"মমতাক পৰাস্ত কৰাৰ বাবেই চন্দ্ৰনাথক হত্যা কৰা হ'ল"; পি এৰ হত্যাকাণ্ড সন্দৰ্ভত সুবেন্দু অধিকাৰীৰ প্ৰতিক্ৰিয়া

“মমতাক পৰাস্ত কৰাৰ বাবেই চন্দ্ৰনাথক হত্যা কৰা হ’ল”; পি এৰ হত্যাকাণ্ড সন্দৰ্ভত সুবেন্দু অধিকাৰীৰ প্ৰতিক্ৰিয়া

চন্দ্ৰনাথ ৰাথৰ হত্যাকাণ্ডৰ সন্দৰ্ভত সুবেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক লক্ষ্য কৰি লৈছে। সুবেন্দু অধিকাৰীয়ে কৈছে যে, “মমতাক পৰাস্ত কৰাৰ বাবেই চন্দ্ৰনাথক হত্যা কৰা হ’ল” বিজেপি নেতা সুবেন্দু অধিকাৰীয়ে তেওঁৰ পি এ চন্দ্ৰনাথ ৰাথৰ হত্যাকাণ্ড সন্দৰ্ভত এক বৃহৎ বিবৃতি প্ৰকাশ কৰিছে।চন্দ্ৰনাথ ৰাথৰ হত্যাকাণ্ডক লৈ তেওঁ তৃণমূল কংগ্ৰেছৰ

চন্দ্ৰনাথ ৰাথৰ হত্যাকাণ্ডৰ সন্দৰ্ভত সুবেন্দু অধিকাৰীয়ে মমতা বেনাৰ্জীক লক্ষ্য কৰি লৈছে। সুবেন্দু অধিকাৰীয়ে কৈছে যে, “মমতাক পৰাস্ত কৰাৰ বাবেই চন্দ্ৰনাথক হত্যা কৰা হ’ল”

বিজেপি নেতা সুবেন্দু অধিকাৰীয়ে তেওঁৰ পি এ চন্দ্ৰনাথ ৰাথৰ হত্যাকাণ্ড সন্দৰ্ভত এক বৃহৎ বিবৃতি প্ৰকাশ কৰিছে।চন্দ্ৰনাথ ৰাথৰ হত্যাকাণ্ডক লৈ তেওঁ তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীক লক্ষ্য কৰি লৈছে।সুবেন্দু অধিকাৰীয়ে কয়, “মই ভবানীপুৰত মমতাক পৰাস্ত কৰিলোঁ; সেইবাবেই চন্দ্ৰনাথক হত্যা কৰা হ’ল।” পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাত বুধবাৰে নিশা প্ৰায় ১০:৩০ বজাত মধ্যমগ্ৰামৰ দোলতলাৰ সমীপত মটৰ চাইকেলত অহা দুৰ্বৃত্তই চন্দ্ৰনাথ ৰাথক গুলীয়াই হত্যা কৰে।

আক্ৰমণকাৰীয়ে তেওঁক চাৰি জাই গুলীচালনা কৰে। আজি মধ্যগ্ৰামৰ চিকিৎসালয়ৰ পৰা চন্দ্ৰনাথ ৰাথৰ মৃতদেহ তেওঁৰ বাসগৃহলৈ অনা হয়।

চন্দ্ৰনাথ ৰাথৰ হত্যাৰ সন্দৰ্ভত সুবেন্দু অধিকাৰীয়ে কয়, এই হত্যাকাণ্ডৰ বাবে যিমানেই নিন্দা কৰা হয়, সিমানেই কম হ’ব।তেওঁক এই কাৰণেই হত্যা কৰা হ’ল কাৰণ তেওঁ মোৰ সহযোগী আছিল আৰু মই ভবানীপুৰত মমতা বেনাৰ্জীক পৰাস্ত কৰিছিলোঁ।এইটোৱেই তেওঁৰ হত্যাৰ কাৰণ হ’ব পাৰে।মই তেওঁলোকৰ পৰিয়ালৰ সৈতে আছো, আৰু পৰিয়ালে দাবী কৰে যে হত্যাৰ দোষীসকলক গ্ৰেপ্তাৰ কৰা হওক আৰু তেওঁলোকক শাস্তি দিয়া উচিত। মৰণোত্তৰ পৰীক্ষাত দেখা গ’ল যে তেওঁক চাৰিটা গুলী নিক্ষেপ কৰা হৈছে; এই হত্যাকাণ্ডটো পূৰ্ব পৰিকল্পিত আছিল।”

লগতে পঢ়ক: মোক বৰ্খাস্ত কৰক, কিন্তু মই পদত্যাগ নকৰোঃ শোচনীয় পৰাজয়ৰ পাছতো নাচোৰবান্দা মমতা বেনাৰ্জী