‘সংকট বহু ডাঙৰ‘; মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ থালাপথী বিজয়ৰ

‘সংকট বহু ডাঙৰ‘; মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ থালাপথী বিজয়ৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপথী বিজয়ে বস্ত্ৰ উদ্যোগ ৰক্ষাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী গৰাকীক হস্তক্ষেপ কৰি আমদানি শুল্ক বিলুপ্ত কৰিবলৈ আহ্বান জনাইছে। তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে জোচেফ বিজয়ে কৃষকক আকৰ্ষণ কৰিবলৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি কপাহৰ আমদানি

তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপথী বিজয়ে বস্ত্ৰ উদ্যোগ ৰক্ষাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী গৰাকীক হস্তক্ষেপ কৰি আমদানি শুল্ক বিলুপ্ত কৰিবলৈ আহ্বান জনাইছে।

তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে জোচেফ বিজয়ে কৃষকক আকৰ্ষণ কৰিবলৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি কপাহৰ আমদানি শুল্ক আঁতৰোৱাৰ আবেদন জনাইছে।

দৰাচলতে ঘৰুৱা কপাহৰ উৎপাদন হ্ৰাস পোৱা আৰু উচ্চ মূল্যৰ বাবে বস্ত্ৰ নিৰ্মাতা কোম্পানীসমূহে কেঁচামালৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী থালাপথী বিজয়ে প্ৰধানমন্ত্ৰী মোদীক হস্তক্ষেপ কৰা আৰু বস্ত্ৰ উদ্যোগক বচাবলৈ আমদানি শুল্ক বিলুপ্ত কৰিবলৈ আহ্বান জনাইছে।

তেওঁ কপাহৰ ওপৰত বৰ্তমানৰ ১১% আমদানি শুল্ক শূন্যলৈ হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে।ইয়াৰ উপৰিও তেওঁ সকীয়াই দিয়ে যে কেঁচামালৰ মূল্য বৃদ্ধিৰ বাবে ৰাজ্যখনৰ বস্ত্ৰ আৰু পোছাক খণ্ডই ভয়াৱহ সংকটৰ সন্মুখীন হৈছে।

মন কৰিবলগীয়া যে ভাৰতৰ প্ৰায় ৬০ লাখ কৃষকে কপাহৰ খেতি কৰে।সস্তা বিদেশী কপাহৰ আমদানি ৰোধ কৰিবলৈ কেন্দ্ৰীয় বাজেট ২০২১-২২ত কেঁচা কপাহৰ ওপৰত ১১ শতাংশ আমদানি শুল্ক আৰোপ কৰা হৈছিল।কিন্তু উচ্চ ঔদ্যোগিক চাহিদাৰ তুলনাত উৎপাদন কম হোৱাৰ বাবে চৰকাৰে ২০২৫ চনৰ আগষ্ট মাহত আমদানি শুল্ক ৰেহাই ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰে।

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা পত্ৰখনত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে কপাহ আৰু সূতাৰ মূল্যৰ ব্যাপক উত্থানে কাপোৰ নিৰ্মাতাসকলৰ বাবে সংকটৰ সৃষ্টি কৰিছে,এইটোও লাখ লাখ শ্ৰমিকৰ জীৱিকাৰ বিষয়।মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে এই উদ্যোগে লাখ লাখ লোকক প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন প্ৰদান কৰে।এতিয়া কেৱল আমদানিৰ জৰিয়তেহে কেঁচামালৰ নিৰন্তৰ যোগান নিশ্চিত কৰিব পৰা যাব।

মুখ্যমন্ত্রী গৰাকীৰ মতে বিগত দুমাহত কপাহৰ মূল্য ৫৪,৭০০ ৰ পৰা ৬৭,৭০০টকালৈ লৈ বৃদ্ধি পাইছে।

লগতে পঢ়ক: পাঁচখন দেশ ভ্ৰমণৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী মোদী;  কেইবাটাও বৃহৎ চুক্তি স্বাক্ষৰৰ সম্ভাৱনা