বিপদত থালাপথী বিজয়ৰ অন্তিমখন ছবি ‘জন নায়কন’; ন্যায়ালয়ে দিব ৰায়দান

পুনৰ সমস্যাত সোমাই পৰিছে থালাপথী বিজয়ৰ অন্তিমখন ছবি ‘জন নায়কন’। ধৰ্মীয় আৱেগক আঘাত দিয়া আৰু সেনাবাহিনীৰ চিত্ৰণক লৈ আপত্তি ক লৈ ন্যায়ালয়ে দিব ৰায়দান

দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘জন নয়গান’ মুক্তিৰ বিতৰ্ক এতিয়া উচ্চতম ন্যায়ালয়ত উপনীত হৈছে।

চলচ্চিত্ৰ প্ৰযোজক কেভিএন প্ৰডাকচনে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ সংমণ্ডল বিচাৰপীঠৰ স্থগিতাদেশৰ বিৰুদ্ধে বিশেষ ছুটীৰ আবেদন দাখিল কৰিছে,যাৰ শুনানি ১৫ জানুৱাৰী, ২০২৬ তাৰিখ বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব।

অভিনেতা বিজয়ৰ ছবি ‘জন নয়গান’ মুক্তিৰ বিতৰ্কৰ শুনানি অহা ১৫ জানুৱাৰী বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’ব।

ন্যায়াধীশ দিপাংকৰ দত্ত আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ছবিখনৰ মুক্তিৰ ওপৰত স্থগিতাদেশ দিছে।  

শেহতীয়াকৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে দিয়া সিদ্ধান্তত অভিনেতা-ৰাজহুৱা নেতালৈ পৰিণত হোৱা বিজয়ৰ ছবি ‘জন নয়গান’ক চেন্সৰৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নিৰ্দেশ দিয়া একক ন্যায়াধীশ বিচাৰপীঠৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ে স্থগিত ৰাখিছিল।

বিজয়ৰ শেষ চিনেমাৰ প্ৰজেক্ট হিচাপে বিবেচিত হৈছে ‘জন নয়গন’, কাৰণ তেওঁ নিজৰ দল তামিলাগা ভেটিৰি কাঝাগামৰ সৈতে সম্পূৰ্ণৰূপে ৰাজনীতিত প্ৰৱেশ কৰিছে।ছবিখনে ৯ জানুৱাৰীত মুক্তি পাবলগীয়া কথা আছিল।

চিবিএফচিৰ চেন্নাই আঞ্চলিক কাৰ্যালয়ৰ পৰীক্ষা সমিতিয়ে ২০২৫ চনৰ ডিচেম্বৰ মাহত ছবিখনৰ কিছু কৰ্তনৰ পিছত ইউ/এ ১৬+ প্ৰমাণপত্ৰ দিবলৈ পৰামৰ্শ দিছিল, যিটো প্ৰযোজকসকলে মানি লৈছিল।

কিন্তু ৬ জানুৱাৰীত চিবিএফচিৰ অধ্যক্ষ প্ৰসুণ যোশীয়ে অভিযোগৰ ভিত্তিত ইয়াক সংশোধন সমিতিলৈ প্ৰেৰণ কৰে। এই অভিযোগ পৰীক্ষা সমিতিৰ এজন সদস্যৰ পৰাই আছিল, য’ত ধৰ্মীয় আৱেগক আঘাত দিয়া আৰু সেনাবাহিনীৰ চিত্ৰণক লৈ আপত্তি উত্থাপন কৰা হৈছিল।

লগতে পঢ়ক: কাৰুৰ পদপৃষ্ট ট্ৰেজেদি: দক্ষিণৰ অভিনেতা থালাপাতি বিজয়ক CBI ৰ জেৰা

‘জন নয়গন’ই হ’ব নেকি থালাপথী বিজয়ৰ অন্তিমখন ছবি? অনুৰাগীক দিলে জন্মদিনৰ উপহাৰ

থালাপথী বিজয়ৰ অন্তিমখন ছবি

দক্ষিণৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ে ৫১ সংখ্যক জন্মদিন উদযাপন কৰিছে।জন্মদিন উপলক্ষে অভিনেতাগৰাকীয়ে তেওঁৰ শেষৰখন ছবি ‘জন নয়গান’ৰ টিজাৰ মুকলি কৰিছে।

ইয়াৰ লগতে অভিনেতা গৰাকীৰ ফাৰ্ষ্ট লুকটোও সকলোৰে সন্মুখত আহিছে। অভিনেতাজনক আৰক্ষীৰ অৱতাৰ টিজাৰত দেখা গৈছে। তেওঁৰ শক্তিশালী পুলিচ লুক দেখি বিজয়ৰ অনুৰাগীসকল অতিশয় আনন্দিত হৈছে।

‘জন নয়গান’ ছবিখনৰ টিজাৰত অভিনেতাগৰাকীক আৰক্ষীৰ ইউনিফৰ্মত দেখা গৈছে। যাৰ চাৰিওফালে হিংসাত্মক পৰিৱেশ আৰু জুই দেখুওৱা হৈছে।

টিজাৰৰ আৰম্ভণিতে এটা সংলাপ আহে। য’ত লিখা আছে, ‘এজন প্ৰকৃত নেতা ক্ষমতাৰ বাবে নহয়, জনসাধাৰণৰ বাবেহে উঠিছে।’

কেতিয়া মুক্তি পাব এই ছবিখন?

জানিব পৰা মতে অভিনেতা বিজয় ‘জন নয়গান’ৰ এই ছবিখন তেওঁৰ অন্তিমখন ছবি হ’ব পাৰে, কাৰণ ইয়াৰ পিছত তেওঁক ৰাজনীতিত সক্ৰিয়ভাৱে দেখা পোৱা যাব।

২০২৬ চনৰ ৯ জানুৱাৰীত মকৰ সংক্ৰান্তি আৰু পংগলৰ ঠিক আগতে ছবিখন ছবিগৃহত মুক্তি পাব।

২০২৬ ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজয়ে!

১৯৯২ চনত অভিনয়ত আত্মপ্ৰকাশ কৰা বিজয়ে নিজৰ কেৰিয়াৰত বহু হিট ছবি আগবঢ়াইছে।যোৱা বছৰ তেওঁ নিজৰ ৰাজনৈতিক দল তামিলাগা ভেট্ৰি কাঝাগাম আৰম্ভ কৰিছিল।

যাৰ হিন্দী নাম তামিলনাডু বিজয় পাৰ্টি।ধাৰণা কৰা হৈছে যে অভিনেতা বিজয়ে ছবি এৰি ৰাজনীতিত দেখা পাব আৰু ২০২৬ চনত বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব।

থালাপথী-পূজাক একেলগে দেখা যাব

এই ছবিখনত থালাপথী বিজয়ৰ সৈতে অভিনেত্ৰী পূজা হেগড়েক দেখা যাব ।ইয়াৰ উপৰিও ববি দেওল, প্ৰকাশ ৰাজ, প্ৰিয়মণি, মমিতা বাইজু, মনিছা ব্লেছী, বাৰলক্ষ্মী সাৰথকুমাৰৰ দৰে ডাঙৰ অভিনেতাও ইয়াত অভিনয় কৰিছে।  

লগতে পঢ়ক: শ্বাহৰুখ খান আৰু গৌৰীয়ে কৰিলে নিয়ম উলংঘা!নিৰিক্ষণৰ বাবে মন্নত’ত BMC