নাই । লগতে তেওঁ কয় যে এই চৰিত্ৰটো তেওঁৰ আজিলৈকে কৰা সকলো চৰিত্ৰৰ ভিতৰত আটাইতকৈ বিখ্যাত আৰু তেওঁৰ অন্যতম প্ৰিয় চৰিত্ৰ । কিন্তু কোনেও তেওঁৰ ওচৰলৈ যোৱা নাই । এই বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে ছবিখনৰ ছিকুৱেল নাহে, যিটো অনুৰাগীৰ বাবে এক বৃহৎ হতাশাৰ বিষয় ।
লগতে পঢ়ক : জন্মদিনৰ দিনাই বলীউডৰ ভাইজানে অনুৰাগীক দিলে ডাঙৰ উপহাৰ…









