বিতৰ্কৰ মাজত ৰণবীৰ সিং
ঋষব শ্বেট্টীৰ ২০২৫ চনৰ অন্যতম ডাঙৰ ছবি ‘কান্তৰা অধ্যায় ১’ এ সকলোৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল।ছবিখনত ঋষভে যি ধৰণে অভিনয় কৰিছিল,তাক দেখি সকলোৰে চকু থিয় হৈ গৈছিল।
শেহতীয়াকৈ ‘কান্তৰা অধ্যায় ১’ আকৌ এবাৰ শিৰোনামলৈ আহিছে। এইবাৰ ইয়াৰ ভাইৰেল হোৱাৰ কাৰণ হৈছে বলীউডৰ অভিনেতা ৰণবীৰ সিং।
উল্লেখ্য যে, কান্তৰাৰ কাহিনী আচলতে কৰ্ণাটকৰ তুলু সম্প্ৰদায়ৰ দেৱতাসকলৰ বিষয়ে।তেওঁৰ নিজৰ দেৱতাসকলৰ ওপৰত অতিশয় বিশ্বাস কৰে আৰু আনকি তেওঁলোকৰ পূজাও কৰে।
প্ৰতি বছৰে তেওঁৰ গাঁৱত দেৱতাৰ উৎসৱও অতি আড়ম্বৰেৰে পালন কৰা হয়।এনে পৰিস্থিতিত দেৱী চামুণ্ডা মাতাক ভূত আখ্যা ৰণবীৰৰ।
শেহতীয়াকৈ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিছিল ৰণবীৰ সিং ,য’ত তেওঁ নিজৰ আগন্তুক ছবি ‘ধুৰন্ধৰ’ৰ প্ৰচাৰ কৰিছিল।
এই সময়ছোৱাত তেওঁ তাত ‘কান্তৰা’ৰ পৰা ঋষভ শ্বেট্টিক দেখিছিল,তেওঁলোকৰ প্ৰশংসাৰ উদ্দেশ্যে অভিনেতাজনে কয় যে,”মই আপোনাৰ ছবিখন ছবিগৃহত চাইছিলো আৰু সঁচা কথা ক’বলৈ গ’লে আপোনাৰ অভিনয় আছিল চমৎকাৰ।বিশেষকৈ যেতিয়া আপোনাৰ শৰীৰত কোনো নাৰী ভূত প্ৰৱেশ কৰে।”
ৰণবীৰে সেই দৃশ্যটো অভিনয় কৰিও দেখুৱাই। তেওঁ যিধৰণে অভিনয়টো কৰি দেখুৱাইছিল সেইটো দেখি ঋষভ হাঁহি হাঁহি বাগৰি পৰিছিল। কিন্তু পিছফালে বহি থকা মানুহবোৰক যথেষ্ট হতাশ যেন লাগিল।
অভিনেতাগৰাকীৰ সেই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তেওঁৰ এই মন্তব্যক লৈ ক্ষুদ্ধ হৈ পৰিছে কৰ্ণাটকৰ লোক সকল।বহু লোকে মন্তব্য কৰিছে যে অভিনেতা গৰাকীৰ এই কামে তেওঁলোকৰ আৱেগক আঘাত কৰিছে।
লগতে পঢ়ক: ১০ বছৰৰ মূৰত পুনৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব দীপিকা-ৰণবীৰ কাপুৰক…









