অ’টিটিত কেতিয়া আহিব ৰণবীৰ সিঙৰ ‘ধূৰন্ধৰ ২’? অনুৰাগীৰ বাবে ডাঙৰ খবৰ!

অ’টিটিত কেতিয়া আহিব ৰণবীৰ সিঙৰ ‘ধূৰন্ধৰ ২’? অনুৰাগীৰ বাবে ডাঙৰ খবৰ!

এইবাৰ ডিজিটেল প্লেটফৰ্মলৈ সাজু হৈছে ৰণবীৰ সিঙৰ শেহতীয়া স্পাই থ্ৰিলাৰ ব্লকবাষ্টাৰ ধূৰন্ধৰ ২ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰাৰ পিছত এইবাৰ ডিজিটেল প্লেটফৰ্মলৈ সাজু হৈছে ৰণবীৰ সিঙৰ শেহতীয়া স্পাই থ্ৰিলাৰ ব্লকবাষ্টাৰ ‘ধূৰন্ধৰ ২’ (Dhurandhar: The Revenge) । ২০২৬ চনৰ মাৰ্চ মাহত চিনেমাগৃহত মুক্তি পোৱাৰ পৰা বৰ্তমানলৈকে

এইবাৰ ডিজিটেল প্লেটফৰ্মলৈ সাজু হৈছে ৰণবীৰ সিঙৰ শেহতীয়া স্পাই থ্ৰিলাৰ ব্লকবাষ্টাৰ ধূৰন্ধৰ ২

বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰাৰ পিছত এইবাৰ ডিজিটেল প্লেটফৰ্মলৈ সাজু হৈছে ৰণবীৰ সিঙৰ শেহতীয়া স্পাই থ্ৰিলাৰ ব্লকবাষ্টাৰ ‘ধূৰন্ধৰ ২’ (Dhurandhar: The Revenge) । ২০২৬ চনৰ মাৰ্চ মাহত চিনেমাগৃহত মুক্তি পোৱাৰ পৰা বৰ্তমানলৈকে ছবিখনে সমগ্ৰ বিশ্বতে ১,৭৯১.৫৫ কোটি টকাৰো অধিক ব্যৱসায় কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

কেতিয়া আৰু ক’ত চাব পাৰিব ?

নেটফ্লিক্সৰ অফিচিয়েল তথ্য অনুসৰি, অহা ১৪ মে’, ২০২৬ তাৰিখে ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভ কৰিব । অৱশ্যে টাইম জ’নৰ পাৰ্থক্যৰ বাবে কিছুমান দেশত ই ১৫ মে’ৰ পৰাহে উপলব্ধ হ’ব । মন কৰিবলগীয়া যে ভাৰতীয় দৰ্শকৰ বাবে এই ছবিখন এতিয়াই নেটফ্লিক্সত উপলব্ধ নহয় ।

ভাৰতীয় দৰ্শকৰ বাবে বিশেষ খবৰ-

বিভিন্ন সংবাদ মাধ্যমৰ ৰিপৰ্ট অনুসৰি, ভাৰতত ‘ধূৰন্ধৰ ২’ সম্ভৱত ‘জিঅ’হটষ্টাৰ’ত মুক্তি পাব । যদিও নিৰ্মাতাসকলে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই, ছবিখনৰ চিনেমাগৃহত আঠ সপ্তাহ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ১৪ মে’ত ইয়াৰ অ’টিটি মুক্তিৰ সম্ভাৱনা প্রবল । শেহতীয়াকৈ এক আইনী গোচৰৰ শুনানিৰ সময়তো ইংগিত পোৱা গৈছে যে মে’ মাহৰ মাজভাগৰ আগত ছবিখন অ’টিটিত উপলব্ধ নহ’ব ।

অ’টিটি সংস্কৰণৰ বিশেষত্ব-

চিনেমাগৃহতকৈ অ’টিটিত ছবিখন অধিক দীঘলীয়া হ’ব । প্ৰায় ৩ ঘণ্টা ৫২ মিনিট দৈৰ্ঘ্যৰ এই সংস্কৰণটোত কিছুমান অতিৰিক্ত দৃশ্য, অপ্ৰকাশিত ফুটেজ আৰু চেঞ্চৰ নকৰা সংলাপো অন্তৰ্ভুক্ত থাকিব বুলি জানিব পৰা গৈছে ।

বিবাদ আৰু সফলতা-

আদিত্য ধৰৰ নিৰ্দেশনাত নিৰ্মিত এই ছবিখনত ৰণবীৰ সিঙৰ উপৰিও চাৰা অৰ্জুন, অৰ্জুন ৰামপাল, আৰ মাধৱন আৰু সঞ্জয় দত্তৰ দৰে তাৰকাই অভিনয় কৰিছে । অৱশ্যে ছবিখনৰ ক্লাইমেক্সত পুৰণি জনপ্ৰিয় গীত ‘তিৰছি টোপিৱালে’ৰ ৰিমিক্স ব্যৱহাৰ কৰাক লৈ মূল পৰিচালক ৰাজীৱ ৰায়ৰ সৈতে এক আইনী বিবাদৰো সৃষ্টি হৈছিল । সকলো বাধা নেওচি ছবিখনে বৰ্তমানলৈকে ভাৰতীয় বজাৰৰ পৰা ১,৩ ৬৫.২০ কোটি টকা সংগ্ৰহ কৰি এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে ।

লগতে পঢ়ক : পতি,পত্নী ঔৰ ৱহ দ্বিতীয়ৰ ওপৰত প্ৰৱঞ্চনা প্ৰচাৰৰ অভিযোগ; আয়ুষ্মান খুৰানাৰ স্পষ্টিকৰণ