প্ৰাক্তন মিছ পুডুচেৰী ছান ৰেচলৰ আত্মহত্যা
প্ৰাক্তন মিছ পুডুচেৰী আৰু বিখ্যাত মডেল ছান ৰেচল আৰু আমাৰ মাজত নাই। জানিব পৰা মতে ২৫ বছৰীয়া মডেল গৰাকীয়ে আত্মহত্যা কৰিছে। জিপমেৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ছান ৰেচেলে।
তেওঁৰ মৃত্যুৰ খবৰে উদ্যোগটোত শোকৰ পৰিবেশৰ সৃষ্টি কৰিছে।আৰক্ষীয়ে তেওঁৰ পৰা এখন চিঠিও পাইছে, য’ত তেওঁ লিখিছে যে তেওঁৰ মৃত্যুৰ বাবে কোনোৱেই দায়ী নহয়।
২০২১ চনত ছানে মিছ পুডুচেৰী খিতাপ দখল কৰিছিল।ছানৰ প্ৰকৃত নাম আছিল শংকৰ প্ৰিয়া।তেওঁ শৈশৱতে মাতৃক হেৰুৱাইছিল। মাকৰ মৃত্যুৰ পিছত দেউতাকে ছানৰ যত্ন লৈছিল।দেউতাকে ছানক মডেলিং কৰিবলৈ প্ৰেৰণা দিছিল।
কিন্তু ছানে তেওঁৰ ক’লা ৰঙৰ বাবে মডেলিং কেৰিয়াৰত বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।কিন্তু সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি ছানে ২০১৯ চনত ‘মিছ ডাৰ্ক কুইন তামিলনাডু’ আৰু ২০২১ চনত ‘মিছ পুডুচেৰী’ খিতাপ লাভ কৰে।
আৰক্ষীয়ে জনোৱা মতে, অপৰিসীম আৰ্থিক আৰু ব্যক্তিগত হেঁচাত তেওঁ হয়তো এই চৰম পদক্ষেপ গ্ৰহণ কৰিছিল।বিষয়াসকলে জনোৱা মতে, ছানে যোৱা কেইমাহমানত নিজৰ কেৰিয়াৰৰ ধন সংগ্ৰহৰ বাবে নিজৰ গহনা বিক্ৰী কৰিছিল।
তেওঁ দেউতাকৰ পৰা সহায় আশা কৰিছিল যদিও ভায়েকৰ যত্ন ল’বলগীয়া হোৱাৰ বাবে দেউতাকে সহায় কৰিব নোৱাৰিব বুলি কয়।
আৰক্ষীয়ে এখন টোকা বিচাৰি পাইছে য’ত লিখা আছে যে তেওঁৰ মৃত্যুৰ বাবে কোনোৱেই দায়ী নহয়।অৱশ্যে এনে পদক্ষেপ লোৱাৰ বাবে কোনো বৈবাহিক সমস্যা আছিল নেকি সেইটো জানিবলৈ আৰক্ষীয়ে তদন্তৰ নিৰ্দেশ দিছে।
জানিব পৰা মতে ৫ জুলাইত ছানে অতিমাত্ৰা টোপনিৰ ঔষধ সেৱন কৰিছিল, তাৰ পিছত দেউতাকে তেওঁক পুডুচেৰী চৰকাৰী চিকিৎসালয়লৈ লৈ গৈছিল।
প্ৰথমে তেওঁক চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত তেওঁক ব্যক্তিগত চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হয়।আৰু তাতেই ছান ৰেচলে শেষ নিশ্বাস ত্যাগ কৰে।
লগতে পঢ়ক: সিদ্ধাৰ্থ-জাহ্নৱী অনুৰাগীৰ বাবে বেয়া খবৰ; পিছুৱাই দিয়া হ’ল ‘পৰম সুন্দৰী’ৰ মুক্তিৰ তাৰিখ









