ছুপাৰষ্টাৰ বিজয় আৰু সংগীতাৰ বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে তৃষা কৃষ্ণনৰ সৈতে এখন বিবাহত বিয়াত অভিনেতাগৰাকীৰ আগমন বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
তামিল চিনেমাৰ ছুপাৰষ্টাৰ তথা টিভিকেৰ মুৰব্বী থালাপথী বিজয়ৰ ব্যক্তিগত জীৱন আৰু ৰাজনৈতিক কেৰিয়াৰে বৰ্তমান সময়ত বাতৰিৰ শিৰোনাম দখল কৰিছে।যোৱা সপ্তাহত চেন্নাইৰ আদালতত বিজয়ৰ পত্নী সংগীতা সোৰনালিংগমে বিবাহ বিচ্ছেদৰ বাবে দাখিল কৰা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
সংগীতাই এই বিবাহ বিচ্ছেদত বিজয়ৰ অভিনেত্ৰীৰ সৈতে অবৈধ প্ৰেমৰ অভিযোগ উত্থাপন কৰিছে। তাৰ মাজতে বিজয় আৰু অভিনেত্ৰী তৃষা কৃষ্ণনে এখন বিবাহ অনুষ্ঠানত একেলগে উপস্থিত হোৱাৰ পিছতে বিতৰ্ক আৰু গভীৰ হৈ পৰিছে।

শেহতীয়াকৈ এজিএছৰ প্ৰযোজক কল্পনা সুৰেশৰ পুত্ৰৰ বিবাহ সম্বৰ্ধনা অনুষ্ঠানত বিজয় আৰু তৃষা কৃষ্ণনে একেলগে উপস্থিত হৈছিল যাৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত বনজুইৰ দৰে বিয়পি পৰিছে।এই খবৰে উৰাবাতৰিত আৰু অধিক ইন্ধন যোগাইছিল।
এই ঘটনাৰ মাজতে পৰিচালক মোহন জি ক্ষত্ৰিয়ানে এক্সত পোষ্ট কৰি বিজয়ৰ সাহসক প্ৰশংসা কৰে।তেওঁ লিখিছে যে বিজয়ে নিজৰ ষ্টাইলত উৰাবাতৰি বন্ধ কৰি দিছে আৰু ইয়াৰ উত্তৰ দিবলৈ সাহস আছে। অৱশ্যে পৰিচালক গৰাকীয়ে দিয়া এই পোষ্টৰ বাবে এতিয়া তেওঁৰ বিপদ মাতি আনিছে। অনুৰাগী সকলে তেওঁক ট্ৰ’ল কৰা আৰম্ভ কৰিছে।
লগতে পঢ়ক: বাদশ্বাহৰ নতুন গীত ‘ততিৰী’ ক লৈ বিতৰ্ক; হাৰিয়ানা মহিলা আয়োগে প্ৰেৰণ কৰিলে চমন









