‘ধুৰন্ধৰ’ৰ ধামাকা… গভীৰ নিশাও দেখা গৈছে অনুৰাগীৰ উন্মাদনা

শেহতীয়াকৈ মুক্তি পোৱা ধুৰন্ধৰে দৰ্শকক ছবিগৃহত ভিৰ কৰিবলৈ বাধ্য কৰিছে । অনুৰাগীৰ মাজত দেখা পোৱা উন্মাদনাই এই ছবিৰ শ্ব বৃদ্ধি কৰিছে ।

পৰিচালক আদিত্য ধৰে পুনৰবাৰ দৰ্শকক চিনেমা হলত ভিৰ কৰিবলৈ বাধ্য কৰাইছে । “উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক”ৰ পিছত তেওঁৰ ছবি “ধুৰন্ধৰ”এ ছবিগৃহত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছে । ইতিমধ্যে অনুৰাগীসকলে ছবিখনৰ বাবে যথেষ্ঠ আশাৰে অপেক্ষা কৰি আছিল । এতিয়া মুক্তিৰ পিছতে এই ছবি চাবলৈ অনুৰাগীৰ আগ্ৰহ আৰু তীব্ৰতৰ হৈ পৰিছে ।

‘ধুৰন্ধৰ’ৰ উন্মাদনাই বৃদ্ধি কৰিলে শ্ব’ৰ সংখ্যা-

এডঙান্স বুকিঙৰ ক্ষেত্ৰত বহু পিছ পৰি ৰৈছিল ৰণবীৰ সিঙৰ ‘ধুৰন্ধৰ’ । ছবিখনৰ প্ৰথম দিনাৰ সংগ্ৰহ আকৰ্ষণীয় হ’ব বুলি সকলোৱে আশা কৰিছিল । কিন্তু ৫ ডিচেম্বৰত মুক্তি পোৱাৰ পিছত যি হ’ল সেয়া অভূতপূৰ্ব আছিল । ছবিখনে মুক্তিৰ দিনটোত ২৭ কোটি টকা সংগ্ৰহ কৰে । সন্ধিয়াৰ সময়ত ছবিখনৰ দখলৰ হাৰ শিখৰত উপনীত হয় । ছবিখনে সাধাৰণতে ইতিবাচক সমালোচনা লাভ কৰাৰ বাবে প্ৰায় সকলো শ্ব’তে হাউচফুল দেখা গৈছে ।

দিল্লী আৰু মুম্বাইত ছবিখনৰ সৰ্বাধিক শ্ব’  হাউচফুল দেখা গৈছে । চিনেমা হলত বৰ্তমান ধনুশৰ “তেৰে ইছক মেইন” চলি আছে, ইয়াৰ সমান্তৰালভাৱে ছবিখনে ভাল প্ৰদৰ্শনো কৰিছে । অৱশ্যে “ধুৰন্ধৰ”এ এই ছবিখনক পিছ পেলাবলৈ সক্ষম হৈছে । এতিয়া ক্ৰমাৎ বৃদ্ধি পোৱা চাহিদাৰ বাবে ছবিখনৰ বিতৰকসকলে শ্ব’ৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে । মুম্বাইত ২৪ ঘণ্টা ধৰি ছবিগৃহত চলিব আদিত্য ধৰৰ এই ছবিখন ।

জানিব পৰা মতে মুম্বাইৰ বহু ছবিগৃহত “ধুৰন্ধৰ”ৰ শ্ব’ মাজনিশা ১ বজাৰ পৰা পুৱা ৬ বজালৈ চলি আছে । ইফালে দিল্লী এন চি আৰত দেওবাৰে এই ছবিখনৰ শেষ শ্ব’ নিশা ১১:৫৫ বজাত । যদি ছবিখন এই গতিৰে বৃদ্ধি পাই থাকে তেন্তে আন চহৰতো ইয়াৰ প্ৰদৰ্শন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : সামান্থাৰ লগত দ্বিতীয় বিবাহৰ পিছতে ৰাজ নিদিমোৰুৰ প্ৰাক্তন পত্নীৰ আৱেগিক পোষ্ট…

২ বছৰৰ মূৰত ৰণবীৰ সিঙৰ প্ৰত্যাৱৰ্তন; ‘ধুৰন্ধৰ’ক ব্লকবাষ্টাৰ আখ্যা

প্ৰায় ২ বছৰ দীঘলীয়া অপেক্ষাৰ অন্তত পুনৰ ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা গৈছে ৰণবীৰ সিঙক।

প্ৰায় ২ বছৰ দীঘলীয়া অপেক্ষাৰ অন্তত অৱশেষত পুনৰ ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা গৈছে অভিনেতা ৰণবীৰ সিঙক,যাৰ বাবে তেওঁৰ অনুৰাগীসকল অতিশয় সুখী।

বিশেষ কথাটো হ’ল এই ডিচেম্বৰ মাহত তেওঁ বলীউডত ১৫ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে আৰু এই বিশেষ মূহূৰ্তত আদিত্য ধৰৰ চোৰাংচোৱা একচন ছবি ‘ধুৰন্ধৰ’ লৈ আহিছে।

ছবিখনৰ ট্ৰেইলাৰ, ইয়াৰ শক্তিশালী ৰূপ আৰু উৎকৃষ্ট ষ্টাৰকাষ্টে প্ৰথমৰ পৰাই এক পৰিৱেশ সৃষ্টি কৰিছে আৰু এতিয়া ছবিগৃহত ‘ধুৰন্ধৰে’ মুক্তি লাভ কৰিছে।

ছবিখনত ৰণবীৰৰ লগতে সঞ্জয় দত্ত, অক্ষয় খান্না, আৰ মাধৱন, অৰ্জুন ৰামপাল, চাৰা অৰ্জুন, ৰাকেশ বেদীৰ দৰে মেধাৱী আৰু শক্তিশালী অভিনেতাকো দেখিবলৈ পোৱা গৈছে।

নিৰ্মাতাসকলে প্ৰথম দিনাৰ পৰাই ছবিখনৰ কাহিনী গোপন কৰি ৰাখিছে।২ টা বছৰৰ পিছত ছবিখনত ৰণবীৰ সিঙৰ অভিনয়ে সকলোকে মোহিত কৰিছে। আনকি বহুতে এই ছবিখনক আদিত্য ধৰৰ ‘বিস্ফোৰক মাষ্টাৰপিছ’ বুলিও অভিহিত কৰিছে।

লগতে পঢ়ক: সামান্থাৰ লগত দ্বিতীয় বিবাহৰ পিছতে ৰাজ নিদিমোৰুৰ প্ৰাক্তন পত্নীৰ আৱেগিক পোষ্ট…

ক্ষমা খুজিও ৰক্ষা পোৱা নাই ৰণবীৰ সিঙে; অভিনেতাজনৰ বিৰুদ্ধে অভিযোগ দাখিল

‘কান্তৰা অধ্যায় ১’ সন্দৰ্ভত মন্তব্যৰ পিছত ক্ষমা খুজিও ৰক্ষা পোৱা নাই ৰণবীৰ সিঙে।অভিযোগ দাখিল


বলীউডৰ অভিনেতা ৰণবীৰ সিং ডাঙৰ বিপদত পৰিছে।তেওঁ এখন চলচ্চিত্ৰ মহোৎসৱত দক্ষিণ তাৰকা ঋষভ শেট্টীৰ ছবি ‘কান্তৰা অধ্যায় ১’ সন্দৰ্ভত মন্তব্য কৰিছিল।

এই ছবিখনত ঋষভে দেৱী চামুণ্ডেশ্বৰীৰ চৰিত্ৰত অভিনয় কৰিছিল,যাক লৈ ৰণবীৰ সিঙে ঠাট্টা কৰিছিল।ইয়াৰ পিছতে ৰণবীৰ সিঙে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ইয়াৰ বাবে তেওঁ ছ’চিয়েল মিডিয়াৰ জৰিয়তেও ক্ষমা বিচাৰিছে। অৱশ্যে এতিয়ালৈকে অভিনেতাজনক বিপদে লগ এৰা নাই।

ধৰ্মীয় আৱেগক আঘাত কৰা, দৈৱ পৰম্পৰাক অপমান কৰি হিন্দু বিশ্বাসক উপহাস কৰাৰ বাবে প্ৰশান্ত মেথাল নামৰ এজন অধিবক্তাই ৰণবীৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

অভিনেতা ৰণবীৰৰ বিৰুদ্ধে বেংগালুৰুৰ হাই গ্ৰাউণ্ডছ থানাত প্ৰশান্ত মেথালে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ২০২৩ৰ ২৯৯, ৩০২ আৰু ১৯৬ ধাৰাত এজাহাৰ দাখিল কৰিছে ।

তেওঁ নিজৰ অভিযোগত লিখিছে,’মই উপৰোক্ত ঠিকনাৰ বাসিন্দা আৰু ভাৰতৰ আইন-শৃংখলা পালনকাৰী নাগৰিক আৰু এজন অধিবক্তা’।

‘মই এই অভিযোগটো বলীউডৰ অভিনেতা ৰণবীৰৰ দ্বাৰা ৰ অবৈধ আৰু আপত্তিজনক কাৰ্যক আপোনালোকৰ তৎকালীন জাননীলৈ অনাৰ বাবে দাখিল কৰিছো,যাৰ বাবে মোৰ আৰু লাখ লাখ হিন্দু বিশেষকৈ কৰ্ণাটকৰ তুলু ভাষী সম্প্ৰদায়ৰ ধৰ্মীয় আৱেগ গভীৰভাৱে আহত হৈছে।’

তেওঁ লগতে কয় যে, ‘অভিযুক্তজন লাখ লাখ অনুগামী থকা ৰাজহুৱা ব্যক্তি। আন্তঃৰাষ্ট্ৰীয় মঞ্চত এনে কাৰ্টুন নিৰ্মাণ কৰি তেওঁ কেৱল কন্তৰা ছবিখনকে অপমান কৰাই নহয়,বৰঞ্চ ই তুলু পৰম্পৰাৰ গভীৰ আধ্যাত্মিক বিশ্বাসক উপহাস কৰিছে’।

‘সমাজৰ ধৰ্মীয় আৱেগক আঘাত দিয়াৰ ইচ্ছাকৃত উদ্দেশ্যেৰে এই কাৰ্য সংঘটিত কৰা হৈছে। যাৰ বাবে দৈৱ ভক্ত আৰু সাধাৰণ জনতাৰ মাজত তীব্ৰ মানসিক যন্ত্ৰণা, খং আৰু অসন্তুষ্টি বিয়পি পৰিছে।ইয়াৰ ফলত জনশান্তি বিঘ্নিত হোৱাৰ সম্ভাৱনা আছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত শত্ৰুতা বৃদ্ধি পাব।’

লগতে পঢ়ক: ছানী দেউলৰ পুত্ৰই হৰিদ্বাৰত বিসৰ্জন দিলে ধৰ্মেন্দ্ৰৰ অস্থি; উচুপি উঠিল ববি দেউল

বিতৰ্কৰ মাজত ৰণবীৰ সিং; ‘কান্তৰা’ত দেখুওৱা ‘দেৱী’ক ‘ভূত’ আখ্যা

বিতৰ্কৰ মাজত ৰণবীৰ সিং

ঋষব শ্বেট্টীৰ  ২০২৫ চনৰ অন্যতম ডাঙৰ ছবি ‘কান্তৰা অধ্যায় ১’ এ সকলোৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল।ছবিখনত ঋষভে যি ধৰণে অভিনয় কৰিছিল,তাক দেখি সকলোৰে চকু থিয় হৈ গৈছিল।

শেহতীয়াকৈ ‘কান্তৰা অধ্যায় ১’ আকৌ এবাৰ শিৰোনামলৈ আহিছে। এইবাৰ ইয়াৰ ভাইৰেল হোৱাৰ কাৰণ হৈছে বলীউডৰ অভিনেতা ৰণবীৰ সিং

উল্লেখ্য যে, কান্তৰাৰ কাহিনী আচলতে কৰ্ণাটকৰ তুলু সম্প্ৰদায়ৰ দেৱতাসকলৰ বিষয়ে।তেওঁৰ নিজৰ দেৱতাসকলৰ ওপৰত অতিশয় বিশ্বাস কৰে আৰু আনকি তেওঁলোকৰ পূজাও কৰে।

প্ৰতি বছৰে তেওঁৰ গাঁৱত দেৱতাৰ উৎসৱও অতি আড়ম্বৰেৰে পালন কৰা হয়।এনে পৰিস্থিতিত দেৱী চামুণ্ডা মাতাক ভূত আখ্যা ৰণবীৰৰ।

শেহতীয়াকৈ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল ৰণবীৰ সিং ,য’ত তেওঁ নিজৰ আগন্তুক ছবি ‘ধুৰন্ধৰ’ৰ প্ৰচাৰ কৰিছিল।

এই সময়ছোৱাত তেওঁ তাত ‘কান্তৰা’ৰ পৰা ঋষভ শ্বেট্টিক দেখিছিল,তেওঁলোকৰ প্ৰশংসাৰ উদ্দেশ্যে অভিনেতাজনে কয় যে,”মই আপোনাৰ ছবিখন ছবিগৃহত চাইছিলো আৰু সঁচা কথা ক’বলৈ গ’লে আপোনাৰ অভিনয় আছিল চমৎকাৰ।বিশেষকৈ যেতিয়া আপোনাৰ শৰীৰত কোনো নাৰী ভূত প্ৰৱেশ কৰে।”

ৰণবীৰে সেই দৃশ্যটো অভিনয় কৰিও দেখুৱাই। তেওঁ যিধৰণে অভিনয়টো কৰি দেখুৱাইছিল সেইটো দেখি ঋষভ হাঁহি হাঁহি বাগৰি পৰিছিল। কিন্তু পিছফালে বহি থকা মানুহবোৰক যথেষ্ট হতাশ যেন লাগিল।

অভিনেতাগৰাকীৰ সেই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তেওঁৰ এই মন্তব্যক লৈ ক্ষুদ্ধ হৈ পৰিছে কৰ্ণাটকৰ লোক সকল।বহু লোকে মন্তব্য কৰিছে যে অভিনেতা গৰাকীৰ এই কামে তেওঁলোকৰ আৱেগক আঘাত কৰিছে।

লগতে পঢ়ক: ১০ বছৰৰ মূৰত পুনৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব দীপিকা-ৰণবীৰ কাপুৰক…

ট্ৰেইলাৰ ৰিলিজৰ পূৰ্বেই ‘ধুৰন্ধৰ’ৰ ধামাকা

‘ধুৰন্ধৰ’ৰ ধামাকা

শীঘ্ৰেই পৰিচালক আদিত্য ধৰে তেওঁৰ পৰৱৰ্তী ছবি “ধুৰন্ধৰ” ডাঙৰ পৰ্দালৈ আনিব । বিগত দুবছৰ ধৰি অনুৰাগীসকলে এই ছবিখনৰ বাবে অপেক্ষা কৰি আছিল । ঘোষণাৰ পিছৰে পৰা “উৰি”ৰ পিছত আদিত্য ধৰে কি আনিব সেয়া চাবলৈ সকলোৱে আগ্ৰহী হৈ পৰিছে । ইফালে “ধুৰন্ধৰ” ষ্টাৰকাষ্টো অতি আক্ৰষণীয় ।

ৰণবীৰ সিং, সঞ্জয় দত্ত, আৰ মাধৱন, অক্ষয় খান্না, অৰ্জুন ৰামপাল আদি শক্তিশালী অভিনেতাক এই ছবিখনত দেখা যাব । জুলাই মাহত প্ৰথম লুক টিজাৰ মুক্তি পোৱাৰ পিছৰে পৰা ছবিখনক কেন্দ্ৰ কৰি উকণ্ঠা গঢ় লৈ উঠিছিল । আদিত্য ধৰৰ উপস্থাপনে দৰ্শকক মুগ্ধ কৰি তুলিছিল । “ধুৰন্ধৰ”ৰ ট্ৰেইলাৰো কিছুদিন পূৰ্বে মুক্তি পোৱাৰ কথা আছিল যদিও লালকিল্লাৰ কাণ্ডৰ বাবে পিছুৱাই দিয়া হয় । এতিয়া ট্ৰেইলাৰ মুক্তিৰ পূৰ্বে ছবিখনৰ সন্দৰ্ভত এটা নাটকীয় আপডেট প্ৰকাশ পাইছে ।

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আদিত্য ধৰৰ এই ছবিখন দুটা ভাগত মুক্তি পাব । পৰিচালকে প্ৰায় সাত ঘণ্টাৰ ফুটেজ শ্বুট কৰিছে, যাৰ বাবে নিৰ্মাতাসকলে অতিশয় শলাগ লৈছে । প্ৰথম খণ্ড ২০২৫ চনৰ ডিচেম্বৰ মাহত মুক্তি পাব যদিও অহা বছৰ, ২০২৬ চনৰ জুন মাহৰ আগতে দ্বিতীয় খণ্ড মুক্তি পোৱাৰ সম্ভাৱনা আছে ।

ইফালে ১৮ নৱেম্বৰ মঙলবাৰে নিশা ১২:১২ বজাত মুক্তি পাব “ধুৰন্ধৰ”ৰ ট্ৰেইলাৰ । হয়তো ছবিখনৰ দুটা খণ্ডৰ মুক্তিৰ সত্যতাও সেই ট্ৰেইলাৰ ইভেণ্টৰ সময়ত প্ৰকাশ পাব ।

লগতে পঢ়ক : ‘বাৰানসী‘ৰ ধুমুহা… মুক্তি পালে ৰাজামৌলিৰ ছবিৰ মহাকাব্যিক টিজাৰ-পোষ্টাৰ

অপেক্ষাৰ অন্ত ; জন্মৰ ৩ মাহৰ পিছত সঁচাকৈয়ে অনুৰাগীক জীয়ৰীৰ মুখ দেখুৱালে নেকি দীপিকা-ৰণবীৰে

ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ জীয়ৰী দুআৰ বয়স এতিয়া ৩ মাহ। অনুৰাগীসকলে সামাজিক মাধ্যমত ৰণবীৰ আৰু দীপিকাৰ সন্তানৰ মাত্ৰ এক আভাসহে দেখিছে, কিন্তু এতিয়ালৈকে কণমানিজনীৰ মুখখন প্ৰকাশ কৰা হোৱা নাই।

ইফালে, দীপিকা আৰু ৰণবীৰৰ তেওঁলোকৰ সন্তানৰ সৈতে তিনিখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। তেওঁলোকৰ সেই ফটোখন দেখাৰ পিছত, অনুৰাগীসকলে যথেষ্ট মৰম দিছে। কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যে এই মৰমলগা শিশুটি সঁচাকৈয়ে দীপিকা আৰু ৰণবীৰৰ নে ?

ভাইৰেল হৈ থকা এই ফটোবোৰ সৰু পৰী বেবী দুয়াৰ বুলি দাবী কৰা হৈছে।ফটোখনত, দীপিকাই শিশুটিক বাহুত ধৰি আছে আনহাতে ৰণবীৰক তেওঁলোকৰ জীয়েকৰ ফালে চাই থকা দেখা গৈছে।

কিন্তু ভাইৰেল হৈ থকা এই তিনিখন ফটো সঁচা নহয়। কোনো লোকে এআই ব্যৱহাৰ কৰি দীপিকা (দীপিকা পাডুকন) আৰু ৰণবীৰৰ ফটোবোৰ সম্পাদনা কৰিছে।

এই ফটোবোৰ ভাইৰেল হোৱাৰ লগে লগে, মানুহে সঁচা বুলি ভাবিছিল আৰু যথেষ্ট মৰম দিছিল।দৰাচলতে দীপিকা পাডুকন বা ৰণবীৰ সিঙে তেওঁলোকৰ অফিচিয়েল ছচিয়েল মিডিয়া হেণ্ডেলত এই ছবিবোৰ শ্বেয়াৰ কৰা নাই। তাতেই প্ৰমাণ পোৱা যায় যে এই ফটোসমূহ ভুৱা।