মুক্তিৰ বাবে সাজু মুখ্যমন্ত্ৰী বিজয়ৰ পুত্ৰ জেছন সঞ্জয়ৰ প্ৰথম ছবি ‘চিগমা’

‘চিগমা’ৰ নিৰ্মাতাসকলে ঘোষণা কৰিছে যে জেছন সঞ্জয়ৰ প্ৰথমখন ছবি জুলাই মাহত বিশ্বজুৰি চিনেমা হলত মুক্তি পাব।

মুখ্যমন্ত্রী বিজয়ৰ পুত্ৰ জেচন সঞ্জয়ে তামিল ছবি ‘চিগমা’ (Sigma) ৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে আৰু ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। এই ছবিখনত সন্দীপ কিষাণক মূল চৰিত্ৰত দেখা যাব, যাৰ বাবে তেওঁ বৰ্তমান যথেষ্ট চৰ্চাত আছে। লাইকা প্ৰডাকচনৰ বেনাৰত সুভাস্কৰনৰ দ্বাৰা প্ৰযোজিত এই ছবিখন বৰ্তমান পোষ্ট-প্ৰডাকচন পৰ্যায়ত আছে আৰু অতি সোনকালেই ইয়াক চেন্সৰ বৰ্ডলৈ প্ৰেৰণ কৰা হ’ব। বিশেষ কথাটো হ’ল যে, ছবিখন ঘোষণা হোৱাৰ পৰাই দৰ্শকসকলে ইয়াৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছিল আৰু ছবিখনে জুলাই মাহত ছবিগৃহত মুক্তি লাভ কৰিব।

জেচন সঞ্জয়ৰ পৰিচালনাৰ প্ৰথম ছবি ‘চিগমা’ ৩১ জুলাইত সমগ্ৰ বিশ্বৰ চিনেমা হলসমূহত মুক্তি পাবলৈ সাজু হৈছে। নিৰ্মাতাসকলে ‘চিগমা’ক এক ‘হাই-ষ্টেকছ হাইষ্ট’ (high-stakes heist) ছবি বুলি অভিহিত কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী চি জোছেফ বিজয়ৰ পুত্ৰ জেচনে এই ছবিখনৰ কাহিনী লিখাৰ লগতে পৰিচালনাও কৰিছে। তেওঁ শেহতীয়াকৈ উল্লেখ কৰিছিল যে, এয়া তেওঁৰ প্ৰথম ফিচাৰ ফিল্ম, যাৰ কাহিনীভাগ এক্সন, কমেডী, ধনৰ সন্ধান আৰু চুৰিৰ ঘটনাৰ সৈতে জড়িত।

‘চিগমা’ ছবিখনৰ টিজাৰ ২০২৫ চনৰ ২৩ ডিচেম্বৰত মুক্তি পোৱাৰ পাছতেই জনপ্ৰিয় হৈ পৰিছিল, য’ত সন্দীপ কিষাণক এক অভিযানত থকা ব্যক্তি হিচাপে দেখুওৱা হৈছে। সন্দীপ কিষাণৰ উপৰিও ছবিখনত ফাৰিয়া আব্দুল্লা, ৰাজু সুন্দৰম, সম্পত ৰাজ, শিৱ পণ্ডিত, অম্বু থাছন, যোগ জপি, মগলক্ষ্মী, শীলা ৰাজকুমাৰ, কমলেশ আৰু কিৰণ কোণ্ডাই অভিনয় কৰিছে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ক বিৰাট কোহলীৰ বিশেষ উপহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ এখন ফটোৱে এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে।

তামিল চিনেমাৰ ‘থালাপাথী’ৰ পৰা তামিলনাডুৰ ‘জননেতা’ হোৱা চি জোচেফ বিজয় বৰ্তমান চৰ্চাত আছে।তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰাৰ লগে লগে তেওঁ সকলো ফালৰ পৰা অভিনন্দন আৰু উপহাৰ লাভ কৰিছে।শেহতীয়াকৈ ছবি পৰিচালক ভেংকট প্ৰভুৰ পৰা অতি বিশেষ নম্বৰ প্লেট লাভ কৰাৰ পিছত,এতিয়া শুকুৰবাৰে বিজয়ে এটা বিশেষ উপহাৰ লাভ কৰিছে। যিটো তেওঁ কেৱল নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।

দৰাচলতে প্ৰখ্যাত টায়াৰ কোম্পানী এম আৰ এফৰ এটা দলে নতুন মুখ্যমন্ত্ৰী বিজয়ৰ সৈতে সাক্ষাৎ কৰি  তেওঁক ভাৰতীয় কিংবদন্তি ক্ৰিকেটাৰ বিৰাট কোহলিৰ অটোগ্ৰাফী এখন ক্ৰিকেট বেট উপহাৰ দিছিল।এই বিশেষ আৰু অমূল্য উপহাৰ লাভ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী বিজয়ে নিজৰ আনন্দ লুকুৱাব নোৱাৰিলে আৰু, হাঁহি হাঁহি তেওঁ আনকি এই বেটখনৰ সৈতে ফটোৰ বাবেও প’জ দিছে।

শুকুৰবাৰে সচিবালয়ৰ পৰা মুখ্যমন্ত্ৰী বিজয়ৰ কিছু ফটো প্ৰকাশ পোৱাত চচিয়েল মিডিয়াত চৰ্চা চলিছিল।দৰাচলতে এম আৰ এফৰ শীৰ্ষ ব্যৱস্থাপনা দলটোৱে মুখ্যমন্ত্ৰী বিজয়ৰ ওচৰলৈ গৈ তামিলনাডুত তেওঁলোকৰ কাম-কাজ আৰু ব্যৱসায়িক কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰিছিল।বৈঠকৰ সময়ত আনুষ্ঠানিক বাৰ্তালাপৰ অন্তত দলটোৱে বিজয়ক বিৰাট কোহলীৰ অটোগ্ৰাফী এখন ক্ৰিকেট বেট উপহাৰ দিয়ে।অটোগ্ৰাফ থকা বেটখন হাতত লৈ তেওঁ ফটোৰ বাবে প’জ দিয়ে।

লগতে পঢ়ক: ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰেমত বলীউড, পেজ ফল’ কৰিলে কেইবাগৰাকীও তাৰকাই

‘সংকট বহু ডাঙৰ‘; মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ থালাপথী বিজয়ৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপথী বিজয়ে বস্ত্ৰ উদ্যোগ ৰক্ষাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী গৰাকীক হস্তক্ষেপ কৰি আমদানি শুল্ক বিলুপ্ত কৰিবলৈ আহ্বান জনাইছে।

তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে জোচেফ বিজয়ে কৃষকক আকৰ্ষণ কৰিবলৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি কপাহৰ আমদানি শুল্ক আঁতৰোৱাৰ আবেদন জনাইছে।

দৰাচলতে ঘৰুৱা কপাহৰ উৎপাদন হ্ৰাস পোৱা আৰু উচ্চ মূল্যৰ বাবে বস্ত্ৰ নিৰ্মাতা কোম্পানীসমূহে কেঁচামালৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী থালাপথী বিজয়ে প্ৰধানমন্ত্ৰী মোদীক হস্তক্ষেপ কৰা আৰু বস্ত্ৰ উদ্যোগক বচাবলৈ আমদানি শুল্ক বিলুপ্ত কৰিবলৈ আহ্বান জনাইছে।

তেওঁ কপাহৰ ওপৰত বৰ্তমানৰ ১১% আমদানি শুল্ক শূন্যলৈ হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে।ইয়াৰ উপৰিও তেওঁ সকীয়াই দিয়ে যে কেঁচামালৰ মূল্য বৃদ্ধিৰ বাবে ৰাজ্যখনৰ বস্ত্ৰ আৰু পোছাক খণ্ডই ভয়াৱহ সংকটৰ সন্মুখীন হৈছে।

মন কৰিবলগীয়া যে ভাৰতৰ প্ৰায় ৬০ লাখ কৃষকে কপাহৰ খেতি কৰে।সস্তা বিদেশী কপাহৰ আমদানি ৰোধ কৰিবলৈ কেন্দ্ৰীয় বাজেট ২০২১-২২ত কেঁচা কপাহৰ ওপৰত ১১ শতাংশ আমদানি শুল্ক আৰোপ কৰা হৈছিল।কিন্তু উচ্চ ঔদ্যোগিক চাহিদাৰ তুলনাত উৎপাদন কম হোৱাৰ বাবে চৰকাৰে ২০২৫ চনৰ আগষ্ট মাহত আমদানি শুল্ক ৰেহাই ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰে।

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা পত্ৰখনত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে কপাহ আৰু সূতাৰ মূল্যৰ ব্যাপক উত্থানে কাপোৰ নিৰ্মাতাসকলৰ বাবে সংকটৰ সৃষ্টি কৰিছে,এইটোও লাখ লাখ শ্ৰমিকৰ জীৱিকাৰ বিষয়।মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে এই উদ্যোগে লাখ লাখ লোকক প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন প্ৰদান কৰে।এতিয়া কেৱল আমদানিৰ জৰিয়তেহে কেঁচামালৰ নিৰন্তৰ যোগান নিশ্চিত কৰিব পৰা যাব।

মুখ্যমন্ত্রী গৰাকীৰ মতে বিগত দুমাহত কপাহৰ মূল্য ৫৪,৭০০ ৰ পৰা ৬৭,৭০০টকালৈ লৈ বৃদ্ধি পাইছে।

লগতে পঢ়ক: পাঁচখন দেশ ভ্ৰমণৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী মোদী;  কেইবাটাও বৃহৎ চুক্তি স্বাক্ষৰৰ সম্ভাৱনা

‘ৰাজ্যপালে বিজেপিৰ পক্ষ লৈছে’; দ্বিতীয়বাৰ ৰাজভৱনৰ পৰা খালী হাতেৰে উভতিল থালাপথী বিজয়

টিভিকেৰ মুৰব্বী থালাপথী বিজয়ে ১১২জন বিধায়কৰ সমৰ্থন দাবী কৰাৰ পিছতো চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ নাপালে। যাৰ বাবে সমৰ্থকসকল ক্ষুব্ধ হৈ পৰিছে।

বৰ্তমান তামিলনাডুৰ ৰাজনীতিত এক তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে।আজি দ্বিতীয়বাৰৰ বাবে ৰাজভৱনত উপস্থিত হয় টিভিকেৰ মুৰব্বী থালাপথী বিজয়,কিন্তু এইবাৰো চৰকাৰ গঠনৰ নিমন্ত্ৰণ নোপোৱাত তেওঁ খালী হাতেৰে উভতি আহিবলগীয়া হয়। তেওঁৰ স্পষ্ট অভিযোগ যে ৰাজ্যপালে ইচ্ছাকৃতভাৱে পলম কৰি বিজেপিৰ পক্ষ লৈছে।

বিজয়ৰ হৈ এটা দাবী উত্থাপন কৰা হৈছে যে,তেওঁলোকৰ ওচৰত ১১২ জন বিধায়কৰ সমৰ্থন আছে,ইয়াৰ ভিতৰত কংগ্ৰেছৰ বিধায়কসকলো আছে।ইয়াৰ পিছতো তেওঁলোকক চৰকাৰ গঠনৰ বাবে নিমন্ত্ৰণ কৰা হোৱা নাছিল।ইয়াৰ বাবে ক্ষুব্ধ হৈ দলীয় কৰ্মীসকলে চেন্নাইৰ ৰাজভৱনৰ বাহিৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে পঢ়ক: “মমতাক পৰাস্ত কৰাৰ বাবেই চন্দ্ৰনাথক হত্যা কৰা হ’ল”; পি এৰ হত্যাকাণ্ড সন্দৰ্ভত সুবেন্দু অধিকাৰীৰ প্ৰতিক্ৰিয়া

তামিলনাডুত ইতিহাস সৃষ্টিৰ দিশে থালাপথী বিজয়ৰ TVK

অভিনয় ত্যাগ কৰি প্ৰথবাৰলৈ ৰাজনীতিৰ পথাৰত খোজ দিয়া অভিনেতা থালাপথী বিজয়ে তামিলনাডুত ধুমুহাৰ সৃষ্টি কৰিছে।

ছবি এৰি প্ৰথমবাৰলৈ ৰাজনীতিত খোজ দিয়া থালাপথী বিজয়ে ইতিহাস সৃষ্টিৰ দিশে আগবাঢ়িছে। তামিলনাডু বিধানসভা নিৰ্বাচন ২০২৬-ৰ ফলাফল ঘোষণাৰ পূৰ্বে অহা প্ৰাৰম্ভিক ধাৰাসমূহে ৰাজ্যখনৰ ৰাজনীতিত এক নতুন জোকাৰণিৰ সৃষ্টি কৰিছে। অভিনেতা বিজয়ৰ দল তামিলগা ভেট্ৰি কাজাগম (TVK)-এ ১০৮ খন আসনত অগ্ৰগতি লাভ কৰা দেখা গৈছে, যাৰ ফলত চেন্নাইৰ ৰাজনৈতিক মহলত সম্ভাব্য মিত্ৰজোঁটক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে।

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনৰ ১০৭ খন আসনত অগ্ৰগতি লাভ কৰাৰ পিছত TVK কৰ্মীসকলে ব্যাপক আনন্দ উল্লাস কৰা দেখা গৈছে।

বিজয় নিজেই তিৰুচিৰাপল্লী (পূব) সমষ্টিত চতুৰ্থ ৰাউণ্ডৰ ভোটগণনাৰ পিছত ১৬৫৭৯ টা ভোট লাভ কৰি ৬৪৯৯ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।

ইফালে, ডিএমকে (DMK)-ৰ নেতৃত্বত থকা  চেকুলাৰ প্ৰগ্ৰেছিভ এলায়েন্স (SPA)-ৰ প্ৰদৰ্শন অতি দুৰ্বল দেখা গৈছে, তেওঁলোকে মাত্ৰ ৪৫খন আসনতহে অগ্ৰগতি লাভ কৰিছে। মিত্ৰজোঁটটোৰ ভিতৰত ডিএমকে এতিয়ালৈকে সৰ্ববৃহৎ দল যদিও তেওঁলোক মাত্ৰ ৪৩খন আসনত আগবাঢ়ি আছে, যিটো ১০০খন আসন জিকাৰ লক্ষ্যতকৈ বহু পিছত। এআইএডিএমকে (AIADMK)-ৰ নেতৃত্বত থকা এনডিএ (NDA) মিত্ৰজোঁট ৬৫খন আসনত অগ্ৰগতিৰে দ্বিতীয় স্থানত আছে।

দৰাচলতে ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বেও এ আই এ ডি এম কে আৰু বিজয়ৰ দলৰ মাজত মিত্ৰতা সন্দৰ্ভত আলোচনা হৈছিল। ২০২৫ চনৰ শেষৰ ফালে এআইএডিএমকে টিভিকেৰ সৈতে সম্ভাৱ্য মিত্ৰতাৰ সন্দৰ্ভত আলোচনাত মিলিত হৈছিল। কিন্তু এই কথা-বতৰা আৰু আগবাঢ়িব নোৱাৰিলে।

থালাপথী বিজয়ৰ দল TVK এ ১০৭ খন আসনত অগ্ৰগতি লাভ কৰাৰ পিছতেই তেওঁৰ বাসগৃহৰ সন্মুখত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।

লগতে পঢ়ক: বংগত মমতাৰ দুৰ্গ কঁপাই প্ৰচণ্ড বহুমতৰ দিশে বিজেপি

শেষবাৰলৈ ডাঙৰ পৰ্দাত থালাপথী বিজয়; ছবিগৃহত মুক্তিৰ বাবে সাজু জন নায়কন

দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ অনুৰাগীলৈ এটা ভাল খবৰ। শীঘ্ৰেই ছবিগৃহত মুক্তি পাব থালাপথী বিজয়ৰ শেষৰখন ছবি জন নায়কন

দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ অনুৰাগীৰ বাবে এটা ডাঙৰ খবৰ আহিছে। অৱশেষত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে থালাপথী বিজয়ৰ শেষৰকন ছবি জন নায়কন।চেন্সৰ ব’ৰ্ডৰ সৈতে দীৰ্ঘদিনীয়া যুঁজ আৰু আইনী বাধাৰ অন্তত এই ৰাজনৈতিক একচন ছবিখনৰ মুক্তিৰ তাৰিখ চূড়ান্ত কৰা হৈছে।

এই ৰাজনৈতিক একচন ছবিখন ২০২৬ চনৰ ৮ মে’ত বিশ্বৰ চিনেমা হলত মুক্তি পাব। যদিও নিৰ্মাতাসকলে এতিয়াও আনুষ্ঠানিকভাৱে কোনো প্ৰকাশ কৰা নাই,অৱশ্যে এই সন্দৰ্ভত শীঘ্ৰে এক বৃহৎ ঘোষণা কৰা হ’ব বুলি চৰ্চা চলিছে।থালাপথী বিজয়ৰ শেষৰখন ছবি হিচাপে দৰ্শকৰ মাজত ইয়াৰ প্ৰতি এক অপৰিসীম উন্মাদনা দেখিবলৈ পোৱা গৈছে।

কেভিএন প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘জন নায়কন’ ছবিখনে যথেষ্ট দিনৰ পৰা শিৰোনাম দখল কৰি আহিছে।কাৰণ এই ছবিখন থালাপথী বিজয়ৰ অভিনয় জীৱনৰ শেষৰখন ছবি হ’বলৈ গৈ আছে।ইয়াৰ পিছতে তেওঁ সম্পূৰ্ণৰূপে নিজৰ ৰাজনৈতিক কেৰিয়াৰত নামিবলৈ সাজু হৈছে। এইচ বিনোথৰ পৰিচালিত ‘জন নায়কন’ ছবিখনত থালাপথী বিজয়ক এজন প্ৰাক্তন আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখা যাব।লগতে ছবিখনত ববি দেউলক খলনায়কৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব।আনহাতে মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিব পূজা হেগড়ে।

থালাপথী বিজয়ৰ শেষৰখন ছবি হিচাপে অনুৰাগীৰ আৱেগিক জড়িত হৈ পৰিছে।  বিজয়ক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত চাবলৈ অনুৰাগীসকলে অতি আগ্ৰহেই বাট চাই আছে।   

লগতে পঢ়ক: ‘ৰণবীৰ সিঙে কৰিব লাগিব চামুণ্ডেশ্বৰী মন্দিৰ পৰিদৰ্শন’; আদালতৰ নিৰ্দেশ

নিৰ্বাচনৰ পিছতেই তৃষা কৃষ্ণনৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব থালাপথী বিজয়…!

থালাপথী বিজয়ৰ পত্নী সংগীতাই অভিনেতা গৰাকীৰ বিৰুদ্ধে পৰকীয়া প্ৰেমৰ অভিযোগ কৰি বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছে।ইয়াৰ মাজতে থালাপথী বিজয় আৰু তৃষা কৃষ্ণনৰ দ্বিতীয় বিবাহৰ চৰ্চা চলিছে।

দক্ষিণৰ তাৰকা থালাপাথী বিজয়ে চলচ্চিত্ৰত নিজৰ কেৰিয়াৰৰ পিছত তামিল ৰাজনীতিত ভৰি দিছে। কিন্তু কেৰিয়াৰতকৈ এতিয়া থালাপথী বিজয়ৰ ব্যক্তিগত জীৱনেহে বাতৰিৰ শিৰোনাম দখল কৰিছে। তামিলনাডু নিৰ্বাচনৰ ঠিক পূৰ্বে তেওঁৰ পত্নী সংগীতাই বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছে।বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে অভিনেতা গৰাকীৰ নাম অভিনেত্ৰী তৃষা কৃষ্ণনৰ সৈতে সাঙোৰ খাই পৰিছে।খবৰ ওলাইছে যে,নিৰ্বাচনৰ পিছত দুয়োৰে বিবাহ হ’বও পাৰে।

বিবাহিত থালাপথী বিজয় আৰু তৃষাৰ মাজৰ ৰোমাঞ্চৰ জল্পনা-কল্পনা তেওঁলোকৰ ছবি ‘সিংহ’ৰ পিছত আৰম্ভ হয়।ছবিখনৰ পিছত ছ’চিয়েল মিডিয়া, ৰাজহুৱা অনুষ্ঠান, চেলিব্ৰিটিৰ বিয়াত দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছে।যাৰ ফলত তেওঁলোকৰ ডেটিং সম্পৰ্কে চৰ্চা আৰম্ভ হয়।

থালাপথী বিজয়ৰ পত্নী সংগীতাই বিবাহ বিচ্ছেদৰ বাবে দাখিল কৰি অভিনেতাগৰাকীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ কৰিছে। ইয়াৰ উপৰিও চৰ্চা চলিছে যে, বিবাহ বিজয়ে তেওঁৰ পত্নীক বিচ্ছেদৰ নিষ্পত্তিৰ অংশ হিচাপে ২০০ কোটি টকা দিব।

দৰাচলতে, তৃষা কৃষ্ণনৰ এটা ভিডিঅ’ত থালাপথী বিজয়ৰ মাতৃয়ে লাইক কৰিছে। তাৰ পিছতেই তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চা বৃদ্ধি পাইছে।   

লগতে পঢ়ক: বিবাহৰ ১০ বছৰৰ পিছত মাতৃ হ’ব দিব্যাংকা ত্ৰিপাঠী; শ্বেয়াৰ কৰিলে বেবী বাম্পৰ ফটো

অবৈধ প্ৰেমৰ অভিযোগৰ মাজতে একেলগে দেখা গ’ল থালাপথী বিজয় আৰু তৃষা; পৰিচালকৰ বিশেষ পোষ্ট

ছুপাৰষ্টাৰ বিজয় আৰু সংগীতাৰ বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে তৃষা কৃষ্ণনৰ সৈতে এখন বিবাহত বিয়াত অভিনেতাগৰাকীৰ আগমন বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

তামিল চিনেমাৰ ছুপাৰষ্টাৰ তথা টিভিকেৰ মুৰব্বী থালাপথী বিজয়ৰ ব্যক্তিগত জীৱন আৰু ৰাজনৈতিক কেৰিয়াৰে বৰ্তমান সময়ত বাতৰিৰ শিৰোনাম দখল কৰিছে।যোৱা সপ্তাহত চেন্নাইৰ আদালতত বিজয়ৰ পত্নী সংগীতা সোৰনালিংগমে বিবাহ বিচ্ছেদৰ বাবে দাখিল কৰা খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

সংগীতাই এই বিবাহ বিচ্ছেদত বিজয়ৰ  অভিনেত্ৰীৰ সৈতে অবৈধ প্ৰেমৰ অভিযোগ উত্থাপন কৰিছে। তাৰ মাজতে বিজয় আৰু অভিনেত্ৰী তৃষা কৃষ্ণনে এখন বিবাহ অনুষ্ঠানত একেলগে উপস্থিত হোৱাৰ পিছতে বিতৰ্ক আৰু গভীৰ হৈ পৰিছে।

শেহতীয়াকৈ এজিএছৰ প্ৰযোজক কল্পনা সুৰেশৰ পুত্ৰৰ বিবাহ সম্বৰ্ধনা অনুষ্ঠানত বিজয় আৰু তৃষা কৃষ্ণনে একেলগে উপস্থিত হৈছিল যাৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত বনজুইৰ দৰে বিয়পি পৰিছে।এই খবৰে উৰাবাতৰিত আৰু অধিক ইন্ধন যোগাইছিল।

এই ঘটনাৰ মাজতে পৰিচালক মোহন জি ক্ষত্ৰিয়ানে এক্সত পোষ্ট কৰি বিজয়ৰ সাহসক প্ৰশংসা কৰে।তেওঁ লিখিছে যে বিজয়ে নিজৰ ষ্টাইলত উৰাবাতৰি বন্ধ কৰি দিছে আৰু ইয়াৰ উত্তৰ দিবলৈ সাহস আছে। অৱশ্যে পৰিচালক গৰাকীয়ে দিয়া এই পোষ্টৰ বাবে এতিয়া তেওঁৰ বিপদ মাতি আনিছে। অনুৰাগী সকলে তেওঁক ট্ৰ’ল কৰা আৰম্ভ কৰিছে।

লগতে পঢ়ক: বাদশ্বাহৰ নতুন গীত ‘ততিৰী’ ক লৈ বিতৰ্ক; হাৰিয়ানা মহিলা আয়োগে প্ৰেৰণ কৰিলে চমন

বিবাহৰ ২৭ বছৰ পিছত ফাট; থালাপথী বিজয়ৰ পত্নী সংগীতা সোৰনালিংগমৰ বিবাহ বিচ্ছেদৰ আবেদন

দক্ষিণৰ ছুপাৰষ্টাৰ তথা TVK ৰ নেতা থালাপথী বিজয়ৰ পত্নী সংগীতা সোৰনালিংগমে চেংগলপট্টু পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছে।

থালাপথী বিজয়ৰ পত্নী সংগীতা সোৰনালিংগমে ২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰীত চেংগলপট্টু পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছে।

এই আবেদনখনেই হৈছে দম্পতীহালৰ বিচ্ছেদৰ দিশত প্ৰথম আনুষ্ঠানিক আইনী পদক্ষেপ।বিজয়, যি কেৱল এজন সুপৰিচিত তামিল অভিনেতাই নহয়, তামিলাগা ভেট্ৰি কাঝাগামৰ প্ৰতিষ্ঠাপকো।

তেওঁলোকৰ বিবাহ বিচ্ছেদৰ এই খবৰে এতিয়া সকলোকে আচৰিত কৰিছে। অৱশ্যে ছুপাৰষ্টাৰ বিজয়ে এই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

আদালতে আবেদনৰ শুনানি গ্ৰহণ কৰি থকাৰ বাবে বিষয়টোত অধিক ব্যৱস্থা গ্ৰহণৰ বাবে অপেক্ষা কৰা হৈছে।বিজয় আৰু সংগীতাই বিবাহৰ ২৭ বছৰ পিছত ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছে।

১৯৯৯ চনৰ ২৫ আগষ্টত দক্ষিণ ভাৰতীয় অভিনেতা বিজয় আৰু সংগীতা সোৰনালিংগমৰ বিবাহ পাশত আৱদ্ধ হৈছিল।বিজয় খ্ৰীষ্টান আৰু সংগীতা হিন্দু।

দম্পতীহালে হিন্দু ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত চেন্নাইত এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰিছিল। তেওঁলোকৰ দুটি সন্তান আছে।

সংগীতা সোৰনালিংগম শ্ৰীলংকাৰ তামিল পৰিয়ালৰ,কিন্তু তেওঁ আমেৰিকা যুক্তৰাজ্যত ডাঙৰ-দীঘল হৈছিল।সংগীতাই সদায় গ্লেমাৰ জগতৰ পৰা আঁতৰত থাকি পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনক অগ্ৰাধিকাৰ দি আহিছে।

লগতে পঢ়ক: ‘এয়া মোৰ স্বামী বিজয় ’; ৰশ্মিকা মাণ্ডানাই শ্বেয়াৰ কৰিলে বিয়াৰ প্ৰথমখন ফটো