দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ অনুৰাগীলৈ এটা ভাল খবৰ। শীঘ্ৰেই ছবিগৃহত মুক্তি পাব থালাপথী বিজয়ৰ শেষৰখন ছবি জন নায়কন
দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ অনুৰাগীৰ বাবে এটা ডাঙৰ খবৰ আহিছে। অৱশেষত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে থালাপথী বিজয়ৰ শেষৰকন ছবি জন নায়কন।চেন্সৰ ব’ৰ্ডৰ সৈতে দীৰ্ঘদিনীয়া যুঁজ আৰু আইনী বাধাৰ অন্তত এই ৰাজনৈতিক একচন ছবিখনৰ মুক্তিৰ তাৰিখ চূড়ান্ত কৰা হৈছে।
এই ৰাজনৈতিক একচন ছবিখন ২০২৬ চনৰ ৮ মে’ত বিশ্বৰ চিনেমা হলত মুক্তি পাব। যদিও নিৰ্মাতাসকলে এতিয়াও আনুষ্ঠানিকভাৱে কোনো প্ৰকাশ কৰা নাই,অৱশ্যে এই সন্দৰ্ভত শীঘ্ৰে এক বৃহৎ ঘোষণা কৰা হ’ব বুলি চৰ্চা চলিছে।থালাপথী বিজয়ৰ শেষৰখন ছবি হিচাপে দৰ্শকৰ মাজত ইয়াৰ প্ৰতি এক অপৰিসীম উন্মাদনা দেখিবলৈ পোৱা গৈছে।
কেভিএন প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘জন নায়কন’ ছবিখনে যথেষ্ট দিনৰ পৰা শিৰোনাম দখল কৰি আহিছে।কাৰণ এই ছবিখন থালাপথী বিজয়ৰ অভিনয় জীৱনৰ শেষৰখন ছবি হ’বলৈ গৈ আছে।ইয়াৰ পিছতে তেওঁ সম্পূৰ্ণৰূপে নিজৰ ৰাজনৈতিক কেৰিয়াৰত নামিবলৈ সাজু হৈছে। এইচ বিনোথৰ পৰিচালিত ‘জন নায়কন’ ছবিখনত থালাপথী বিজয়ক এজন প্ৰাক্তন আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখা যাব।লগতে ছবিখনত ববি দেউলক খলনায়কৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব।আনহাতে মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিব পূজা হেগড়ে।
থালাপথী বিজয়ৰ শেষৰখন ছবি হিচাপে অনুৰাগীৰ আৱেগিক জড়িত হৈ পৰিছে। বিজয়ক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত চাবলৈ অনুৰাগীসকলে অতি আগ্ৰহেই বাট চাই আছে।
লগতে পঢ়ক: ‘ৰণবীৰ সিঙে কৰিব লাগিব চামুণ্ডেশ্বৰী মন্দিৰ পৰিদৰ্শন’; আদালতৰ নিৰ্দেশ









