জাপানটো ধুমুহা সৃষ্টি কৰিবলৈ সাজু ৰণবীৰ সিং; শীঘ্ৰেই জাপানৰ ছবিগৃহত মুক্তি পাব 'ধুৰন্ধৰ'

জাপানটো ধুমুহা সৃষ্টি কৰিবলৈ সাজু ৰণবীৰ সিং; শীঘ্ৰেই জাপানৰ ছবিগৃহত মুক্তি পাব ধুৰন্ধৰ

সমগ্ৰ বিশ্বজুৰি খলকনি তুলাৰ পিছত,আদিত্য ধৰৰ ছবি ধুৰন্ধৰ এতিয়া জাপানৰ বক্স অফিচত মুক্তি পাবলৈ সাজু হৈছে। শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতা আদিত্য ধৰে বলীউডক এখন সৰ্ববৃহৎ ছবি ধুৰন্ধৰ উপহাৰ দিয়ে।এই ছবিখনে কেৱল ভাৰতীয় বক্স অফিচতে নহয়, বিশ্বজুৰিও ব্যাপক উপাৰ্জন কৰিছিল।এতিয়া ৰণবীৰে জাপানকো ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে।

সমগ্ৰ বিশ্বজুৰি খলকনি তুলাৰ পিছত,আদিত্য ধৰৰ ছবি ধুৰন্ধৰ এতিয়া জাপানৰ বক্স অফিচত মুক্তি পাবলৈ সাজু হৈছে।

শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতা আদিত্য ধৰে বলীউডক এখন সৰ্ববৃহৎ ছবি ধুৰন্ধৰ উপহাৰ দিয়ে।এই ছবিখনে কেৱল ভাৰতীয় বক্স অফিচতে নহয়, বিশ্বজুৰিও ব্যাপক উপাৰ্জন কৰিছিল।এতিয়া ৰণবীৰে জাপানকো ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে।

দৰাচলতে শীঘ্ৰে জাপানত মুক্তি পাব ধুৰন্ধৰৰ প্ৰথম পৰ্যায়। জাপানত ছবিখনৰ এটা টিজাৰ আৰু পোষ্টাৰ মুকলি কৰা হৈছে। অহা ১০ জুলাইত জাপানত মুক্তি পাব ‘ধুৰন্ধৰ’।ভাৰতীয় ছবিৰ তাত এতিয়ালৈকে উল্লেখযোগ্যভাৱে আকৰ্ষণীয় ট্ৰেক ৰেকৰ্ড আছে।

বলীউডৰ ছবি হিচাপে জাপানত এতিয়া লৈকে আমিৰ খানৰ ‘৩ ইডিয়টছ’ আৰু শ্বাহৰুখ খানৰ পাঠানক যথেষ্ট ভাল সঁহাৰি দিছিল। আনহাতে শ্ৰীদেৱীৰ ছবি ইংলিছ-ৱিংলিছ ছবিখনো বহুটো ছবিগৃহত প্ৰদৰ্শিত হৈছিল।জাপানত ধুৰন্ধৰৰ মুক্তিক লৈ এতিয়া আশাবাদী আদিত্য ধৰ।

লগতে পঢ়ক: যশৰ অনুৰাগীৰ বাবে বেয়া খবৰ; পুনৰ পিছুৱাই দিয়া হ’ল ‘টক্সিক’ ৰ মুক্তিৰ তাৰিখ