আজিৰ পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোদীৰ পাঁচখন দেশৰ ভ্ৰমণ। প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমে আবুধাবিত ইউ এ ইৰ ৰাষ্ট্ৰপতি নাহিয়ানৰ সৈতে বৈঠকত মিলিত হ’ব।
আজিৰ পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচখন দেশৰ ভ্ৰমণ।ইউ এ ইৰ পৰা আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণ।ইয়াৰ পিছত প্ৰধানমন্ত্ৰী গৰাকীয়ে নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালী ভ্ৰমণ কৰিব।ইতিমধ্যে পুৱা ৮:৩০ বজাত ইউ এ ই অভিমুখে ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী।আবুধাবিত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী গৰাকী।
এই সময়ছোৱাত দুয়োখন দেশৰ মাজত লিকুইফাইড পেট্ৰলিয়াম গেছ,এল পি জি আৰু কৌশলগত পেট্ৰলিয়াম মজুতৰ সৈতে জড়িত দুখন মূল চুক্তি স্বাক্ষৰিত হ’ব পাৰে।ইউ এ ইয়ে তেল উৎপাদনকাৰী দেশৰ গোট অ’পেকৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে।এই প্ৰেক্ষাপটত দুয়োখন দেশৰ অংশীদাৰিত্ব তাৎপৰ্যপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বিষয়ত আলোচনা কৰিব।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কেন্দ্ৰবিন্দু হৈছে শক্তি।প্ৰধানমন্ত্ৰী মোডীৰ ইউ এ ই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত এক বৃহৎ চুক্তি হ’ব পাৰে।য’ত বিশেষকৈ শক্তি সহযোগিতাৰ বিশ্বব্যাপী পৰিৱেশৰ বিষয়েও আলোচনা কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীৰ ইউ এ ই ভ্ৰমণ এনে সময়ত হৈছে যি সয়মত দেশত তেল সংৰক্ষণৰ অভিযান অব্যাহত আছে।ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বাবে আমেৰিকাৰ ৰেহাইৰ অন্ত পৰিবলৈও ওলাইছে।এই ৰেহাই ১৬ মে’লৈকে দিয়া হৈছে।যদি আমেৰিকাই এই ৰেহাই বৃদ্ধি নকৰে, তেন্তে ভাৰতে হয়তো ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কমাব লাগিব।ইয়াৰ মাজতে ভাৰতে ৰাছিয়াৰ তেলত প্ৰদান কৰা ৰেহাই বৃদ্ধি কৰিবলৈ আমেৰিকাক আবেদন জনাইছে।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ কনভয়ৰ ৫০ শতাংশ বাহন হ্ৰাস কৰাৰ সিদ্ধান্ত









