অপেক্ষাৰ অন্ত পেলাই অৱশেষত মুক্তি পালে ধুৰন্ধৰ ২ৰ টিজাৰ । ইতিমধ্যে সামাজিক মাধ্যমত খলকনি তুলিছে এই টিজাৰে ।
শেহতীয়াকৈ মুক্তি পোৱা “ধুৰন্ধৰ” ছবিখনে বলীউডত আলোড়নৰ সৃষ্টি কৰে । আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ৰণবীৰ সিঙৰ লগতে আৰ মাধৱন, অক্ষয় খান্না, চাৰা আলী খান, অৰ্জুন ৰামপালেও অভিনয় কৰিছে । এই স্পাই একচন থ্ৰিলাৰখনে ২০২৫ চনৰ সৰ্ববৃহৎ ব্লকবাষ্টাৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে হিন্দী চলচ্চিত্ৰ জগতৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপেও পৰিগণিত হয় । এতিয়া ইয়াৰ ছিকুৱেল “ধুৰন্ধৰ: দ্য ৰিভেঞ্জ”ক লৈ প্ৰচণ্ড উত্তেজনা অব্যাহত আছে । ইয়াৰ মাজতে মঙলবাৰে “ধুৰন্ধৰ: দ্য ৰিভেঞ্জ” ছবিখনৰ বহু অপেক্ষাৰত টিজাৰ মুক্তি পালে । দ্বিতীয় খণ্ডৰ টিজাৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা অনুৰাগীসকলে এতিয়া টিজাৰটো অনলাইনত চাব পাৰিব ।
ধুৰন্ধৰঃ দ্য ৰিভেঞ্জৰ টিজাৰ মুকলি-
ধুৰন্ধৰ থিয়েটাৰত মুক্তি পোৱাৰ ৬০ দিনৰ পাছত ২০২৬ চনৰ ৩ ফেব্ৰুৱাৰীত, নিশা ১২:১২ বজাত ধুৰন্ধৰ ২ ৰ প্ৰথমটো টিজাৰ মুকলি কৰি অনুৰাগীক আনন্দিত কৰে ছবিখনৰ নিৰ্মাতাই । ইউটিউবৰ লগলাইনত লিখা আছে, “ধুৰন্ধৰ : দ্য ৰিভেঞ্জ ২০২৬ চনৰ ১৯ মাৰ্চত বিশ্বজুৰি চিনেমা হলত হিন্দী, তেলেগু, তামিল, কানাড়া আৰু মালয়ালম ভাষাত মুক্তি পাব ।”
ছবিগৃহত কেতিয়া মুক্তি পাব ধুৰন্ধৰ ২ ?
ধুৰন্ধৰ ২, ২০২৬ চনৰ ১৯ মাৰ্চ বৃহস্পতিবাৰে চিনেমাগৃহত মুক্তি পোৱাৰ কথা আছে । দক্ষিণৰ চুপাৰষ্টাৰ য়শৰ কানাড়া একচন থ্ৰিলাৰ টক্সিকৰ সৈতে সংঘৰ্ষ হ’ব দ্য ৰিভেঞ্জৰ । দুয়োখন ছবিক লৈ অনুৰাগীসকল অত্যন্ত উৎসাহিত ।
লগতে পঢ়ক : অ’টিটি প্লেটফৰ্মত মুক্তি পালে ৰণবীৰ সিঙৰ ব্লকবাষ্টাৰ ছবি ‘ধুৰন্ধৰ’









